ETV Bharat / bharat

ঘৰত বিয়া ঠিক হৈছে... প্ৰেমিক-প্ৰেমিকাই ল’লে চৰম সিদ্ধান্ত - lovers committed suicide

author img

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 4:06 PM IST

Lovers committed suicide in UP : প্ৰেমৰ বিৰহে থানবান কৰিলে দুখনকৈ ঘৰ ৷ প্ৰেমিকাৰ বিয়া ঠিক হোৱাৰ খবৰ লাভ কৰিয়েই প্ৰেমিক-প্ৰেমিকাই ল’লে জীৱনৰ চৰম সিদ্ধান্ত ৷ পঢ়ক এই প্ৰতিবেদন...

Lovers committed suicide in UP
ঘৰত বিয়া ঠিক হৈছে... প্ৰেমিক-প্ৰেমিকাই ল’লে চৰম সিদ্ধান্ত (etv bharat hindi)

নেশ্যনেল ডেস্ক, 3 জুন : প্ৰেম শাশ্বত ৷ প্ৰেমক জীয়াই থকাৰ উৎস বুলি কোৱা হয় ৷ সকলো প্ৰেমিক-প্ৰেমিকাৰে সপোন থাকে ঘৰৰ সন্মতি সাপেক্ষে নিজ সম্পৰ্কক সামাজিক স্বীকৃতি দিয়াৰ ৷ কিন্তু কেতিয়াবা এই প্ৰেমে লয় ধ্বংসৰ ৰূপ ৷

এইবাৰ প্ৰেমজনিত কাৰণত নিমিষতে ছাৰখাৰ হ’ল দুখনকৈ ঘৰ ৷ দুয়োৰে প্ৰেমৰ সম্পৰ্ক বহু দীঘলীয়া আছিল ৷ প্ৰতিগৰাকী প্ৰেমিক-প্ৰেমিকাৰ দৰেই দুয়োৰে ইচ্ছা আছিল ঘৰৰ সন্মতিত এখন নতুন ঘৰ সজোৱাৰ, কিন্তু নিয়তিত অন্য কিবাহে লিখা আছিল ৷

তেওঁলোক আছিল দূৰ সম্পৰ্কীয় ভাতৃ-ভগ্নী ৷ গতিকে বিয়া কোনোপধ্যেই সম্ভৱ নহয় ৷ দুয়োৱে সংকল্প লৈছিল "প্ৰেম কৰিছো যেতিয়া এক হৈহে এৰিম..."

ঠিক তেনেকুৱাতে যুৱতীগৰাকীৰ পৰিয়ালে যুৱতীগৰাকীৰ সন্মতি অবিহনে অন্য এজন যুৱকৰ সৈতে বিবাহৰ দিন ধাৰ্য কৰিলে ৷ ক্ষুব্ধ হৈ যুৱতীগৰাকীয়ে প্ৰেমিকক এই কথা ক’লে ৷ তাৰ পিচতে দুয়ো উপনীত হয় এটা সিদ্ধান্তত ৷

এই ঘটনা হৈছে উত্তৰ প্ৰদেশৰ উছৰাহাৰ অঞ্চলত ৷ এহাল যুৱক-যুৱতীয়ে আত্মহত্যাৰ কৰাৰ খবৰ পোহৰলৈ আহিছে ৷ শনিবাৰে যুৱতীগৰাকীৰ মাতৃ-পিতৃ সন্ধিয়া ফাৰ্মলৈ যোৱাৰ সুযোগ লৈ প্ৰেমিক-প্ৰেমিকাহালে আত্মহত্যা কৰে ৷ যুৱতীগৰাকী গুৰুতৰ অৱস্থাত কোঠাৰ বিচনাত পৰি আছিল ৷

প্ৰেমিক গাঁৱৰ এটা পথত অচেতন অৱস্থাত পৰি আছিল ৷ ঘৰৰ লোকে আহি এই ঘটনা দেখি হুৱা-দুৱা লগাই দুয়োকে ততালিকে সমীপৰ হাস্পতাললৈ লৈ যায় যদিও দুয়োৰে ইতিমধ্যে মৃত্যু হৈছে বুলি চিকিৎসকে জানিবলৈ দিয়ে ৷

এই ঘটনাৰ পিচতে পৰিয়ালৰ সদস্যসকলে কয় যে তেওঁলোকে দুয়োৰে প্ৰেমৰ সম্পৰ্কৰ বিষয়ে তেওঁলোকে গম পোৱা নাছিল ।

লগতে পঢ়ক: তীৰ্থযাত্ৰালৈ গৈ মৃতদেহ হৈ উভতিল; ১১ টা মৃতদেহ একেলগে দেখি হতবাক গাঁওবাসী - Jammu bus accident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.