ETV Bharat / bharat

লক্ষদ্বীপকে ধৰি দেশৰ দ্বীপসমূহৰ উন্নয়নৰ পৰিকল্পনা চৰকাৰৰ

Union Budget 2024: কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ভাষণত দেশৰ দ্বীপসমূহৰ বন্দৰ সংযোগ, পৰ্যটন আন্তঃগাঁথনি আৰু অন্যান্য সুবিধাসমূহৰ বাবে আঁচনি ৰূপায়ণৰ প্ৰতিশ্ৰুতি দিয়ে । ৰাজ্যসমূহক বিত্তীয় যোগান ধৰাৰ বাবে দীৰ্ঘম্যাদী সুদ-মুক্ত ঋণ প্ৰদান কৰা হ'ব ।

Union Budget 2024
লক্ষদ্বীপকে ধৰি দেশৰ দ্বীপসমূহৰ উন্নয়নৰ পৰিকল্পনা চৰকাৰৰ
author img

By ETV Bharat Assamese Team

Published : February 1, 2024 at 8:00 PM IST

2 Min Read
Choose ETV Bharat

নেশ্যনেল ডেস্ক,১ ফেব্ৰুৱাৰী : কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বৃহস্পতিবাৰে লোকসভাত কয় যে ভাৰতে লক্ষদ্বীপকে ধৰি দ্বীপসমূহত ব্যাপক আন্তঃগাঁথনি উন্নয়ন আৰু বন্দৰ সংযোগ প্ৰকল্প নিৰ্মাণ কৰিব ।

নিম্ন সদনত ২০২৪ চনৰ অন্তৱৰ্তীকালীন বাজেট ভাষণ উপস্থাপন কৰাৰ সময়ত বিত্তমন্ত্ৰীয়ে কয় যে ঘৰুৱা পৰ্যটনৰ বাবে উদীয়মান উৎসাহৰ মোকাবিলা কৰিবলৈ লক্ষদ্বীপকে ধৰি দেশৰ দ্বীপসমূহত বন্দৰ যোগাযোগ, পৰ্যটন আন্তঃগাঁথনি আৰু সুবিধাৰ বাবে প্ৰকল্পসমূহ হাতত লোৱা হ'ব ।

তেওঁ লগতে কয় যে ৰাজ্যসমূহক বিশ্বব্যাপী ব্ৰেণ্ডিং আৰু বিপণনৰ বাবে আইকনিক পৰ্যটন কেন্দ্ৰ বিকশিত কৰিবলৈ উৎসাহিত কৰা হ'ব । বিত্তমন্ত্ৰীৰ বাজেট ভাষণত লক্ষদ্বীপৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে পৰ্যটনৰ উন্নয়নৰ কথা উল্লেখ কৰে । উল্লেখ্য যে যোৱা মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লক্ষদ্বীপ ভ্ৰমণক কেন্দ্ৰ কৰি ব্যাপক বিতৰ্কৰ সূত্ৰপাত হৈছিল । মালদ্বীপৰ একাংশ ৰাজনীতিবিদে প্ৰধানমন্ত্ৰীক লৈ বিতৰ্কিত মন্তব্য কৰাৰ পিচতে দেশজুৰি মালদ্বীপ বৰ্জনৰ ঢৌ উঠিছিল ।

ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে সুবিধা আৰু সেৱাৰ মানদণ্ডৰ ওপৰত নিৰ্ভৰ কৰি পৰ্যটন ক্ষেত্ৰৰ ৰেটিঙৰ বাবে এক পৰিকাঠামো স্থাপন কৰা হ'ব । বিত্তমন্ত্ৰীয়ে কয় যে এনে উন্নয়নৰ বাবে ৰাজ্যসমূহক সেই ৰেটিঙৰ ভিত্তিত বিত্তীয় যোগান ধৰাৰ বাবে দীৰ্ঘম্যাদী সুদ-মুক্ত ঋণ প্ৰদান কৰা হ'ব ।

বন্দৰ সংযোগ, পৰ্যটন আন্তঃগাঁথনি আৰু বিভিন্ন সুবিধাৰ বাবে আঁচনিসমূহ লোৱা হ'ব । ই নিযুক্তি সৃষ্টিত সহায় কৰিব বুলিও আশাবাদী মন্ত্ৰীগৰাকী । ৬০ টা স্থানত জি-২০ সন্মিলন আয়োজনৰ সফলতাই ভাৰতৰ বৈচিত্ৰ্যক বিশ্বব্যাপী দৰ্শকৰ ওচৰত উপস্থাপন কৰিছে । দেশৰ অৰ্থনৈতিক শক্তিয়ে দেশখনক ব্যৱসায় আৰু সন্মিলন পৰ্যটনৰ বাবে এক আকৰ্ষণীয় গন্তব্য স্থান কৰি তুলিছে বুলিও তেওঁ উল্লেখ কৰে ।

সীতাৰমণে লগতে কয় যে দেশৰ মধ্যবিত্ত শ্ৰেণীয়েও এতিয়া ভ্ৰমণ আৰু অন্বেষণ কৰিব বিচাৰে । বিত্ত মন্ত্ৰীগৰাকীৰ মতে তীৰ্থ ভ্ৰমণকে ধৰি পৰ্যটনৰ স্থানীয় উদ্যোগৰ বাবে যথেষ্ট সুযোগ আছে ।

লগতে পঢ়ক :'বিকশিত ভাৰত'ৰ পৰা 'নাৰী শক্তি'লৈ; অন্তৰ্ৱৰ্তীকালীন বাজেটত শীৰ্ষত কি কি