ETV Bharat / bharat

কোন কোন থাকিব নীতিশ কুমাৰৰ নতুন মন্ত্ৰীসভাত ?

author img

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 4:51 PM IST

Nitish Kumar Oath Ceremony: প্ৰায় ডেৰ বছৰৰ পাছত বিহাৰত এন ডি এৰ চৰকাৰ গঠন হ’বলৈ গৈ আছে ৷ নৱমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰিব নীতিশ কুমাৰে । তেওঁৰ লগতে সম্ৰাট চৌধুৰী আৰু বিজয় সিনহায়ো উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ।

Nitish Kumar Oath Ceremony
নৱমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰিব নীতিশ কুমাৰে

নিউজ ডেস্ক, 28 জানুৱাৰী : ভাৰতীয় জনতা পাৰ্টি আৰু হিন্দুস্তানী আৱাম মৰ্চাৰ সহযোগত পুনৰবাৰ বিহাৰত চৰকাৰ গঠন কৰিবলৈ ওলাইছে নীতিশ কুমাৰে ৷ তেওঁৰ লগতে বিজেপি-জেডিইউ, হিন্দুস্তানী আৱাম মৰ্চা আৰু এজন নিৰ্দলীয় বিধায়কেও মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ৷ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে ৰাজভৱনৰ ৰাজেন্দ্ৰ মণ্ডপত সকলোকে পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰোৱাব ৷

নীতিশৰ বাহিৰেও 8 জনে মন্ত্ৰিত্ব লাভ কৰিব : আজি নীতিশ কুমাৰৰ লগত মুঠ 8 জনে মন্ত্ৰিত্ব লাভ কৰাৰ সম্ভাৱনা আছে ৷ ইয়াৰ ভিতৰত জেডিইউৰ কোটাৰ পৰা বিজয় কুমাৰ চৌধুৰী, বিজেন্দ্ৰ প্ৰসাদ যাদৱ আৰু শ্ৰৱণ কুমাৰ আছে ৷ একে সময়তে বিজেপিৰ পৰা উপ-মুখ্যমন্ত্ৰী হ’ব সম্ৰাট চৌধুৰী আৰু বিজয় সিনহা ৷ প্ৰেম কুমাৰৰ নামো চৰ্চাত আছে ৷

  • माननीय राज्यपाल श्री राजेंद्र विश्वनाथ आर्लेकर @rajendraarlekar से मिलकर माननीय कार्यवाहक मुख्यमंत्री श्री नीतीश कुमार के नेतृत्व में जद यू, भाजपा एवं हम के नेताओं तथा एक निर्दलीय विधायक ने सरकार बनाने का दावा पेश किया। pic.twitter.com/zytexFAbHj

    — Raj Bhavan, Bihar (@GovernorBihar) January 28, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

আৱাম মৰ্চা আৰু নিৰ্দলীয়ই পাব কেবিনেট পদ: ভাৰতীয় জনতা পাৰ্টি আৰু জনতা দল ইউনাইটেডৰ উপৰিও 4 বিধায়ক লৈ হিন্দুস্তানী আৱাম মৰ্চাইও মন্ত্ৰীসভাত স্থান লাভ কৰিব ৷ জিতন ৰাম মাঞ্জীৰ পুত্ৰ তথা হিন্দুস্তানী আৱাম মৰ্চাৰ সভাপতি সন্তোষ কুমাৰ সুমনেও মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ৷ মন্ত্ৰীসভালৈ ঘূৰি আহিছে নিৰ্দলীয় বিধায়ক সুমিত কুমাৰ সিং ৷ আজি তেওঁ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ৷

নীতিশ কুমাৰক 128 জন বিধায়কৰ সমৰ্থন : 243 জনীয়া বিহাৰ বিধানসভাত এন ডি এৰ সংখ্যাগত শক্তি 128 ৷ য’ত জেডিইউৰ 45 জন বিধায়কৰ উপৰিও নীতিশ কুমাৰৰ সমৰ্থনত আছে 78 জন বিজেপি বিধায়ক, 4 জন হিন্দুস্তানী আৱাম মৰ্চাৰ বিধায়ক আৰু এজন নিৰ্দলীয় বিধায়ক ৷

উল্লেখ্য যে, ৰাজনৈতিক অস্থিৰতাৰ অন্ত পেলাই বিহাৰত নতুন চৰকাৰ গঠনৰ প্ৰস্তুতি আৰম্ভ হৈছে ৷ নীতিশ কুমাৰে ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰাৰ পাচতে নতুন চৰকাৰ গঠনৰ প্ৰস্তুতি আৰম্ভ হৈছে ৷ ইতিমধ্যে বিজেপিয়ে নীতিশ কুমাৰৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে ৷

লগতে পঢ়ক : বিহাৰত নতুন চৰকাৰ গঠনৰ প্ৰস্তুতি; মুখ্যমন্ত্ৰী হ’ব নীতিশ কুমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.