ETV Bharat / bharat

পাটনাৰ পাল হোটেলত বৃহৎ অগ্নিকাণ্ড, মৃত্যু ৮ জনৰ - Patna fire incident

author img

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 8:38 AM IST

FIRE IN PATNA : বৃহস্পতিবাৰে পুৱা প্ৰায় ১১ বজাত পাটনা ষ্টেচনৰ সমীপৰ পাল হোটেলত সংঘটিত হয় এক বৃহৎ অগ্নিকাণ্ডৰ ঘটনা । এই অগ্নিকাণ্ডত বৰ্তমানলৈ ৮ জন লোকৰ মৃত্যু হৈছে ৷

পাটনাৰ পাল হোটেলত বৃহৎ অগ্নিকাণ্ড, মৃত্যু ৮ জনৰ

নেশ্যনেল ডেস্ক, ২৬ এপ্ৰিল : বৃহস্পতিবাৰে পুৱা ১১ বজাত পাটনা জংচনৰ সমীপৰ এখন হোটেলত সংঘটিত হোৱা এক বৃহৎ অগ্নিকাণ্ডৰ ঘটনা ৷ এই অগ্নিকাণ্ডত ৮ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । খবৰ অনুসৰি, চিকিৎসালয়ত চিকিৎসাৰ সময়ত আৰু দুজন গুৰুতৰভাৱে আহত লোকৰ মৃত্যু হয় ।

FIRE IN PATNA
পাটনাৰ পাল হোটেলৰ অগ্নিকাণ্ডত মৃত্যু ৮ জনৰ

মুঠ ৪৫ জন লোকক উদ্ধাৰ কৰা হয় । প্ৰায় ৪-৫ ঘন্টাৰ অন্তত অগ্নিনিৰ্বাপক বাহিনীৰ দলে এই জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় । সমগ্ৰ বিষয়টোৰ তদন্তত ইতিমধ্য়ে আৰম্ভ কৰিছে এফ এছ এলৰ দল আৰু এন ডি আৰ এফৰ দলে ।

পাটনা অগ্নিকাণ্ডত ৮ জন লোকৰ মৃত্যু :

বিহাৰৰ ৰাজধানী পাটনা ষ্টেচনৰ সমীপত অৱস্থিত গোলাম্বৰ অঞ্চলৰ এই ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে । অগ্নিনিৰ্বাপক বাহিনীৰ এগৰাকী বিষয়াই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত কয় যে ৰান্ধি থকা অৱস্থাতে চিলিণ্ডাৰত জুই লাগে । নিমিষতে এই জুইয়ে সমগ্ৰ হোটেলখন ছানি ধৰে ৷ যদিহে হোটেলখনত জুই নুমোৱাৰ সাধাৰণ ব্যৱস্থাও থাকিল হয়, তেন্তে এই জুই বিয়পি নপৰিলহেঁতেন বুলিও তেওঁ কয় ৷

FIRE IN PATNA
পাল হোটেলত অগ্নিকাণ্ড

অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াগৰাকীয়ে আৰু কয় যে প্ৰতিদিনে সকলো হোটেল কৰ্তৃপক্ষকে অগ্নিনিৰ্বাপক বাহিনীৰ সুৰক্ষা সম্পৰ্কে নিৰ্দেশনা দিয়া হয় ৷ কিন্তু তেওঁলোকে ইয়াৰ প্ৰতি গুৰুত্ব নিদিয়ে । যাৰ ফলতে পাটনাত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডটো ৷

অনুমান কৰা হৈছে যে এই অগ্নিকাণ্ডৰ ঘটনাত ১১ ৰ পৰা ১২ কোটি টকাৰ লোকচান হৈছে । যদিও বাতৰি লিখা পৰ্যন্ত এই কথা নিশ্চিত হোৱা নাই ।

FIRE IN PATNA
পাটনাৰ পাল হোটেলত বৃহৎ অগ্নিকাণ্ড

মৃতকক চিনাক্ত :

এই অগ্নিকাণ্ডৰ কিছু সময়ৰ পাচতে চহৰখনৰ আৰক্ষী অধীক্ষক চন্দ্ৰ প্ৰকাশে কয় যে এই অগ্নিকাণ্ডত বৰ্তমানলৈ ছয়জন লোকৰ মৃত্যু হৈছে । অৱশ্যে সেই লোকসকলক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই । মৃতদেহ চিনাক্তকৰণত ব্যস্ত হৈ আছে আৰক্ষী । প্ৰায় ২০ জন লোক আহত হোৱাৰ লগতে দুজন লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । সকলোকে উদ্ধাৰ কৰি পিএমচিএইচত ভৰ্তি কৰা হৈছে ।

কেইবা ঘণ্টাৰ পাচত নিয়ন্ত্ৰিত হয় জুই :

পাটনাৰ পাল হোটেলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ কিছু সময়ৰ ভিতৰতে এক বৃহৎ জনসমাগম ঘটে উক্ত স্থানত ৷ ৫০ খনতকৈও অধিক অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী এই জুই নিৰ্বাপন কৰিবলৈ নিয়োগ কৰা হয় ৷ বহু প্ৰচেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণলৈ আহে ৷

৮ জন লোকৰ মৃত্যুৰ বাবে দোষী কোন :

এই অগ্নিকাণ্ডৰ ঘটনাত প্ৰায় ৪৫ জন লোকক উদ্ধাৰ কৰি বাহিৰলৈ স্থানান্তৰ কৰা হৈছে । এই ঘটনাত প্ৰায় ২০ জন লোক আহত হোৱাৰ লগতে ৩ জন পুৰুষ আৰু তিনিগৰাকী মহিলাকে ধৰি মুঠ ৮ জন লোকৰ মৃত্যু হয় । গুৰুতৰভাৱে আহত দুজন লোকক পিএমচিএইচত চিকিৎসাধীন হৈ থকা অৱস্থাতে মৃত্যু ঘটে ৷

FIRE IN PATNA
পাটনাত অগ্নিকাণ্ড

অগ্নি সুৰক্ষাৰ (Fire safety) মানদণ্ড কি ? :

অগ্নি সুৰক্ষাৰ মানদণ্ডৰ অধীনত কিছুমান বিশেষ কথা মনত ৰাখিব লাগে । হোটেল কিম্বা বাণিজ্যিক প্ৰতিষ্ঠানত অগ্নিনিৰ্বাপক সঁজুলি মজুত হ’ব লাগে ৷ অগ্নিনিৰ্বাপক বাহিনীৰ পৰাও NOC ল’ব লাগে । অট্টালিকাত স্ম’ক ডিটেক্টৰ যন্ত্ৰ (smoke detector) স্থাপন কৰাটো অতি প্ৰয়োজনীয়, যাতে বিপদৰ সময়ত এলাৰ্ম বজাই সকলোকে সতৰ্ক কৰি দিব পাৰে ।

ডাঙৰ অট্টালিকাত পৃষ্ঠভাগ তিয়াই পেলাবলৈ শ্বাৱাৰ আৰু স্প্ৰিংকলাৰ থাকিব লাগে । প্ৰতিটো মহলাত দুটাকৈ অগ্নিনিৰ্বাপক যন্ত্ৰ থাকিব লাগে । চিৰিৰ প্ৰস্থ ৪.৫ ফুট হ’ব লাগে । এই সকলোবোৰ কথা সময়ে সময়ে পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ ।

লগতে পঢ়ক : পৰীক্ষাত ফেইল : ৭ গৰাকী শিক্ষাৰ্থীৰ আত্মহত্যা - Students suicide

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.