ETV Bharat / bharat

নীতিশ কুমাৰ আঁতৰিলেও I.N.D.I.A.ৰ ক্ষতি নহয় : মমতা বেনাৰ্জী

author img

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 9:24 PM IST

Updated : Jan 26, 2024, 9:41 PM IST

Mamata Banerjee: বিহাৰৰ ৰাজনীতিয়ে ব্যাপক তোলপাৰ লগাইছে ৰাজনৈতিক মহলত ৷ ইয়াৰ পিচতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ পঢ়ক সবিশেষ...

Mamata Banerjee
নীতিশ কুমাৰ আঁতৰিলেও I.N.D.I.A.ৰ ক্ষতি নহয় : মমতা বেনাৰ্জী

নেশ্যনেল ডেস্ক, 26 জানুৱাৰী : বিহাৰৰ ৰাজনীতিত জংক-পংক ৷ বিহাৰত এতিয়া চৰকাৰ পতনৰ পথত ৷ নীতিশ কুমাৰৰ জনতা দল ইউনাইটেড আৰু লালু প্ৰসাদ যাদৱৰ ৰাষ্ট্ৰীয় জনতা দলৰ মিত্ৰতাৰে বিহাৰত চলি থকা চৰকাৰৰ পতন ঘটাই নীতিশৰ কাষ চাপি আহিব খুজিছে বিজেপি ৷ ইয়াৰ পিচতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, যদি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে দলৰ পৰা আঁতৰি বিজেপিৰ সৈতে হাত মিলায়, তেন্তে ই বিৰোধী মিত্ৰজোঁট I.N.D.I.A. ৰ ক্ষতি নকৰে ।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শুকুৰবাৰে ৰাজভৱনত আয়োজন কৰা গণৰাজ্য দিৱসৰ অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য প্ৰকাশ কৰে ৷ সূত্ৰ অনুসৰি, মমতা বেনাৰ্জীয়ে মত প্ৰকাশ কৰে যে, যদি নীতিশ কুমাৰে বিজেপিৰ সৈতে হাত মিলায়, তেন্তে I.N.D.I.A ৰ ক্ষতি নহ'ব । মমতা বেনাৰ্জীয়ে লগতে কয় যে, নীতিশৰ অনুপস্থিতিত তেজস্বী যাদৱৰ আৰজেডিয়ে ভালকৈ প্ৰদৰ্শন কৰিব । নীতিশ কুমাৰে ক্ৰমান্বয়ে জনসাধাৰণৰ সমৰ্থন হেৰুৱাই পেলাইছে । এইক্ষেত্ৰত, নীতিশৰ এন ডি এত যোগদান কৰিলে I.N.D.I.A ৰ বাবেহে ভালহে হ’ব ৷

বিগত বৰ্ষৰ এপ্ৰিলত নীতিশ কুমাৰে উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ সৈতে নাবান্নত মমতা বেনাৰ্জীক সাক্ষাৎ কৰিবলৈ আহিছিল ৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰীয়ে তেতিয়া বিজেপিবিৰোধী দলসমূহক একত্ৰিত কৰিবলৈ আহ্বান জনাইছিল । ইয়াৰ এমাহৰ পিচত, মিত্ৰজোঁটৰ দ্বিতীয় বৈঠক বেংগালুৰুত অনুষ্ঠিত হয় ৷ ইয়াতে এই মিত্ৰজোঁটৰ নাম I.N.D.I.A. হ’ব বুলি সিদ্ধান্ত লোৱাৰ লগতে ল’গ’টো উন্মোচন কৰা হয় ৷

ইফালে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বুধবাৰে আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে নিজাববীয়াকৈ প্ৰতিদ্বন্দিতা কৰিব।

লগতে পঢ়ক: বিহাৰত ৰাজনৈতিক ধুমুহা; নীতিবাগীশ নীতিশক আদৰিবলৈ মালা গাঁঠিছে বিজেপিয়ে

Last Updated : Jan 26, 2024, 9:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.