ETV Bharat / bharat

জালিয়ানৱালাবাগ গণহত্যাৰ ১০৫ বছৰ সম্পূৰ্ণ: শ্বহীদক স্মৰণ দেশবাসীৰ - Jallianwala Bagh massacre

author img

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 3:15 PM IST

Jallianwala Bagh massacre: ১৯১৯ চনৰ ১৩ এপ্ৰিলত সংঘটিত জালিয়ানৱালাবাগ গণহত্যা ভাৰতীয় ইতিহাসৰ আটাইতকৈ ভয়ংকৰ ঘটনাসমূহৰ ভিতৰত অন্যতম । বহু ভাৰতীয়ই সেই ঘটনাটোৰ পৰাই স্বাধীনতাৰ বাবে যুঁজিবলৈ অনুপ্ৰেৰণা লাভ কৰিছিল । ভুক্তভোগীসকলক সন্মান জনোৱাৰ উদ্দেশ্যে প্ৰতি বছৰে ১৩ এপ্ৰিলত জালিয়ানৱালাবাগত বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ।

Jallianwala Bagh massacre
জালিয়ানৱালাবাগ গণহত্যাৰ ১০৫ বছৰ সম্পূৰ্ণ

নেশ্যনেল ডেস্ক,১৩ এপ্ৰিল : ১৯১৯ চনৰ ১৩ এপ্ৰিলৰ দিনটোতে ভাৰতীয় ইতিহাসৰ আটাইতকৈ ভয়ংকৰ ঘটনাটো সংঘটিত হৈছিল । এই দিনটোতে পাঞ্জাবৰ অমৃতসৰৰ জালিয়ানৱালাবাগত সংঘটিত হৈছিল অতি ভয়ংকৰ গণহত্যা । যাক আজিও ভাৰতীয় ইতিহাসৰ আটাইতকৈ কৰুণ আৰু জঘন্য ঘটনা হিচাপে বিবেচনা কৰা হয় । ভাৰতীয় জাতীয়তাবাদ আৰু ব্ৰিটিছৰ পৰা ভাৰতৰ স্বাধীনতাৰ বাবে মহাত্মা গান্ধীৰ সম্পূৰ্ণ সমৰ্পণো ইয়াৰ ফলস্বৰূপে হৈছিল । জালিয়ানৱালাবাগ গণহত্যাই ১০৫ বছৰ সম্পূৰ্ণ কৰিলে । আজি সমগ্ৰ দেশবাসীয়ে সেই শ্বহীদসকলক স্মৰণ কৰিছে ।

১০৫ বছৰ পূৰ্বে ১৯১৯ চনৰ ১৩ এপ্ৰিলত কি হৈছিল ?

১৯১৯ চনৰ ১৩ এপ্ৰিলত প্ৰায় ১৫,০০০-২০,০০০ লোক জালিয়ানৱালাবাগত একত্ৰিত হৈছিল । যি হৈছে পাঞ্জাবৰ অমৃতসৰৰ ৬ ৰ পৰা ৭ একৰ জুৰি বিয়পি থকা এখন উদ্যান । সান্ধ্য আইন জাৰি কৰা স্বত্বেও দুগৰাকী নেতা ড০ সত্যপাল আৰু ড০ চৈফুদ্দিনক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে শান্তিপূৰ্ণ প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিল লোকসকল ।

জালিয়ানৱালাবাগ গণহত্যাত নিহত লোকৰ সংখ্যা আনুষ্ঠানিকভাৱে উল্লেখ কৰা হোৱা নাছিল । অৱশ্যে, ব্ৰিটিছ চৰকাৰৰ চৰকাৰী অনুসন্ধানত দেখা গৈছে যে ৩৭৯ গৰাকী লোকৰ মৃত্যু হৈছিল আৰু কংগ্ৰেছে দাবী কৰিছে যে এহেজাৰৰো অধিক লোক নিহত হৈছিল । এতিয়াও জালিয়ানৱালাবাগৰ দেৱালত বুলেটৰ চিহ্ন স্পষ্ট । এই গণহত্যা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক টাৰ্ণিং পইণ্ট আছিল যিয়ে ভাৰতীয় ইতিহাসৰ গতি সলনি কৰিছিল ।

গণহত্যাৰ পিচত উধম সিঙৰ প্ৰতিশোধ :

উধম সিঙে ১৯১৯ চনৰ ১৩ এপ্ৰিলৰ দিনটো জেনেৰেল ডায়াৰৰ অমানৱীয় নিৰ্দেশৰ সাক্ষী আছিল যিয়ে হাজাৰ হাজাৰ নিৰীহ লোকৰ প্ৰাণ লৈছিল । গণহত্যাৰ পিচত তেওঁ জালিয়ানৱালাবাগৰ প্ৰতিশোধস্বৰূপে জেনেৰেল ডায়াৰ আৰু পাঞ্জাবৰ ৰাজ্যপাল মাইকেল অ'ডয়াৰক শিক্ষা দিয়াৰ সিদ্ধান্ত লয় । উধম সিঙে ১৯৪০ চনত লণ্ডনত মাইকেল অ'ডয়াৰক গণহত্যাৰ প্ৰতিশোধস্বৰূপে হত্যা কৰিছিল ।

জেনেৰেল ডায়াৰৰ মৃত্যু :

'অমৃতসৰৰ কসাই' হিচাপে জনাজাত জেনেৰেল ডায়াৰৰ ১৯২৭ চনত চেৰিব্ৰেল হেমৰেজ আৰু আৰ্টেৰিঅস্ক্লেৰোচিছত মৃত্যু হয় ।

জালিয়ানৱালাবাগ সন্দৰ্ভত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

২০১৯ চনৰ ১০ এপ্ৰিলত তেতিয়াৰ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী থেৰেছা মেয়ে ১৩ এপ্ৰিলৰ গণহত্যাৰ বাবে হাউচ অফ কমন্সত তেওঁৰ সাপ্তাহিক প্ৰধানমন্ত্ৰীৰ প্ৰশ্নৰ আৰম্ভণিতে দুখ প্ৰকাশ কৰিছিল । তেওঁ জালিয়ানৱালাবাগ গণহত্যাক ব্ৰিটিছ ভাৰতীয় ইতিহাসৰ ওপৰত এক 'লজ্জাজনক দাগ' বুলি বৰ্ণনা কৰিছিল ।

১৯৯৭ চনত জালিয়ানৱালাবাগ ভ্ৰমণ কৰাৰ পূৰ্বে ৰাণী দ্বিতীয় এলিজাবেথে কোৱাৰ দৰে, ই ভাৰতৰ সৈতে তেওঁলোকৰ ইতিহাসৰ এক দুখজনক উদাহৰণ আছিল । বিবৃতিত তেওঁ কয় যে যি ঘটিছিল তাক লৈ তেওঁ দুঃখিত । থেৰেছা মেয়ে জোৰ দি কয় যে ব্ৰিটেইন-ভাৰতৰ সহযোগিতা, অংশীদাৰিত্ব, সমৃদ্ধি আৰু নিৰাপত্তাৰ সম্পৰ্ক অন্যতম । ভাৰতীয় প্ৰবাসীসকলে ব্ৰিটিছ সমাজলৈ এক বিশাল অৱদান আগবঢ়াইছে বুলিও তেওঁ উল্লেখ কৰে ।

১৯৫১ চনত ভাৰত চৰকাৰে জালিয়ানৱালাবাগত এই নিৰ্মম গণহত্যাৰ বলি হোৱা লোকসকললৈ শ্ৰদ্ধা জনাই এক স্মাৰক স্থাপন কৰিছিল । প্ৰায় ৬.৫ একৰ ভূমিৰ বিস্তৃত উদ্যানখন সংগ্ৰাম আৰু ত্যাগৰ প্ৰতীক আৰু এই স্মাৰকে প্ৰতিটো প্ৰজন্মৰ মনত দেশপ্ৰেমৰ ভাৱ জগাই তোলে । গণহত্যাৰ বলি হোৱা বিপ্লৱীসকলৰ সোঁৱৰণত 'য়াদ-ই-জালিয়ান' নামৰ এটা সংগ্ৰহালয়ো স্থাপন কৰা হৈছিল । এই গণহত্যাৰ ভুক্তভোগীসকলক সন্মান জনোৱাৰ বাবে প্ৰতি বছৰে ১৩ এপ্ৰিলত উদ্যানখনত বহু লোক একত্ৰিত হয় ।

লগতে পঢ়ক :ভাৰত-চীন সীমান্ত বিবাদৰ উৎপত্তি - India China Border Dispute

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.