ETV Bharat / bharat

আমেৰিকাত নিৰ্মমভাৱে হত্যা হাৰিয়ানাৰ ছাত্ৰক, উদং হ’ল দুখন ঘৰ

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 1:52 PM IST

Haryana student murdered in America : হাৰিয়ানাৰ ছাত্ৰ বিবেক চাইনীক বহিঃৰাষ্ট্ৰত নিৰ্মমভাৱে হত্যা ৷ বিনামূলীয়াকৈ খাদ্য দিবলৈ অমান্তি হোৱাৰ বাবে হাতুৰীৰে হত্যা কৰে বিবেকক ৷

Etv BharatHaryana student murdered in America
আমেৰিকাত নিৰ্মমভাৱে হত্যা হাৰিয়ানাৰ ছাত্ৰক, উদং হ’ল দুখন ঘৰ

নেশ্যনেল ডেস্ক, 30 জানুৱাৰী : বহিঃৰাষ্ট্ৰত ভাৰতীয় ছাত্ৰক হত্যা কৰাৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে ৷ মৃত ছাত্ৰগৰাকী হাৰিয়ানাৰ বিবেক চাইনী বুলি জানিবলৈ পৰা গৈছে ৷

বিবেকৰ বন্ধুৰ ভাষ্য অনুসৰি, ঘটনাটো মূলতঃ ১৬ জানুৱাৰীত সংঘটিত হৈছিল যেতিয়া ভাৰতীয় ছাত্ৰজনে গৃহহীন লোক এজনক বিনামূলীয়া খাদ্য অস্বীকাৰ কৰিছিল ৷ তেওঁ কৰ্মৰত দোকানখন বন্ধ কৰিবলৈ সময় হোৱাত তেওঁ লোকজনক খাদ্য দিবলৈ অমান্তি হৈছিল ৷ তাৰ পিচতে জুলিয়ান ফ'কনাৰ নামৰ 53 বছৰীয়া লোকজনে হাতত থকা হাতুৰীৰে বিবেকক অতৰ্কিতে আক্ৰমমণ কৰে ৷ গৃহহীন লোকজনক কৰ্মচাৰীসকলে কেইদিনমান পূৰ্বে দোকানখনত আশ্ৰয় দিছিল । হাতুৰীৰ আক্ৰমণত মৃত্যুক আকোঁৱালি লয় বিবেকে ৷

উল্লেখ্য যে, চণ্ডিগড় বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ বিজ্ঞানত বিটেক অধ্যয়ন কৰাৰ পিচত বিবেক চাইনীয়ে তেওঁৰ উচ্চ শিক্ষাৰ বাবে দুবছৰৰ পূৰ্বে আমেৰিকালৈ গৈছিল । কেইদিনমান পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলাবামা বিশ্ববিদ্যালয়ৰ পৰা এমবিএ ডিগ্ৰী লাভ কৰিছিল বিবেকে ৷

24 জানুৱাৰীত বাগদান হোৱাৰ কথা আছিল বিবেক চাইনীৰ :

মৃত বিবেক হাৰিয়ানাৰ পঞ্চকুলাৰ ভগৱানপুৰ গাঁৱৰ বাসিন্দা আছিল । তথ্য অনুসৰি, বিবেক চাইনীয়ে 24 জানুৱাৰীত বাগদান কৰাৰ কথা চলি আছিল । বিবেকে বাগদানৰ বাবে ঘৰলৈও অহাৰ কথা আছিল । বিবেকৰ ঘৰত বাগদান অনুষ্ঠানৰ বাবে উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈ আছিল ৷ কিন্তু নিয়তিৰ কৰুণ পৰিহাস, বিবেকৰ বিয়াৰ সপোন সপোন হৈয়েই ৰ’ল ৷

এই ঘটনাৰ পিচতে পৰিয়ালটোত সগৰ ভাগি পৰিছে ৷ বিবেক চাইনীৰ হত্যাৰ খবৰে পৰিয়ালটোক শোকৰ ছাঁ পেলাইছে ৷ বিবেক ছানীৰ পিতৃ গুৰজিৎ সিং আৰু মাতৃ ললিতা চাইনীয়ে কান্দি বিয়াকুল হৈ পৰিছে । পৰিয়ালটোৰ কোনো লোকেও বৰ্তমান কাৰো সৈতে কথা পাতিব পৰা অৱস্থাত নাই । বিবেক চাইনীৰ দুগৰাকী ভাতৃ আছে ৷ ভাৰতীয় দূতবাসে এই ঘটনাটোক তীব্ৰ ভাষাৰে গৰিহণা দিছে।

লগতে পঢ়ক: মই জে ই ই কৰিব নোৱাৰিলোঁ...পৰীক্ষাৰ নোট লিখা কলমটোৰে নীহাৰিকাই লিখিলে আত্মহননৰ টোকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.