ETV Bharat / bharat

মণিপুৰত আজি ভোটগ্ৰহণ: উখৰুলত ড্ৰ’নৰ জড়িয়তে পৰিবেশ নিৰীক্ষণ আৰক্ষীৰ - Lok Sabha election 2024

author img

By ANI

Published : Apr 26, 2024, 8:25 AM IST

2nd phase of LS Election : লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে নিৰাপত্তা বেষ্টনী কটকটীয়া কৰি তোলা হৈছে মণিপুৰৰ উখৰুল জিলাত ৷ মণিপুৰ আৰক্ষীয়ে ড্ৰ’নৰ যোগেদি সমগ্ৰ পৰিস্থিতি নিৰীক্ষণত ৰাখিছে ৷

Manipur: Police use drones for surveillance in Ukhrul district for second phase of LS polls
কাৰ সপক্ষে ভোট দিব উখৰুল লোকসভা সমষ্টিবাসীয়ে ?

নেশ্যনেল ডেস্ক, 26 এপ্ৰিল: শুকুৰবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হয় অশান্ত জৰ্জৰ মণিপুৰতো ৷ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে উখৰুল জিলাত চোৰাংচোৱাগিৰিৰ বাবে ড্ৰ’ন ব্যৱহাৰ কৰিছে ।

উখৰুল লোকসভা সমষ্টিৰ আভা বজাৰৰ অধ্যক্ষই আজিৰ ভোটগ্ৰহণ সন্দৰ্ভত কয়, "এই বজাৰখনত 130 গৰাকী সদস্য আছে । সকলো মহিলা । আমি ইতিমধ্যে সিদ্ধান্ত লৈছো কাক ভোট দিম । ভোট দিয়াৰ অধিকাৰ আমাৰ আছে আৰু আমি বুজি পাইছো কাক ভোট দিব লাগে । আমি বাছি লোৱা ব্যক্তিজনক ভোট দিবলৈ আমি সাজু ৷ "

জিলাখনৰ আন এগৰাকী ভোটাৰে মুক্ত আৰু নিকা নিৰ্বাচনৰ পোষকতা কৰি কয়, "মোৰ ভোট মোৰ পচন্দ । আমি বিশ্বাস কৰো যে মুক্ত আৰু নিকা নিৰ্বাচন হ'ব লাগে । ভোটদানত আমি সকলোৱে অংশগ্ৰহণ কৰিম ।"

মণিপুৰৰ উখৰুল জিলাৰ ‘আভা মাৰ্কেট’ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত । উখৰুল লোকসভা সমষ্টিটোত কংগ্ৰেছৰ আলফ্ৰেড কে আৰ্থাৰৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব নগা পিপ’লছ ফ্ৰণ্টৰ কাচুই টিমথি জিমিকে ।

ইয়াৰ পূৰ্বে 19 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত একাধিক হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছত 22 এপ্ৰিলত মণিপুৰ সমষ্টিৰ 11 টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল । দুষ্কৃতিকাৰীয়ে গুলীচালনা কৰাৰ উপৰিও ই ভি এম পৰ্যন্ত ধ্বংস কৰিছিল বুলি সূত্ৰই জানিবলৈ দিয়ে ।

ক্ষতিগ্ৰস্ত ভোটকেন্দ্ৰসমূহৰ ভিতৰত দুটা খুৰাই বিধানসভা সমষ্টি, চাৰিটা ক্ষেত্ৰীগাঁও, এটা থংজু, তিনিটা উৰিপক আৰু এটা কনথৌজাম সমষ্টিৰ অন্তৰ্গত । বৰ্তমান আউটাৰ মণিপুৰ সমষ্টিটো নগা পিপ’ল ফ্ৰণ্টৰ লৰ্হো ফ’জেৰ দখলত আছে ।

এইবাৰ অৱশ্যে বিজেপি নেতৃত্বাধীন এন ডি এৰ অংশীদাৰ হিচাপে নিৰ্বাচনত নামিছে এন পি এফ । ইয়াৰ পূৰ্বে বিজেপিয়ে আউটাৰ মণিপুৰৰ এন পি এফৰ প্ৰাৰ্থী কচুই টিমথি জিমিকক সমৰ্থন জনোৱাৰ কথা ঘোষণা কৰিছিল ।

INDIA ব্লকৰ যুটীয়া বিৰোধী প্ৰাৰ্থী কংগ্ৰেছ বিধায়ক আলফ্ৰেড কে আৰ্থাৰৰ বিৰুদ্ধে জিমিকে নিৰ্বাচনত অৱতীৰ্ণ হৈছে ।

19 এপ্ৰিলৰ দিনা মণিপুৰত ভোটাৰৰ সংখ্যা 69 শতাংশতকৈও অধিক আছিল ।

আউটাৰ মণিপুৰৰ বাকী 13 টা সমষ্টিৰ বাবে দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । 4 জুনত হ’ব ভোটগণনা ।

লগতে পঢ়ক: দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাকক্ষণত মণিপুৰত বোমা বিস্ফোৰণ - Lok sabha Election in manipur

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.