ETV Bharat / bharat

গণৰাজ্য দিৱসৰ প্ৰতীকপটত উজলিব চন্দ্ৰযান-৩ আৰু ৰাম মন্দিৰ

author img

By ANI

Published : Jan 23, 2024, 2:19 PM IST

Republic Day 2024: দিল্লীৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত থাকিব চন্দ্ৰযান-৩ৰ প্ৰতীকপট । ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাও প্ৰতীকপটত উজলিব । উত্তৰ প্ৰদেশ চৰকাৰে প্ৰতীকপটত মীৰাট ৰেপিড ৰে'লো প্ৰদৰ্শন কৰিব ।

Republic Day tableau
গণৰাজ্য দিৱসৰ প্ৰতীকপটত উজলিব চন্দ্ৰযান-৩ আৰু ৰাম মন্দিৰ

নেশ্যনেল ডেস্ক,২৩ জানুৱাৰী : গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ দুটা দিন বাকী । দিল্লীত গণৰাজ্য দিৱসৰ ব্যাপক কাৰ্যসূচী চলিছে । এইবাৰ গণৰাজ্য দিৱসত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) প্ৰতীকপট চন্দ্ৰযান-৩ বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব । প্ৰতীকপটত চন্দ্ৰযান-৩ ৰ উৎক্ষেপণৰ লগতে চন্দ্ৰৰ দক্ষিণ মেৰুত সফল অৱতৰণ প্ৰদৰ্শন কৰা হ'ব ।

প্ৰতীকপটত চন্দ্ৰযানৰ অৱতৰণ বিন্দুটোও দেখুওৱা হ'ব যাক শিৱ শক্তি পইণ্ট বুলি নামাকৰণ কৰা হৈছিল । উল্লেখ্য যে চন্দ্ৰযান-৩ লেণ্ডাৰ মডিউলটো ২৩ আগষ্টত সফলতাৰে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰে, যাৰ ফলত ভাৰত এই ঐতিহাসিক কৃতিত্ব অৰ্জন কৰা প্ৰথমখন দেশ হয় ।

দক্ষতাৰ উৎকৃষ্ট প্ৰদৰ্শন দেখুৱাই ভাৰতে ২০২৩ চনত চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান-৩ৰ সফল ছফ্ট লেণ্ডিং কৰে আৰু ভাৰতৰ প্ৰথম সৌৰ অভিযান আদিত্য এল-১ উৎক্ষেপণৰ সৈতে ভাৰত নতুন উচ্চতালৈ উন্নীত হয় । অন্যান্য কৃতিত্বসমূহৰ ভিতৰত ভাৰতে এতিয়া লক্ষ্য ৰাখিছে ২০২৪-২০২৫ বৰ্ষত গগনযান মিছন, ২০৩৫ চনৰ ভিতৰত ভাৰতীয় মহাকাশ ষ্টেচন স্থাপন কৰা আৰু ২০৪০ চনৰ ভিতৰত প্ৰথমগৰাকী ভাৰতীয়ক চন্দ্ৰলৈ প্ৰেৰণ কৰা । ইফালে গণৰাজ্য দিৱসৰ পেৰেডৰ মুখ্য আকৰ্ষণ হ'ব উত্তৰ প্ৰদেশৰ প্ৰতীকপট ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা ।

সোমবাৰে অযোধ্যাৰ ৰাম মন্দিৰত ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠিত হোৱাৰ বাবে এই প্ৰতীকপট অতি গুৰুত্বপূৰ্ণ হ'ব । অনুষ্ঠানটোৰ নেতৃত্ব দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত এক ঘণ্টা জোৰা অনুষ্ঠানৰ অন্তত প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত ৰাম লালাৰ মূৰ্তি উন্মোচন কৰা হয় ৷ ইফালে সোমবাৰে প্ৰাণ প্ৰতিষ্ঠাৰ পিচত মঙলবাৰে পুৱাৰে পৰা ৰাম মন্দিৰৰ মুখ্য দুৱাৰত ভক্তসকলৰ যথেষ্ট ভিৰ দেখা গৈছে ।

ৰাম মন্দিৰৰ উপৰিও উত্তৰ প্ৰদেশ চৰকাৰে হাতত লোৱা উন্নয়নমূলক আঁচনিবোৰৰ ভিতৰত মীৰাট ৰেপিড ৰে'লো প্ৰতীকপটত উল্লেখ কৰা হ'ব । উত্তৰ প্ৰদেশ চৰকাৰে পৰৱৰ্তী প্ৰজন্মৰ ব্ৰহ্ম'ছ মিছাইলৰ বাবে ৰাজ্যখনত এটা কাৰখানা নিৰ্মাণ কৰি থকাৰ দৃশ্যও প্ৰতীকপটত দেখুওৱা হ'ব ।

গণৰাজ্য দিৱসৰ পেৰেডত বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৬ টা আৰু কেন্দ্ৰীয় চৰকাৰৰ ৯ টা সহ মুঠ ২৫ টা প্ৰতীকপট প্ৰদৰ্শন কৰা হ'ব । অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে থাকিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন ।

লগতে পঢ়ক :২২ ফেব্ৰুৱাৰীত ৰাম মন্দিৰ দৰ্শন কৰিব ৰাজ্যৰ মন্ত্ৰী পৰিষদে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.