ETV Bharat / bharat

বাহনৰ ক্ৰয় ব্যয়ৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হৈছে ভাড়া; ক’ত ?

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 9:29 AM IST

Updated : Feb 5, 2024, 10:16 AM IST

Uniform fare for taxis: প্ৰতি টেক্সি সেৱাৰ বাবদ সমান মূল্য নিৰ্ধাৰণ কৰিলে কৰ্ণাটক চৰকাৰে ৷ গাড়ীৰ ক্ৰয় মূল্যৰ ওপৰত ভিত্তি কৰি টেক্সিৰ এই ভাড়া নিৰ্ধাৰণ কৰিছে চৰকাৰখনে ৷ যিবোৰ বাহনৰ ক্ৰয় ব্যয় 10 লাখ বা তাতকৈ কম, সেইবোৰৰ বাবে চাৰি কিলোমিটাৰ পৰ্যন্ত নূন্যতম ভাড়া 100 টকা নিৰ্ধাৰণ কৰা হৈছে আৰু প্ৰতি অতিৰিক্ত কিলোমিটাৰৰ বাবে 24 টকা নিৰ্ধাৰণ কৰা হৈছে । 10 লাখৰ পৰা 15 লাখ টকা ক্ৰয় ব্যয়ৰ বাহনবোৰৰ নূন্যতম ভাড়া 115 টকা আৰু প্ৰতি অতিৰিক্ত কিলোমিটাৰত 28 টকা ।

uniform fare for taxis
ক্ৰয় ব্যয়ৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হৈছে ভাড়া

নেশ্যনেল ডেস্ক, 5 ফেব্ৰুৱাৰী : কৰ্ণাটক চৰকাৰে পৰিবহণ ক্ষেত্ৰৰ বাবে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ মহানগৰীত চলা টেক্সি আৰু এপৰ জৰিয়তে চলি থকা টেক্সিসমূহে এতিয়াৰে পৰা কৰ্ণাটক পৰিবহণ বিভাগে ঘোষণা কৰা নতুন ভাড়াৰ গাঁথনি অনুসৰণ কৰিব লাগিব ।

শনিবাৰে বিভাগটোৱে প্ৰকাশ কৰা এই নতুন আদেশৰ জৰিয়তে এপ ভিত্তিক কেব এগ্ৰিগেটৰৰ লগতে মহানগৰীত চলা টেক্সিৰ ভাড়া একে হ’ব ৷ সংশোধিত ভাড়া তাৎক্ষণিকভাৱে সমগ্ৰ ৰাজ্যতে প্ৰযোজ্য হ’ব কাৰ্যকৰী হ’ব । ইয়াৰ পূৰ্বে মহানগৰীত চলা আৰু এপৰ জৰিয়তে চলা টেক্সিৰ ভাড়া বেলেগ আছিল ।

নতুন ভাড়াৰ গাঁথনি অনুসৰি গাড়ীৰ মূল্যৰ ওপৰত ভিত্তি কৰি টেক্সিবোৰক তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে । যিবোৰ বাহনৰ ক্ৰয় ব্যয় 10 লাখ বা তাতকৈ কম, সেইবোৰৰ বাবে চাৰি কিলোমিটাৰ পৰ্যন্ত নূন্যতম ভাড়া 100 টকা নিৰ্ধাৰণ কৰা হৈছে আৰু প্ৰতি অতিৰিক্ত কিলোমিটাৰৰ বাবে 24 টকা নিৰ্ধাৰণ কৰা হৈছে । 10 লাখৰ পৰা 15 লাখ টকা ক্ৰয় ব্যয়ৰ বাহনবোৰৰ নূন্যতম ভাড়া 115 টকা আৰু প্ৰতি অতিৰিক্ত কিলোমিটাৰত 28 টকা ।

নিৰ্দেশনাটোত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে কোনো কেব এগ্ৰিগেটৰকে অতিৰিক্ত ধন সংগ্ৰহ কৰিবলৈ দিয়া নহ’ব ৷ ৱেটিং চাৰ্জৰ কথা ক’বলৈ গ’লে প্ৰথম পাঁচ মিনিট বিনামূলীয়া, তাৰ পিছত যাত্ৰীসকলৰ পৰা প্ৰতি মিনিটৰ বাবে 1 টকাকৈ লোৱা হ’ব । ইয়াৰ উপৰিও এপ ভিত্তিক এগ্ৰিগেটৰে যাত্ৰীসকলৰ পৰা পাঁচ শতাংশ জি এছ টিৰ লগতে টোল চাৰ্জ সংগ্ৰহ কৰিব পাৰিব বুলি নতুন নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে ।

উল্লেখ্য যে, পুৱা 12 বজাৰ পৰা 6 বজাৰ ভিতৰত বুকিং কৰা কেবৰ বাবে পৰিচালকসকলে অতিৰিক্ত 10 শতাংশ আদায় কৰিব পাৰে বুলি নিৰ্দেশনাটোত কোৱা হৈছে ৷

লগতে পঢ়ক: গৌৰী লংকেশ হত্যাকাণ্ড: অভিযুক্ত মোহন নায়কৰ জামিন সন্দৰ্ভত কৰ্ণাটক চৰকাৰলৈ জাননী উচ্চতম ন্য়ায়ালয়ৰ

Last Updated : Feb 5, 2024, 10:16 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.