ETV Bharat / bharat

নৰেন্দ্ৰ মোদী কেৱল এখন মুখা, ইভিএম অবিহনে নিৰ্বাচন জিকিব নোৱাৰে; ৰাহুল গান্ধী

author img

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 7:04 AM IST

Rahul Gandhi slams Narendra Modi : দেওবাৰে মুম্বাইৰ শিৱাজী পাৰ্কৰ পৰা ইণ্ডিয়া ব্লকে লোকসভা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে । ইয়াৰ বাবে উলিওৱা ৰেলীত বিৰোধী মিত্ৰজোঁটৰ মুখ্য নেতাসকলে অংশগ্ৰহণ কৰে । আনহাতে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লয় ।

প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণ ৰাহুল গান্ধীৰ
প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণ ৰাহুল গান্ধীৰ

নিউজ ডেস্ক, ১৮ মাৰ্চ : কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী দলৰ মিত্ৰজোঁট ইণ্ডিয়া ব্লকে দেওবাৰে মুম্বাইৰ শিৱাজী পাৰ্কত লোকসভা নিৰ্বাচনৰ ৰণডংকা বজায় । মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিবলৈ শিৱাজী পাৰ্কত এক বৃহৎ ৰেলী অনুষ্ঠিত কৰে ।

এই ৰেলীয়ে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰো সমাপ্তি ঘোষণা কৰে । তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিন, আৰজেডি নেতা তেজস্বী যাদৱ, মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে, জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতি, নেচনেল কনফাৰেন্সৰ মুৰব্বী ফাৰুক আব্দুল্লা, এনচিপিৰ (এছপি) সভাপতি শৰদ পাৱাৰ আৰু আপ নেতা সৌৰভ ভৰদ্বাজকে ধৰি শীৰ্ষ বিৰোধী নেতাসকল ইয়াত উপস্থিত থাকে । অনুষ্ঠানটোত চিপিআইৰ সাধাৰণ সম্পাদক দীপংকৰ ভট্টাচাৰ্য, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী চম্পাই সোৰেন আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ পত্নী কল্পনা সোৰেনো উপস্থিত থাকে ।

আনহাতে, ৰেলীত সময়ত ভাষণ প্ৰদান কৰি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক 'মুখাধাৰী' আৰু 'ফোঁপোলা ব্যক্তি' বুলি অভিহিত কৰে । "মোদী কেৱল এখন মুখা, ঠিক বলীউডৰ অভিনেতাৰ দৰে । তেওঁ কাম কৰিবলৈ আদেশ পাইছে । তেওঁক পুৱা সাৰ পাবলৈ, সাগৰত জঁপিয়াবলৈ বা সাগৰীয় বিমান উৰাবলৈ কোৱা হৈছে । তেওঁৰ বুকু ৫৬ ইঞ্চিৰ নহয়, কিন্তু তেওঁ এজন ফোঁপোলা ব্যক্তি ।" ৰাহুল গান্ধীয়ে কয় ।

প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক ভয় কৰিছিল, কিয়নো তেওঁ ভিতৰৰ পৰা ব্যৱস্থাটো প্ৰত্যক্ষ কৰিছিল । ৰাহুল গান্ধীয়ে কয় । "মই ব্যৱস্থাটো বুজি পাইছোঁ, সেয়েহে নৰেন্দ্ৰ মোদীয়ে মোক ভয় কৰে । কোনেও মোক দমন কৰিব নোৱাৰে । মই সকলো দেখিছোঁ আৰু সকলোবোৰ বুজি পাইছোঁ । মই বহু বছৰ ধৰি এইটো দেখি আহিছোঁ ।" ৰাহুল গান্ধীয়ে কয় ।

"ইভিএম অবিহনে নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচন জিকিব নোৱাৰে । আমি নিৰ্বাচন আয়োগক যন্ত্ৰবোৰ বিৰোধী আৰু আমাৰ বিশেষজ্ঞসকলক দেখুৱাবলৈ কৈছিলোঁ যে সেইবোৰে (ইভিএম) কেনেদৰে কাম কৰে । আমি তেওঁলোকক কাগজবোৰ গণনা কৰিবলৈ কৈছিলোঁ (ভিভিপেট শ্লিপ), কিন্তু তেওঁলোকে অস্বীকাৰ কৰে ।" প্ৰাক্তন কংগ্ৰেছ মুৰব্বীগৰাকীয়ে কয় । জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে লগতে কয় যে তেওঁ মানুহৰ সৈতে যোগাযোগ কৰিবলৈ ভাৰত জোড়ো যাত্ৰা হাতত লৈছিল । কিয়নো সংবাদ মাধ্যমে নিবনুৱা আৰু মুদ্ৰাস্ফীতিৰ দৰে বিষয়বোৰ উপেক্ষা কৰিছিল ।

"যেতিয়া বিজেপি চৰকাৰ গঠন কৰা হৈছিল, অৰুণ জেটলীয়ে মোৰ ওচৰলৈ আহি কৈছিল– ভূমি অধিগ্ৰহণৰ বিষয়ত কথা নক'ব । আৰু মই সুধিছিলোঁ কিয় নক'ম । এইটো এটা ৰাজহুৱা বিষয় । তেওঁ ক'লে- যদি আপুনি মুখ খোলে, আমি আপোনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিম । মই এইটোও কৈছিলোঁ যে গোচৰ ৰুজু কৰক, মই গুৰুত্ব নিদিওঁ । তাৰ পিচত ইডিয়ে মোক ৫০ ঘণ্টা ধৰি জেৰা কৰে আৰু এগৰাকী বিষয়াই মোক কৈছিল– আপুনি কাকো ভয় নকৰিব, আপুনি নৰেন্দ্ৰ মোদীক পৰাস্ত কৰিব পাৰিব ।" ৰাহুল গান্ধীয়ে পূৰ্বৰ কথা স্মৰণ কৰে ।

একে সময়তে ইণ্ডিয়া ব্লকৰ ৰেলীত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে কয়, "মোদীৰ গেৰাণ্টি ধনীসকলৰ বাবে আৰু আমাৰ গেৰাণ্টি সাধাৰণ মানুহৰ বাবে ।" ইফালে, মুম্বাইত ইণ্ডিয়া ব্লকৰ নেতাসকলৰ ৰেলীত পিডিপিৰ সভাপতি মেহবুবা মুফতীয়ে কয়, "বিজেপি নেতাসকলে ৰাহুল গান্ধীৰ নামত 'গান্ধী'ক ভয় কৰে । বিজেপিয়ে সংবিধান সলনি কৰাৰ বাবে ৪০০-তকৈও অধিক লোকসভা আসন জয়ৰ কথা কৈছে ।"

লগতে পঢ়ক :নিৰ্বাচনৰ প্ৰাকক্ষণত অশোক গেহলটৰ মুখত কানহাইয়ালাল হত্যাৰ প্ৰসংগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.