আজিৰ দিনটোৰ ৰাশিফল - HOROSCOPE FOR 18th APRIL

author img

By ETV Bharat Assamese Team

Published : Apr 18, 2024, 12:13 AM IST

Daily Horoscope For 18th April

Daily Horoscope For 18th April: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

মেষ ৰাশি : সতৰ্কতা অৱলম্বন কৰক । আপোনাৰ বন্ধু আৰু ওচৰ চুবুৰীয়াৰ লগত কোনো বৌদ্ধিক আলোচনাত লিপ্ত হ’ব পাৰে। বিবাদৰ পৰা আঁতৰি থাকক ৷ চিন্তাগ্ৰস্ত হৈ থাকিব পাৰে, নিশা টোপনি নাহিব পাৰে, মানসিক আৰু শাৰীৰিক স্থিতি অস্থিৰ হ’ব পাৰে । যাত্ৰাৰ পৰিকল্পনা থাকিলে পিছুৱাই দিয়ক ৷ যোগাসন আৰু ধ্যানসাধনা কৰক ৷

বৃষ ৰাশি : আপোনাৰ সংবেদনশীল হৈ থাকিব পাৰে । ভাতৃ-ভগ্নীৰ লগতো সম্পৰ্ক উন্নত হ’ব । আৰ্থিক লাভৰ সম্ভাৱনা আছে। দিনটোৰ মাজভাগত আপোনাৰ গ্ৰহসমূহ নিয়ন্ত্ৰণৰ বাহিৰ হ’ব পাৰে ৷ আশা কৰাতকৈ অধিক ব্যয় হ’ব।

মিথুন ৰাশি : অস্থিৰ অনুভৱ কৰিব, মন অসন্তুষ্ট আৰু নিৰাশাবাদী ভাৱনাত থাকিব পাৰে । শাৰীৰিক স্থিতি ভাল নহ’বও পাৰে ৷ ঘৰুৱা পৰিৱেশ শান্ত হৈ নাথাকিব । দিনটোৰ মাজভাগৰ পৰা পৰিস্থিতি উন্নত হ’ব । বন্ধুবৰ্গক লগ কৰাৰ লগত ফুৰিবলৈ যাওক । আপুনি ইতিবাচক হৈ থাকক ৷

কৰ্কট ৰাশি : দিনটোৰ প্ৰথম ভাগত আপুনি সতেজ আৰু উত্‍সাহিত অনুভৱ কৰিব । দিনটোৰ দ্বিতীয় ভাগত পৰিস্থিতি সলনি হ’ব পাৰে । অধিক আবেগিক হৈ পৰিব, সাৱধান হওক। হতাশা আৰু ব্যয় বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । অবৈধ আৰু অনৈতিক কাৰ্যকলাপৰ পৰা দূৰত থাকক।

সিংহ ৰাশি : গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল’ব ৷ কথা কোৱাৰ আগতে ভাবি চাওক ৷ বিবাদৰ পৰা আঁতৰত থাকক ৷ ঘৰুৱা খৰচ বৃদ্ধি পাব পাৰে। বন্ধুবৰ্গ আৰু সম্পৰ্কীয় লোকৰ লগত সময় পাৰ কৰক ৷

কন্যা ৰাশি : আপোনাৰ বাবে এটা আৰামদায়ক দিন ৷ মানসিক আৰু শাৰীৰিকভাৱে সুস্থিৰ হ’ব । ব্যক্তিগত আৰু পেচাদাৰী ক্ষেত্ৰত শুভ। দিনটোৰ পিছৰ ভাগত বিভ্ৰান্ত অনুভৱ কৰিব পাৰে ৷ আইনগত সিদ্ধান্ত লওঁতে অলপ বাধাৰ সন্মুখীন হ’ব পাৰে । সৰ্তক হওক, আৰ্থিক আৰু সামাজিক ক্ষতিৰ আশংকা আছে ।

তুলা ৰাশি : দিনটো শুভ । ঘৰৰ লোকসকলৰ মন শান্ত আৰু উত্‍সাহিত হৈ থাকিব । কৰ্মস্থলীত লাভান্বিত হ’ব ৷ বিবাহিত আৰু অভিভাৱকসকলে সন্তান আৰু সংগীৰ পৰা সুখ লাভ কৰিব । স্বাস্থ্য ভালে থাকিব ৷ আপুনি প্ৰসন্নচিত্তে থাকিব।

বৃশ্চিক ৰাশি : সৌভাগ্যশীল ৷ ধৰ্মীয় যাত্ৰা আৰু আৰ্থিক লাভ দেখা যাব । স্বাস্থ্য কুশলে আৰু শান্তিপূৰ্ণ হৈ থাকিব । শান্তিপূৰ্ণ পাৰিবাৰিক জীৱন হ’ব ৷ মাতৃৰ লগত সম্পৰ্ক সুন্দৰ হ’ব । বৈবাহিক আনন্দ লাভৰো সম্ভাৱনা আছে।

ধনু ৰাশি: পুৱাটো আনদিনৰ দৰে প্ৰাণৱন্ত আৰু আনন্দৰ নহ’বও পাৰে । অসুস্থ স্বাস্থ্য আৰু সংবেদনশীল মনে হতাশ কৰিব পাৰে। গান শুনক আৰু উত্‍ফুল্লিত হৈ থাকক । নিৰাশাবাদী চিন্তাক দূৰ কৰক । আৰ্থিক নাটনি হ’ব পাৰে ৷ দুপৰীয়াৰ পিচত পৰিস্থিতি যথেষ্ট সলনি হ’ব । অপ্ৰত্যাশিত আৰ্থিক লাভৰ সম্ভাৱনা আছে। ব্যৱসায়ীৰ বাবে লাভজনক । বন্ধুবৰ্গৰ লগত আনন্দময় আবেলি উপভোগ কৰক ।

মকৰ ৰাশি : পৰিয়াল, প্ৰিয়জন বা বন্ধুৰ লগত ফুৰিবলৈ যোৱাৰ পৰিকল্পনাৰে দিনটো আৰম্ভণি কৰক ৷ অত্যধিক ব্যয় নকৰিব। দিনটোৰ শেষৰ ভাগত আৰ্থিক নাটনিৰ সম্ভাৱনা আছে । চিন্তা দূৰ কৰক। কি কাম কৰিছে ধ্যান ৰাখক ৷

কুম্ভ ৰাশি : সুস্বাস্থ্যবান, সম্পত্তিশীল আৰু সুখী হৈ থাকিব। উপভোগ কৰক ! আপোনাৰ ইচ্ছানুসাৰে পোছাক আৰু গহনাত অধিক ব্যয় কৰিব পাৰে । অন্য বস্তু ক্ৰয় কৰিবলৈ শুভ দিন ৷ গাড়ী অথবা দুচকীয়া বাহন লাভৰ সম্ভাৱনা আছে । ব্যৱসায়ত লাভৰ লগতে খ্যাতি আৰু মান্যতাও লাভ কৰিব । বন্ধু-বৰ্গৰ লগত পিকনিকলৈ যোৱাৰ সম্ভাৱনা আছে ।

মীন ৰাশি : মীনৰাশিৰ লোকৰ বাবে এটা সাধাৰণ দিন ।সাংস্কৃতিক আকৰ্ষণসমূহৰ পৰা দূৰত থকা উচিত, বৌদ্ধিক কথোপকথনৰ বাবে লাভো হ’ব পাৰে বিবাদো হ’ব পাৰে ৷ নতুন কাম হাতত নল’ব । দিনটোৰ বিয়লিভাগৰ সময় অনুকূল হ’ব । মানসিক আৰু শাৰীৰিকভাৱে সুস্থিৰ হৈ থাকিব । নিজক প্ৰমাণ কৰিবলৈ সঠিক সময়, আৰু আপোনাৰ প্ৰতিদ্বন্দীক কঠোৰ প্ৰতিযোগিতা প্ৰদান কৰিব । জয়ী হ’ব !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.