ETV Bharat / bharat

কোনো গৱেষণামূলক কামত অংশগ্ৰহণ নকৰে চীনা গৱেষণা জাহাজে

author img

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 12:59 PM IST

Maldives says Chinese ship will not engage in research work: চীনৰ জাহাজসমূহে দক্ষিণ ভাৰত মহাসাগৰৰ জলসীমালৈ বাৰে বাৰে ভ্ৰমণ কৰা সন্দৰ্ভত নতুন দিল্লীত অব্যাহত উদ্বেগ ৷ মালদ্বীপৰ বৈদেশিক মন্ত্ৰণালয়ে কয় যে, ফেব্ৰুৱাৰী মাহত মালেলৈ আহিবলগীয়া চীনৰ এখন গৱেষণা জাহাজে কোনো গৱেষণামূলক কাম নকৰে । ভাৰত আৰু মালদ্বীপৰ মাজত কূটনৈতিক সম্পৰ্ক চলি থকাৰ মাজতে এই কথা প্ৰকাশ পাইছে ৷

maldives-says-chinese-ship-will-not-engage-in-research-work

নেশ্যনেল ডেস্ক, 24 জানুৱাৰী: নতুন দিল্লী আৰু মালদ্বীপৰ মাজত কূটনৈতিক বিবাদ অব্যাহত ৷ উক্ত সময়তে মালদ্বীপ চৰকাৰে কয় যে ভাৰত মহাসাগৰীয় দ্বীপপুঞ্জ ৰাষ্ট্ৰখনৰ ফালে যোৱা চীনৰ এখন জাহাজে কোনো গৱেষণামূলক কাম নকৰে । ছান অনলাইন বাতৰি ৱেবছাইটটোৱে মালদ্বীপৰ বৈদেশিক মন্ত্ৰালয়ৰ উদ্ধৃতিৰে মঙলবাৰে এক বিবৃতিত কয়, "চীনে চীনৰ গৱেষণা জাহাজ ছিয়াং ইয়াং হং3 ফেব্ৰুৱাৰী মাহত মালেত বন্দৰ কল কৰিবলৈ প্ৰয়োজনীয় অনুমতিৰ বাবে কূটনৈতিক অনুৰোধ জনাইছে ৷”

মন্ত্ৰণালয়ৰ উদ্ধৃতিৰে সংবাদ সংস্থাটোৱে কয়, "মালদ্বীপৰ জলসীমাত থকাৰ সময়ত জাহাজখনে কোনো গৱেষণা নকৰে । এনে বন্দৰ কলৰ দ্বাৰা মালদ্বীপ আৰু ইয়াৰ অংশীদাৰ দেশসমূহৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধি কৰাই নহয়, মালদ্বীপৰ জনসাধাৰণে বন্ধুত্বপূৰ্ণ দেশৰ জাহাজ আদৰণি জনোৱাৰ শতিকা পুৰণি পৰম্পৰাও প্ৰদৰ্শন কৰে ।"

মুক্ত উৎসৰ চোৰাংচোৱা গৱেষক ডেমিয়েন চাইমনে চীনৰ জাহাজখন মালেৰ ফালে গৈ থকাৰ বাতৰি দিয়াৰ পিছতে মন্ত্ৰণালয়ৰ এই বিবৃতি প্ৰকাশ পাইছে । XIANG YANG HONG 03 মালদ্বীপৰ মালেলৈ যোৱা চীনৰ সাগৰীয় গৱেষণা জাহাজখন এই অঞ্চলৰ বাবে কোনো অচিনাকি নহয়, 2019 আৰু 2020 চনত সাগৰীয় জৰীপ চলাওতে, জাহাজখনে IOR, Bay of Bengal & Arabian Sea ত দেখা গৈছে #India,” চাইমনে X যোগে জনায় ৷

ভাৰতে যোৱা মাহত মালদ্বীপ আৰু শ্ৰীলংকা দুয়োখন দেশতে দক্ষিণ ভাৰত মহাসাগৰৰ জলসীমাত ছিয়াং ইয়াং হং3 জাহাজ প্ৰৱেশৰ সন্দৰ্ভত ৰঙা পতাকা প্ৰদান কৰিছিল । শ্ৰীলংকাই ভাৰতৰ উদ্বেগক বিবেচনা কৰি সকলো বিদেশী গৱেষণা জাহাজৰ প্ৰৱেশৰ ওপৰত এবছৰৰ বাবে স্থগিত ৰখাৰ বিপৰীতে মালদ্বীপে আগবাঢ়ি গৈ জাহাজখনক নিজৰ জলসীমাত প্ৰৱেশৰ অনুমতি দিছে । ভাৰত চৰকাৰৰ হেঁচা আৰু জাহাজখন “চোৰাংচোৱা জাহাজ” বুলি বিভিন্ন মহলে উদ্বেগ প্ৰকাশ কৰাৰ পিছতো এই সিদ্ধান্ত লোৱা হৈছে । ইয়াৰ পূৰ্বে জাহাজখনে চলিত মাহৰ আৰম্ভণিতে শ্ৰীলংকাৰ জলসীমাত “গভীৰ পানীৰ অন্বেষণ” আৰম্ভ কৰাৰ কথা আছিল ।

উল্লেখযোগ্য যে, নতুন দিল্লীয়ে নিজৰ প্ৰভাৱৰ ক্ষেত্ৰখনত থকা বুলি গণ্য কৰা দক্ষিণ ভাৰত মহাসাগৰৰ জলসীমালৈ চীনৰ জাহাজে বাৰে বাৰে অহাৰ প্ৰতি ভাৰতে তীব্ৰ প্ৰতিবাদ কৰি আহিছে । 2023 চনত চীন সমৰ্থক মহম্মদ মুইজ্জু মালদ্বীপৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছৰে পৰা নতুন দিল্লী আৰু মালেৰ মাজত সম্পৰ্ক স্তব্ধ হৈ পৰিছে । তেওঁ ‘ইণ্ডিয়া আউট’ অভিযান চলাইছিল য’ত তেওঁ নিজৰ দেশত উপস্থিত থকা একাংশ ভাৰতীয় সামৰিক জোৱানক প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছিল । 100 জনতকৈও কম এই কৰ্মীসকল মূলতঃ ভাৰত মহাসাগৰীয় দ্বীপপুঞ্জ ৰাষ্ট্ৰখনৰ মানৱীয় সাহায্য আৰু দুৰ্যোগ সাহায্যৰ কামত জড়িত । কিন্তু কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত মুইজুৱে এই কৰ্মীসকলক প্ৰত্যাহাৰ কৰিবলৈ ভাৰতক আনুষ্ঠানিক অনুৰোধ জনায় ।

যদিও ভাৰত মালদ্বীপৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ হৈয়েই আছে, তথাপিও নতুন দিল্লীয়ে নিজৰ স্থিতিৰ ওপৰত আত্মতুষ্টি লাভ কৰিব নোৱাৰে আৰু মালদ্বীপৰ উন্নয়নৰ প্ৰতি গুৰুত্ব দিব লাগিব । দক্ষিণ এছিয়া আৰু ইয়াৰ আশে-পাশে থকা সামুদ্ৰিক সীমাত আঞ্চলিক নিৰাপত্তা সুনিশ্চিত কৰিবলৈ ভাৰত-প্ৰশান্ত মহাসাগৰীয় নিৰাপত্তা স্থানৰ ভিতৰত ভাৰতে মূল ভূমিকা পালন কৰিব লাগিব । ভাৰতৰ চুবুৰীয়া অঞ্চলত চীনৰ কৌশলগত পদাংক বৃদ্ধি পাইছে । দক্ষিণ এছিয়াত চীনৰ ‘ষ্ট্ৰিং অৱ পাৰ্লছ’ নিৰ্মাণত মালদ্বীপ এক গুৰুত্বপূৰ্ণ ‘মুকুতা’ হিচাপে আত্মপ্ৰকাশ কৰিছে ।

ইফালে এক আমোদজনক পৰিঘটনাত মালদ্বীপৰ স্থানীয় সংবাদ মাধ্যমত ছিয়াং ইয়াং হং 3য়ে গৱেষণামূলক কাম নকৰে বুলি খবৰ ওলোৱাৰ পিছত মালদ্বীপৰ বৈদেশিক মন্ত্ৰণালয়ে নিজৰ ৱেবছাইটটো বন্ধ কৰি দিয়ে ।

লগতে পঢ়ক: ভাৰত-মালদ্বীপৰ মাজৰ সম্পৰ্কৰ অৱনতিৰ বাবেই মৃত্যু ঘটিল 14 বছৰীয়া কিশোৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.