ETV Bharat / bharat

মিজোৰামৰ পৰা ১৮৪ জন ম্যানমাৰৰ সেনাক স্বদেশলৈ প্ৰত্যাৱৰ্তন

author img

By PTI

Published : Jan 23, 2024, 12:35 PM IST

India sends back Myanmar soldiers
মিজোৰামৰ পৰা ম্যানমাৰৰ সেনাক স্বদেশলৈ প্ৰত্যাৱৰ্তন

India sent back Myanmarese soldiers: বিদ্ৰোহী গোটৰ সৈতে হোৱা সংঘৰ্ষৰ পাছতে ম্যানমাৰৰ ২৭৬ গৰাকী সেনা জোৱানে পলাই আহি মিজোৰামত প্ৰৱেশ কৰিছিল । সোমবাৰে ১৮৪ গৰাকী জোৱানক ম্যানমাৰৰ বায়ু সেনাৰ বিমানেৰে স্বদেশলৈ লৈ যোৱা হয় । বাকী ৯২ গৰাকী জোৱানক মঙলবাৰে প্ৰত্যাৱৰ্তন কৰা হ'ব ।

নেশ্যনেল ডেস্ক,২৩ জানুৱাৰী : জাতিগত বিদ্ৰোহী গোটৰ সৈতে সংঘৰ্ষৰ পিচত ভাৰতত প্ৰৱেশ কৰা ১৮৪ গৰাকী ম্যানমাৰৰ সেনা জোৱানক অৱশেষত স্বদেশলৈ ঘূৰাই পঠিওৱা হ'ল । অসম ৰাইফলছৰ এগৰাকী বিষয়াই জনোৱা মতে যোৱা সপ্তাহত মুঠ ২৭৬ গৰাকী ম্যানমাৰৰ সেনাই মিজোৰামত প্ৰৱেশ কৰিছিল আৰু তেওঁলোকৰ ভিতৰত ১৮৪ গৰাকীক সোমবাৰে ঘূৰাই পঠিওৱা হয় ।

বিষয়াগৰাকীৰ মতে সেনা জোৱানসকলক আইজলৰ সমীপৰ লেংপুই বিমানবন্দৰৰ পৰা চুবুৰীয়া দেশৰ ৰাখাইন ৰাজ্যৰ চিটৱেলৈ ম্যানমাৰৰ বায়ু সেনাৰ বিমানেৰে পঠিওৱা হৈছে । বাকী ৯২ গৰাকী সেনা জোৱানক মঙলবাৰে প্ৰত্যাৱৰ্তন কৰা হ'ব । ম্যানমাৰৰ সেনাই ১৭ জানুৱাৰীত দক্ষিণৰ মিজোৰামৰ লংটলাই জিলাৰ ভাৰত-ম্যানমাৰ-বাংলাদেশ ত্ৰিজংচনত অৱস্থিত বান্দুকবাঙ্গা গাঁৱত অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ লৈ প্ৰৱেশ কৰে আৰু অসম ৰাইফলছৰ কাষ চাপিছিল ।

তেওঁলোকৰ শিবিৰত 'আৰাকান আৰ্মি' যোদ্ধাসকলে দখল কৰাৰ পিচত তেওঁলোক মিজোৰামলৈ পলাই যায় । ম্যানমাৰৰ সেনা জোৱানসকলক পৰভাৰ সমীপৰ অসম ৰাইফলছ শিবিৰলৈ লৈ যোৱা হৈছিল আৰু পিচত তেওঁলোকৰ বেছিভাগক লুংলেইলৈ স্থানান্তৰ কৰা হয় । বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে তেওঁলোক তেতিয়াৰে পৰা অসম ৰাইফলছৰ তত্বাৱধানত আছে । এই ২৭৬ গৰাকী জোৱানক শনিবাৰে আৰু দেওবাৰে আইজললৈ অনা হৈছিল । এগৰাকী কৰ্ণলে দলটোৰ নেতৃত্বত আছে । তেওঁলোকৰ ভিতৰত ৩৬ গৰাকী বিষয়া আৰু ২৪০ গৰাকী নিম্ন পদবীৰ কৰ্মচাৰী । বিষয়াগৰাকীৰ মতে ২৭৬ গৰাকী জোৱানৰ সৈতে বিদ্ৰোহীৰ আক্ৰমণৰ বলি হৈ এতিয়ালৈ প্ৰায় ৬৩৫ গৰাকী ম্যানমাৰ সেনা জোৱান মিজোৰামলৈ পলাই আহিবলগীয়া হৈছে ।

তেওঁলোকৰ ভিতৰত ৩৫৯ গৰাকী জোৱানক ইতিমধ্যে স্বদেশলৈ ঘূৰাই পঠোৱা হৈছে । নৱেম্বৰত ম্যানমাৰৰ ১০৪ গৰাকী সেনা জোৱানক ভাৰতীয় বায়ু সেনাৰ হেলিকপ্টাৰেৰে মিজোৰামৰ বিভিন্ন স্থানৰ পৰা মণিপুৰৰ সীমান্ত চহৰ মোৰেলৈ প্ৰেৰণ কৰা হৈছিল আৰু তাৰ পিচত স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰা হৈছিল ।

লগতে পঢ়ক :ৰামলালা দৰ্শনৰ বাবে পুৱতি নিশাৰে ৰাম মন্দিৰত ভক্তৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.