ETV Bharat / bharat

পৰীক্ষাত নকল ৰোধৰ বাবে বিধেয়ক উত্থাপন; কেন্দ্ৰীয় চৰকাৰক প্ৰশংসা চাকৰি প্ৰত্যাশীসকলৰ

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 2:50 PM IST

Centre Public Examinations Bill : ৰাজহুৱা পৰীক্ষা (অন্যায় উপায় প্ৰতিৰোধ) বিধেয়ক, ২০২৪ সোমবাৰে কেন্দ্ৰীয় কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন ৰাজ্যিক মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে লোকসভাত উত্থাপন কৰে । এই বিধেয়ক উত্থাপনৰ পিছতে বিভিন্ন ক্ষেত্ৰত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

পৰীক্ষাত নকল ৰোধৰ বাবে বিধেয়ক উত্থাপন
পৰীক্ষাত নকল ৰোধৰ বাবে বিধেয়ক উত্থাপন

নিউজ ডেস্ক, ৬ ফেব্ৰুৱাৰী : মঙলবাৰে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন ৰাজহুৱা পৰীক্ষাত নকল আৰু অন্যান্য অসৎ উপায় নিয়ন্ত্ৰণৰ বাবে এখন বিধেয়ক ৰাজহুৱা পৰীক্ষা (অন্যায় উপায় প্ৰতিৰোধ) বিধেয়ক, 2024 উত্থাপন কৰে । ইয়াৰ পিছতে এই পদক্ষেপক আদৰণি জনাইছে চাকৰি প্ৰত্যাশীসকলে ।

উল্লেখ্য যে পৰীক্ষাত নকল সম্পৰ্কীয় নিৰ্দিষ্ট আইন নথকাৰ বাবে কঠোৰ পৰিশ্ৰমী আৰু সৎ পৰীক্ষাৰ্থীসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগা হয় । ইয়াৰ ভিতৰত আছে পৰীক্ষা বাতিল কৰা, আৰ্থিক ক্ষতি আৰু মূল্যৱান সময় হেৰুওৱা ।

"এই বিধেয়কখন আইন হিচাপে প্ৰণয়ন হোৱাৰ পিছত, মোৰ দৰে চাকৰি প্ৰাৰ্থীসকল অধিক সুখী হ'ব । কিয়নো, এই আইনে প্ৰৱেশ পৰীক্ষাত নকল নিয়ন্ত্ৰণ কৰাত সহায় কৰিব । অন্যায়ভাৱে অনুষ্ঠিত পৰীক্ষাৰ বাবে সৎ পৰীক্ষাৰ্থীসকলে বাছনি প্ৰক্ৰিয়াত উচিত সুযোগ নাপায় ।" দিল্লীত মেডিকেল পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা মেঘা শৰ্মাই কয় ।

একে ধৰণৰ অনুভূতিৰ প্ৰতিধ্বনি উঠে সমগ্ৰ দেশৰ বিভিন্ন স্থানত প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা আন কেইবাজনো চাকৰি প্ৰাৰ্থীৰ মুখত । তেওঁলোকৰ মন্তব্য, এতিয়া এই কথা নিশ্চিত যে বিধেয়কখন আইনত পৰিণত হোৱাৰ পিছত ই বাছনি প্ৰক্ৰিয়াত সকলোৰে বাবে ন্যায্য ভিত্তি প্ৰদান কৰাত সহায় কৰিব ।

চলিত বাজেট অধিবেশনত সংসদত উত্থাপন কৰা নতুন বিধেয়কখন সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰি প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা বংশ কুমাৰ সিঙে কয়, "নকলবিৰোধী বিধেয়কে পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ অন্যায় উপায়ৰ ব্যৱহাৰ বন্ধ কৰাত সহায় কৰিব । অতীজত কেইবাবাৰো, আমি দেখিছোঁ যে প্ৰশ্নকাকত ফাদিল, প্ৰৱঞ্চনা আৰু গেজেটৰ অন্যায়মূলক ব্যৱহাৰৰ বাবে পৰীক্ষা বাতিল কৰা হৈছে । যেতিয়াই পৰীক্ষা বাতিল হয় আমি বেদনা অনুভৱ কৰোঁ । কিয়নো ই আমাৰ সৎ প্ৰচেষ্টা আৰু মূল্যৱান সময় অপচয় কৰে ।"

উল্লেখ্য যে পূৰ্বতে ঝাৰখণ্ড, বিহাৰ আৰু ৰাজস্থানকে ধৰি কেইবাখনো ৰাজ্যত প্ৰশ্নকাকত ফাদিল আৰু প্ৰৱঞ্চনাৰ ঘটনা পৰিলক্ষিত হৈছে ।

কিন্তু এই আইনখন এবাৰ প্ৰণয়ন কৰাৰ পিছত পৰীক্ষাত যিকোনো অন্যায় উপায় আইনৰ দ্বাৰা দণ্ডনীয় হ'ব । বিধেয়কখনৰ উদ্দেশ্য হৈছে পৰীক্ষা প্ৰণালীলৈ স্বচ্ছতা, নিৰপেক্ষতা আৰু বিশ্বাসযোগ্যতা অনা ।

প্ৰস্তাৱিত বিধেয়ক অনুসৰি, অপৰাধৰ শাস্তিৰ তৃতীয় অধ্যায়ত উল্লেখ কৰা মতে, এই আইনৰ অধীনত সকলো অপৰাধ সংজ্ঞাকৃত, জামিন অযোগ্য আৰু যৌগিক নহ'ব । এই আইনৰ অধীনত অন্যায় উপায় গ্ৰহণ আৰু অপৰাধক প্ৰশ্ৰয় দিয়া যিকোনো ব্যক্তি বা ব্যক্তিসকলক কমেও তিনি বছৰৰ বাবে কাৰাদণ্ড বিহা হ'ব । এই শাস্তি পাঁচ বছৰলৈকে হ'ব পাৰে আৰু দহ লাখ টকালৈকে জৰিমনা বিহা হ'ব পাৰে ।

আনহাতে, জৰিমনা পৰিশোধ নকৰিলে ভাৰতীয় ন্যায় সংহিতা, 2023-ৰ বিধান অনুসৰি অতিৰিক্ত কাৰাদণ্ড বিহা হ'ব ।

লগতে পঢ়ক :বিৰোধীৰ হুলস্থূলৰ মাজতে উত্তৰাখণ্ডৰ বিধানসভাত ইউচিচি বিধেয়ক ২০২৪ উত্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.