ETV Bharat / bharat

অন্তৱৰ্তীকালীন বাজেটক প্ৰগতিশীল আখ্যা প্ৰধানমন্ত্ৰী মোদীৰ

author img

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 4:22 PM IST

Interim Budget
অন্তৱৰ্তীকালীন বাজেটৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

Union Budget 2024: অন্তৱৰ্তীকালীন বাজেট উত্থাপনৰ পিচতে প্ৰধানমন্ত্ৰীয়ে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণক অভিনন্দন জ্ঞাপন কৰে । তেওঁৰ মতে ই এক সামগ্ৰিক আৰু প্ৰগতিশীল বাজেট । এই বাজেটে ২০৪৭ চনৰ বিকশিত ভাৰতৰ ভেটি স্থাপন কৰিছে ।

নেশ্যনেল ডেস্ক,১ ফেব্ৰুৱাৰী : আজি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে অন্তৱৰ্তীকালীন বাজেট উত্থাপন কৰে । বাজেট উত্থাপনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিত্ত মন্ত্ৰীগৰাকীক অভিনন্দন জ্ঞাপন কৰে । প্ৰধানমন্ত্ৰীৰ মতে ই অন্তৱৰ্তীকালীন বাজেট হ'লেও ই এক সামগ্ৰিক আৰু প্ৰগতিশীল বাজেট আৰু বিকশিত ভাৰতৰ প্ৰতিফলন ।

প্ৰধানমন্ত্ৰীগৰাকীৰ মতে এই বাজেটে ধাৰাবাহিকতা আৰু আত্মবিশ্বাসকো সূচায় । নিৰ্মলা সীতাৰমণৰ এই বাজেটে মহিলা আৰু দৰিদ্ৰসকলক শক্তিশালী কৰে আৰু এক নতুন ভাৰত, নতুন পৃথিৱী গঢ়ি তোলাৰ বাবে ব্যক্তিত্ব প্ৰদান কৰে । তেওঁৰ মতে এই বাজেটে মহিলা আৰু দৰিদ্ৰলোকসকলক সৱলীকৰণৰ দিশত আগবঢ়াই নিব । প্ৰধানমন্ত্ৰী মোদীৰ মতে এই বাজেটে ২০৪৭ চনৰ বিকশিত ভাৰতৰ ভেটি স্থাপন কৰিছে ।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী আৰু তেওঁৰ দলক অভিনন্দন জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে এই বাজেটে দেশৰ যুৱপ্ৰজন্মৰ বাবে তেওঁলোকৰ আশা-আকাংক্ষা পূৰণৰ বাবে এক ৰোডমেপ নিৰ্ধাৰণ কৰিছে । প্ৰধানমন্ত্ৰীয়ে গৱেষণা আৰু উদ্ভাৱন আৰু ষ্টাৰ্ট আপৰ বাবে লাভজনক আঁচনিৰ ওপৰত ১ লাখ কোটি টকাৰ প্ৰৱৰ্তনৰ প্ৰশংসা কৰে ।

বিত্তীয় ঘাটি নিয়ন্ত্ৰণ কৰিবলৈ ব্যয় বৃদ্ধিৰ বাবে এক অভিনৱ পদক্ষেপ ঘোষণা কৰা হৈছে । অৰ্থাৎ এনে ক্ষেত্ৰসমূহ চিনাক্ত কৰা হৈছে যিয়ে কেৱল আন্তঃগাঁথনি নিৰ্মাণ কৰাই নহয়, যুৱসকলৰ বিকাশৰ বাবে এক মঞ্চও সৃষ্টি কৰিব । তেওঁ কয় যে বন্দে ভাৰত ৰে'লৰ বাবে ৪০,০০০ আধুনিক ডবা প্ৰৱৰ্তন কৰাটো এক বিপ্লৱ হিচাপে পৰিগণিত হ'ব । এইটোৱে সমগ্ৰ দেশৰ যাত্ৰীসকলৰ বাবে এক আৰামদায়ক যাত্ৰা নিশ্চিত কৰিব বুলিও তেওঁ উল্লেখ কৰে ।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰা মতে তেওঁৰ চৰকাৰে গ্ৰামাঞ্চলৰ দৰিদ্ৰ লোকসকলৰ বাবে কোটি কোটি ঘৰ নিৰ্মাণ কৰিছে । এতিয়া পুনৰ ২ কোটি ঘৰ নিৰ্মাণৰ আকাংক্ষা কৰিছে । প্ৰধানমন্ত্ৰীৰ মতে দেশৰ ৩ কোটি মহিলাক লাখপতি কৰা হ'ব ।

আয়ুষ্মান ভাৰতৰ কথা উল্লেখ কৰি তেওঁ কয় যে এতিয়া অংগনৱাড়ী আৰু আশাকৰ্মীসকলে এই সুবিধা উপভোগ কৰিব । আনহাতে সৌৰ পৰিকল্পনাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ১ কোটি পৰিয়ালে সৌৰ শক্তিৰ জৰিয়তে বিদ্যুৎ শক্তি লাভ কৰিব । আয়কৰ ৰেহাই আঁচনিৰ জৰিয়তে ১ কোটি পৰিয়ালে এক বৃহৎ সকাহ লাভ কৰিব বুলিও তেওঁ দৃঢ়তাৰে উল্লেখ কৰে । প্ৰধানমন্ত্ৰীয়ে মধ্যবিত্ত শ্ৰেণীৰ স্বাৰ্থক অৱহেলা কৰাৰ বাবে পূৰ্বৰ চৰকাৰসমূহকো সমালোচনা কৰে ।

লগতে পঢ়ক :'বিকশিত ভাৰত'ৰ পৰা 'নাৰী শক্তি'লৈ; অন্তৰ্ৱৰ্তীকালীন বাজেটত শীৰ্ষত কি কি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.