ETV Bharat / bharat

জাতীয় নায়কখ্যাত নেতাজীৰ 128 তম জন্ম জয়ন্তীত কেন্দ্ৰক ককৰ্থনা মমতাৰ

author img

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 6:19 PM IST

Mamata Benarjee: যদি আমি সঁচাকৈয়ে অনুসৰণ কৰা কোনোবা আছে, সেয়া হৈছে নেতাজী সুভাষ চন্দ্ৰ বসু। এইটো দেশৰ বাবে দুৰ্ভাগ্যজনক যে সমগ্ৰ দেশক দিশ দেখুওৱা মানুহজন এতিয়া পহৰণিৰ গৰ্ভত । - মমতা বেনাৰ্জী

national hero's 128th birth anniversary
জাতীয় নায়কখ্যাত নেতাজীৰ 128 তম জন্ম জয়ন্তীত কেন্দ্ৰক ককৰ্থনা মমতাৰ

নেশ্যনেল ডেস্ক, 23 জানুৱাৰী : আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ 128 সংখ্যক জন্ম জয়ন্তী ৷ দেশজুৰি উদযাপন কৰা হৈছে জন্ম জয়ন্তী ৷ নেতাজীৰ জন্ম জয়ন্তীৰ উপলক্ষে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কেন্দ্ৰীয় চৰকাৰক কটু ভাষাৰে সমালোচনা কৰি কয়, "যদি আমি সঁচাকৈয়ে অনুসৰণ কৰা কোনোবা আছে, সেয়া হৈছে নেতাজী সুভাষ চন্দ্ৰ বসু। এইটো দেশৰ বাবে দুৰ্ভাগ্যজনক যে সমগ্ৰ দেশক দিশ দেখুওৱা মানুহজন এতিয়া পহৰণিৰ গৰ্ভত ।"

মুখ্যমন্ত্ৰীগৰাকীয়ে সুভাষ চন্দ্ৰ বসুৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা মনত পেলাই X ত পোষ্ট কৰিছিল যে, "নেতাজী সুভাষ চন্দ্ৰ বসুৰ 127 তম জন্ম জয়ন্তী উদযাপন কৰাৰ দিনটোত মোৰ হৃদয় এজন প্ৰকৃত নায়কৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধা আৰু প্ৰশংসাৰে গদগদ হৈ উঠিছে ৷ তেওঁ মোৰ বাবে প্ৰেৰণাৰ এক চিৰস্থায়ী উৎস ৷ মাতৃভূমিৰ প্ৰতি থকা তেওঁৰ সাহস, দৃষ্টিশক্তি আৰু মৰমে আমাৰ ভিতৰৰ আবেগ জগাই তুলিছে ৷ সময় অতিবাহিত হোৱাৰ পিচতো নেতাজীয়ে আজিও প্ৰতিগৰাকী ভাৰতীয়ৰ হৃদস্পন্দনত জীয়াই আছে । আজি আমি তেওঁৰ যাত্ৰাৰ সৈতে সংযোগ হওঁ আহক আৰু তেওঁৰ ত্যাগক অনুভৱ কৰো হওঁক। আহক আমাৰ দৃষ্টিভংগী আৰু উত্তৰাধিকাৰীসকলক আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতি লওঁ ৷"

নেতাজী নিৰুদ্দেশ হোৱাৰ ৰহস্য ফাদিল নকৰাৰ বাবে মুখ্যমন্ত্ৰীযগৰাকীয়ে কেন্দ্ৰক ককৰ্থনা কৰি কয়, "আমাৰ চৰকাৰে নেতাজী সম্পৰ্কীয় 64 টা ফাইল মুকলি কৰিছে। ক্ষমতালৈ অহাৰ পূৰ্বে, 'আপুনি কৈছিল যে, নেতাজীৰ মৃত্যুৰ ৰহস্য উন্মোচন কৰা হ'ব । তেতিয়া সকলোবোৰ কৰা হৈছিল, কিন্তু পৰৱৰ্তী সময়ত নেতাজীক পাহৰি যোৱা হ’ল ।"

নীতি আয়োগ সন্দৰ্ভত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে কয় যে, যিসকলৰ নীতি নাই তেওঁলোকৰ আয়োগ থাকিব নোৱাৰে । এটা মমৰ পুতলাই মমৰ দৰে মাথো ডিঙি লৰাইছে ৷ মন কি বাতত মানুহৰ কথা নুশুনে ৷ শক্তিহীন মমৰ পুতলাৰ দৰে বহি আছে সকলো ৷

মমতা বেনাৰ্জীয়ে অনুশোচনা কৰি কয় যে, "মোৰ এটা অনুশোচনা আছে, প্ৰায় 20 বছৰ যুঁজ দিয়া স্বত্বেও, মই তেওঁলোকক নেতাজীৰ জন্মদিনক ৰাষ্ট্ৰীয় বন্ধ হিচাপে ঘোষণা কৰিবল সৈমান কৰিব নোৱাৰিলো । মই দুঃখিত, মই লজ্জিত। যিসকলে দেশৰ বাবে প্ৰাণ দিছে তেওঁলোকক কান্দিবলৈ বাধ্য কৰোৱা হৈছে ৷"

লগতে পঢ়ক: 5 বছৰ পিছত ভাৰতৰ ন্যায় ব্যৱস্থা বিশ্বৰ আটাইতকৈ আধুনিক হ'ব: অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.