ETV Bharat / bharat

প্ৰবীণ বিজেপি নেতা লালকৃষ্ণ আদৱানীলৈ ভাৰতৰত্ন

author img

By PTI

Published : Feb 3, 2024, 12:24 PM IST

Updated : Feb 3, 2024, 3:10 PM IST

Bharat Ratna to LK Advani: বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানীক দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰতৰত্ন প্ৰদান কৰা হ'ব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সৰ এটা পোষ্টৰ জৰিয়তে এই কথা ঘোষণা কৰে ।

Bharat Ratna to LK Advani
এল কে আদৱানীক ভাৰতৰত্ন প্ৰদানৰ কথা ঘোষণা প্ৰধানমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক,৩ ফেব্ৰুৱাৰী : ভাৰতৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীক দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰতৰত্ন প্ৰদান কৰা হ'ব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে এই কথা ঘোষণা কৰে ।

প্ৰধানমন্ত্ৰীয়ে এক্সৰ এটা পোষ্টত লিখিছে যে বৰ্তমান সময়ৰ অন্যতম সন্মানীয় ব্যক্তি হোৱাৰ লগতে ভাৰতৰ উন্নয়নত তেওঁৰ অৱদান স্মৰণীয় । তেওঁৰ জীৱনটো তৃণমূল পৰ্যায়ত কাম কৰাৰ পৰা আৰম্ভ হৈছিল আৰু উপ-প্ৰধানমন্ত্ৰী হিচাপে দেশৰ সেৱা কৰালৈকে এই সময়ছোৱা উল্লেখ্যযোগ্য । প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ৯৬ বছৰীয়া আদৱানীক এই সন্মান প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰি তেওঁ অত্যন্ত সুখী ।

বিজেপিৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ সভাপতি আদৱানীৰ প্ৰশংসা কৰি মোদীয়ে আদৱানীক অটল বিহাৰী বাজপেয়ীৰ অধীনত মিত্ৰজোঁট চৰকাৰৰ মুৰব্বী হিচাপে প্ৰথমবাৰৰ বাবে শাসনলৈ অহাৰ সময়ত ৯০ ৰ দশকত দলটোৰ উত্থান ৰচনা কৰাৰ কৃতিত্ব দিয়ে আৰু তেওঁক অভিনন্দন জনায় । আদৱানীৰ সংসদীয় হস্তক্ষেপ সদায়ে অনুকৰণীয় আৰু সমৃদ্ধ অন্তৰ্দৃষ্টিৰে পৰিপূৰ্ণ বুলিও মোদীয়ে দাবী কৰে ।

ইফালে এল কে আদৱানীক ভাৰতৰত্ন প্ৰদান কৰাৰ কথা ৰাজহুৱা হোৱাৰ লগে লগে বিজেপিৰ ভিতৰচ'ৰাত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । তেওঁৰ সমৰ্থকসকলৰ মাজতো এই খবৰক লৈ সস্তুষ্টি দেখা গৈছে ।

উল্লেখ্য যে এল কে আদৱানীৰ ৰাজনৈতিক কেৰিয়াৰ যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ আছিল । কিন্তু দেশত বিজেপিৰ উত্থানত তেওঁৰ যথেষ্ট অৰিহণা আছে । এই কথা প্ৰতিগৰাকী বিজেপি নেতা-কৰ্মীয়ে স্বীকাৰ কৰে । ২০০২ চনৰ পৰা ২০০৪ চনলৈ তেওঁ দেশৰ সপ্তম উপ-প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে । তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ অন্যতম সহ-প্ৰতিষ্ঠাপক আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্য ।

লগতে পঢ়ক :গোৱা বিধানসভাৰ অধ্যক্ষই উন্মোচিত কৰিলে নিজ দলৰ মন্ত্ৰীৰ দুৰ্নীতি

Last Updated : Feb 3, 2024, 3:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.