ETV Bharat / bharat

প্ৰিয় তাৰকায়ো কৰিলে ভোটদান, আপুনি সাব্যস্ত কৰিলেনে গণতান্ত্ৰিক অধিকাৰ ? - Lok Sabha Elections 2024

author img

By ETV Bharat Assamese Team

Published : May 13, 2024, 1:08 PM IST

Lok Sabha Elections 2024 :সোমবাৰে চলি থকা লোকসভা নিৰ্বাচনত অভিনেতা জুনিয়ৰ এন টি আৰ, আল্লু অৰ্জুন আৰু চিৰঞ্জীৱীয়ে ভোটদান কৰে । জুবিলি হীলছৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হোৱা দেখা গৈছে অভিনেতাসকল ।

Lok Sabha Elections 2024: Jr NTR, Allu Arjun Exercise Their Fundamental Rights
গণতান্ত্ৰিক অধিকাৰ (etv bharat)

চিটাৰা ডেস্ক, 13 মে’ : দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুন, চিৰঞ্জীৱী আৰু জুনিয়ৰ এন টি আৰৰ নখত লাগিল চিয়াঁহীৰ দাগ ৷ পুৱাৰে পৰা ভোট দিবলৈ প’লিং বুথত শাৰী পাতি থকা মানুহৰ মাজতে দেখা গ’ল তিনিও তাৰকাকে ৷ জুবিলি হীলছত ভোট দিয়া দেখা গ’ল দক্ষিণৰ তিনিও তাৰকাকে ৷ লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ত ভোটগ্ৰহণ ১৩ মে'ৰ পুৱা ৭ বজাত নখন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬ টা সংসদীয় সমষ্টিত আৰম্ভ হয় ।

জুনিয়ৰ এন টি আৰক পাতল নীলা ৰঙৰ ডেনিম চাৰ্টত ভোট দিবলৈ শাৰীত অপেক্ষা কৰি থকা দেখা গৈছিল । ভোট দান কৰাৰ পিচত অভিনেতাজনে সংবাদ মাধ্যমৰ সৈতে এক চমু বাৰ্তালাপ কৰে, য'ত তেওঁ সকলো ৰাইজে বৃহৎ সংখ্যাত ওলাই আহি তেওঁলোকৰ মৌলিক অধিকাৰ প্ৰয়োগ কৰিবলৈ আহ্বান জনায় । তেওঁ কয়, "সকলোৱে তেওঁলোকৰ ভোটৰ অধিকাৰ ব্যৱহাৰ কৰিব লাগে । মই ভাবো এইটো এটা ভাল বাৰ্তা যিটো আমি আগন্তুক প্ৰজন্মলৈ আগবঢ়াই দিব লাগে ।"

আনহাতে বগা টি-চাৰ্ট পৰিধান কৰি পুষ্পা তাৰকাগৰাকীয়ে সংবাদ মাধ্যমৰ সৈতে কথা পাতি সকলোকে ভোট দিবলৈ সোঁৱৰাই দিয়ে । "অনুগ্ৰহ কৰি ভোট দিয়ক । ই দেশৰ সকলো নাগৰিকৰ দায়িত্ব । আজি আগন্তুক ৫ বছৰৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ দিন । ভোটাৰৰ বিপুল হাৰ হ'ব, কিয়নো অধিক সংখ্যক লোক ভোট দিবলৈ ওলাই আহিছে..মই ক'ব বিচাৰো, মই কোনো দলৰ লগত ৰাজনৈতিকভাৱে মিত্ৰতা কৰা নাই মই সকলো দলৰ প্ৰতি নিৰপেক্ষ..."

পদ্ম বিভূষণ বঁটা বিজয়ী চিৰঞ্জীৱ কনিডেলা পত্নী সুৰেখা কনিডেলাৰ সৈতে হায়দৰাবাদৰ জুবিলী হিলছৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ বাবে উপস্থিত হয়। ভোটদানৰ অন্তত চলচ্চিত্ৰ তাৰকা চিৰঞ্জীৱ কনিডেলাই কয়, "মই সকলোকে ভোটাধিকাৰ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিছো। অনুগ্ৰহ কৰি আহি ভোট দিয়ক... ৷"

তেওঁৰ পিচত চিনেমাটোগ্ৰাফাৰ, পৰিচালক আৰু চিত্ৰনাট্যকাৰ তেজক হায়দৰাবাদৰ জুবিলী হিলছৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত দেখা গৈছিল । "ঘৰত বহি নাথাকিব । বাহিৰলৈ ওলাই আহক আৰু ভোট দিয়ক যাতে আপুনি আপোনাৰ চৰকাৰৰ ত্ৰুটিবোৰৰ বিষয়ে অভিযোগ নকৰে," -এইদৰে কয় তেলুগু চেলিব্ৰিটিগৰাকীয়ে ।

ভোটদানত যোগদান কৰা আন এজন অভিনেতা হ’ল পৱন কল্যাণ । মঙলাগিৰি ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে জনসেনা পাৰ্টীৰ মুৰব্বী পৱন কল্যানে । অন্ধ্ৰ প্ৰদেশ বিধানসভা নিৰ্বাচন আৰু চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচন ২০২৪ ৰ ভোটগ্ৰহণ আজি অনুষ্ঠিত হৈছে ।

লোকসভাৰ ৯৬খন আসনৰ ভিতৰত ২৫খন অন্ধ্ৰপ্ৰদেশৰ, ১৭খন তেলেংগানাৰ, ১৩খন উত্তৰ প্ৰদেশৰ, ১১খন মহাৰাষ্ট্ৰৰ, ৮খনকৈ মধ্যপ্ৰদেশ আৰু পশ্চিম বংগৰ, ৫খন বিহাৰৰ, ৪খন ঝাৰখণ্ড আৰু ওড়িশা আৰু ১খন জম্মু আৰু কাশ্মীৰৰ । ভাৰতীয় নিৰ্বাচন আয়োগে প্ৰকাশ কৰা অনুসৰি, "১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা মুঠ ১৭১৭ জন প্ৰাৰ্থীয়ে লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব ।" নিৰ্বাচনী সংস্থাটোৰ তথ্য অনুসৰি ৯৬খন সংসদীয় আসনৰ বাবে ৪২৬৪টা মনোনয়ন দাখিল কৰা হৈছে ।

নিৰ্বাচন আয়োগে আৰু প্ৰকাশ কৰা অনুসৰি তেলেংগানাই সৰ্বাধিক মনোনয়ন প্ৰ-পত্ৰ লাভ কৰে (১৪৮৮), তাৰ পিচতে অন্ধ্ৰ প্ৰদেশে ২৫টা সমষ্টিৰ পৰা ১১০৩টা মনোনয়ন লাভ কৰে । আইএমডিৰ পূৰ্বাভাস অনুসৰি চতুৰ্থ পৰ্যায়ত ভোটগ্ৰহণৰ বাবে গৰম বতৰক লৈ কোনো গুৰুত্বপূৰ্ণ চিন্তা নাই । এতিয়ালৈকে ২৮৩টা লোকসভা সমষ্টিত ভোটগ্ৰহণ সুকলমে আৰু শান্তিপূৰ্ণভাৱে ৩য় পৰ্যায়লৈকে চলিছে ।

লগতে পঢ়ক : নিৰ্বাচনী প্ৰচাৰলৈ গৈ শ’লঠেকত পৰিল আল্লু অৰ্জুন - Allu Arjun

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.