ETV Bharat / bharat

চীনৰ সৈতে প্ৰতিযোগিতা বৃদ্ধি, নৌ শক্তি বৃদ্ধিত গুৰুত্ব ভাৰতৰ

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 12:11 PM IST

India Naval power: স্থলসীমাৰ সমান্তৰালকৈ ভাৰতে আন্তৰ্জাতিক জলসীমাতো ইয়াৰ শক্তি বৃদ্ধি কৰাৰ প্ৰয়াস কৰিছে । শেহতীয়াকৈ জলদস্যু বিৰোধী অভিযানৰ বাবে ভাৰতে লোহিত সাগৰত নিয়োজিত কৰিছে কেইবাখনো জাহাজ । চীনক প্ৰত্যাহ্বানৰ বাবে চেষ্টা অব্যাহত ।

India Naval power
চীনৰ সৈতে প্ৰতিযোগিতা বৃদ্ধি, নৌ শক্তি বৃদ্ধিত গুৰুত্ব ভাৰতৰ

নেশ্যনেল ডেস্ক, ২ ফেব্ৰুৱাৰী : যোৱা কেইবা দশক ধৰি ভাৰতে প্ৰতিদ্বন্দী পাকিস্তান আৰু চীনৰ সৈতে স্থল সীমাত প্ৰতিৰক্ষা নীতি প্ৰস্তুত কৰাত জড়িত হৈ আছে । এতিয়া ভাৰতৰ বিশ্বব্যাপী উচ্চাকাংক্ষা বিস্তাৰিত হোৱাৰ লগে লগে আন্তৰ্জাতিক জলসীমাত নৌ শক্তি বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিছে । তাৰ ভিতৰত আছে জলদস্যু বিৰোধী তহল আৰু হামাছৰ সৈতে ইজৰাইলৰ যুদ্ধৰ সময়ত জাহাজবোৰক আক্ৰমণৰ পৰা সুৰক্ষিত কৰাত সহায় কৰাৰ বাবে লোহিত সাগৰৰ ওচৰত ব্যাপকভাৱে নিয়োজিত হোৱা ।

য়েমেন ভিত্তিক হুথি বিদ্ৰোহীসকলে যেতিয়া জাহাজসমূহক লক্ষ্য হিচাপে ল'বলৈ আৰম্ভ কৰিছিল, তেতিয়া ভাৰতে সেই অঞ্চললৈ যুদ্ধজাহাজ প্ৰেৰণ কৰিছিল । জানিব পৰা মতে, ভাৰতে নৱেম্বৰত তিনিখন মিছাইল ধ্বংসকাৰী আৰু পুনৰীক্ষণ জাহাজ প্ৰেৰণ কৰিছিল ।

২০২১ চনত ভাৰতৰ দক্ষিণ নৌ সেনা কমাণ্ডৰ মুৰব্বী হিচাপে অৱসৰ গ্ৰহণ কৰা উপ-এড মিঃ অনিল কুমাৰ চাওলাই এই সন্দৰ্ভত কয় যে এই পদক্ষেপে দেশখনক আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক স্থিৰতাৰ ক্ষেত্ৰত এক সক্ৰিয় অৱদানকাৰী হিচাপে আলোকপাত কৰিছে ।

তেওঁ উল্লেখ কৰা মতে, ভাৰতে এয়া কেৱল আনৰ সহায়ৰ বাবে কৰা নাই । প্ৰাক্তন বিষয়াগৰাকীৰ মতে যেতিয়ালৈকে আপুনি সামুদ্ৰিক শক্তি হ'ব নোৱাৰে তেতিয়ালৈকে আপুনি কেতিয়াও বিশ্ব শক্তি হোৱাৰ আকাংক্ষা কৰিব নোৱাৰে । তেওঁ কয় যে ইতিমধ্যে এক আঞ্চলিক শক্তি হিচাপে ভাৰতে নিজকে এক গোলকীয় খেলুৱৈ হিচাপে প্ৰতিষ্ঠা কৰিছে, যি হৈছে আগন্তুক বিশ্ব শক্তিৰ ইংগিত ।

ভাৰতে লোহিত সাগৰৰ শেহতীয়া নিযুক্তি সম্পৰ্কে ব্যাপকভাৱে প্ৰচাৰ কৰি আছে । ইয়াৰ লগে লগে ভাৰতে বিশ্বৰ বাবে সামুদ্ৰিক সুৰক্ষাৰ ক্ষেত্ৰত এক বহল দায়িত্ব লোৱাৰ আকাংক্ষা আৰু আঞ্চলিক প্ৰতিদ্বন্দী চীনৰ প্ৰতি ইয়াৰ বৰ্ধিত সামুদ্ৰিক উচ্চাকাংক্ষাৰ সংকেত দিছে ।

চাওলাৰ মতে এয়া চীনৰ বাবে এটা বাৰ্তা হ'ব । ভাৰতে দেখুৱাব বিচাৰিছে যে দেশখনে ডাঙৰ বাহিনী মোতায়েন কৰিব পৰা সামৰ্থ্য আছে । সম্ভৱতঃ আটাইতকৈ সক্ষম আৰু দায়িত্বশীল নৌ শক্তি হিচাপেও ভাৰতে দেখুৱাব বিচাৰে ।

শেহতীয়াকৈ ভাৰতীয় নৌসেনাই কমেও ৪ খন জাহাজক সহায় কৰিছে । তাৰ ৩ খনত হুথি বিদ্ৰোহীয়ে আক্ৰমণ কৰিছিল আৰু আনখন ইৰাণৰ বুলি আমেৰিকাই দাবী কৰিছে । লগতে ভাৰতে কেইবাটাও জলদস্যু বিৰোধী অভিযানো পৰিচালনা কৰিছে ।

ইৰাণ সমৰ্থিত হুথি বিদ্ৰোহীসকলে লোহিত সাগৰত বহু জাহাজক লক্ষ্য কৰি লৈছে আৰু গাজা ষ্ট্ৰিপত যুদ্ধ বিৰতি বিচাৰিছে । আমেৰিকা আৰু ইয়াৰ মিত্ৰশক্তিয়ে বিদ্ৰোহীৰ বিৰুদ্ধে কেইবাটাও অভিযান চলাইছে । অৱশ্যে ভাৰতে হুথিসকলৰ সৈতে যুঁজি থকা আমেৰিকাৰ নেতৃত্বাধীন বাহিনীত যোগদান কৰা নাই ।

২৬ জানুৱাৰীত ভাৰতীয় মিছাইল ধ্বংসকাৰী আইএনএছ বিশাখাপট্টনমে এডেন উপসাগৰত মিছাইলৰ দ্বাৰা ক্ষতিগ্ৰস্ত মাৰ্শ্বেল দ্বীপপুঞ্জৰ পতাকাযুক্ত টেংকাৰ এখনৰ কৰ্মচাৰীসকলক সহায় কৰিছিল । প্ৰায় ১০ দিন পূৰ্বে বিশাখাপট্টনমে একেটা অঞ্চলতে ড্ৰোণ আক্ৰমণৰ সন্মুখীন হোৱা জেনকো পিকাৰ্ডি ব্যৱসায়িক জাহাজৰ এক সহায়ৰ আহ্বানৰ প্ৰতি সঁহাৰি দিছিল ।

চীনে ভাৰত মহাসাগৰত বিগত বছৰবোৰত ইয়াৰ উপস্থিতি দেখুৱাবলৈ চেষ্টা কৰিছে । আনহাতে, জাহাজৰ সংখ্যাৰ দ্বাৰা চীনৰ বিশ্বৰ সৰ্ববৃহৎ নৌবাহিনী আছে । যি ভাৰতীয় নৌসেনাৰ আকাৰৰ তিনিগুণতকৈও অধিক ।

বেইজিঙে ভাৰত মহাসাগৰত মুখ্যতঃ বাংলাদেশ, শ্ৰীলংকা আৰু অতি শেহতীয়াকৈ মালদ্বীপকে ধৰি ভাৰতৰ চুবুৰীয়া দেশসমূহৰ সৈতে আন্তঃগাঁথনি চুক্তিৰ জৰিয়তে ইয়াৰ সম্পৰ্ক গভীৰ কৰি তুলিছে ।

প্ৰাক্তন ভাৰতীয় সামৰিক বিষয়া আৰু বৰ্তমান কৌশলগত বিশেষজ্ঞ লেফটেনেণ্ট জেনেৰেল ডি এছ হুডাই কয় যে চীনাসকলে সম্প্ৰসাৰিত ভাৰত মহাসাগৰত অধিক সংখ্যক নৌ সেনা ঘাটিৰ সন্ধানত আছে । যাৰ বাবে ভাৰতৰ হাতত নিজৰ নিৰ্মাণ অব্যাহত ৰখাৰ বাহিৰে আন কোনো বিকল্প নাই ।

বিশেষজ্ঞসকলৰ মতে চীনৰ সৈতে বৰ্ধিত প্ৰতিযোগিতাই ভাৰতক অধিক উন্নত জাহাজ, চাবমেৰিন আৰু বিমান আহৰণ কৰিবলৈ আৰু প্ৰযুক্তি আৰু আন্তঃগাঁথনিত অধিক বিনিয়োগ কৰিবলৈ উৎসাহিত কৰিছে । যোৱা বছৰ ৭২.৬ বিলিয়ন ডলাৰত উপনীত হোৱা ভাৰতৰ বৰ্ধিত প্ৰতিৰক্ষা বাজেটৰ নৌসেনাৰ অংশ প্ৰায় ১৪ শতাংশৰ পৰা ১৯ শতাংশলৈ বৃদ্ধি হৈছে । ভাৰতীয় সেনাই পৰম্পৰাগতভাৱে সামৰিক বাজেটৰ বেছি অংশ লাভ কৰিছে ।

লগতে পঢ়ক :আমেৰিকাই ভাৰতক বিক্ৰী কৰিব ৪ বিলিয়ন ডলাৰৰ ড্ৰোণ আৰু সামৰিক সঁজুলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.