ETV Bharat / bharat

নহৰুৰ কিলো 500 টকা অতিক্ৰম: বিশ্বাস কৰিবনে ?

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 10:55 PM IST

Garlic Price Increase: পিঁয়াজ আৰু বিলাহীৰ পিছত এতিয়া নহৰুৱে কন্দুৱাইছে সৰ্বসাধাৰণক। ৫০০ টকা অতিক্ৰম কৰিলে নহৰুৰ দামে। এই দাম বৃদ্ধিয়ে সাধাৰণ জনতাক কষ্ট দিছে। নহৰু ব্যয়বহুল হোৱাৰ কাৰণ আৰু অন্যান্য শাক-পাচলিৰ দাম সন্দৰ্ভত অখিলেশ শুক্লাৰ প্ৰতিবেদন...

Garlic Price Increase
নহৰুৰ অনিয়ন্ত্ৰিত দামবৃদ্ধি

নিউজ ডেস্ক, 2 ফেব্ৰুৱাৰী : মাত্ৰ কেইমাহমান পূৰ্বে পিঁয়াজৰ দাম আকাশলংঘী হৈছিল ৷ ইয়াৰ পিছতে বিলাহীৰ দাম ইমানেই বৃদ্ধি পালে যে বিলাহী মানুহৰ হাতৰ মুঠিৰ বাহিৰত হৈ পৰিল ৷ এইবাৰ নহৰুৰ পাল ৷ নহৰুৰ দামে এতিয়া চকু কপালত তুলিছে সকলোৰে ৷ সাধাৰণ জনতা এতিয়া কেৱল মুদ্ৰাস্ফীতিৰ বোজাত পোত গৈ আছে ৷ নহৰুৰ দাম সন্দৰ্ভত তেওঁলোকে এতিয়া ক’ব লগা হৈছে- চৰকাৰে কিবা এটা কৰক, নহৰুৰ দাম 500 টকা অতিক্ৰম কৰিলে ৷

নহৰুৰ দাম বৃদ্ধি, চিন্তিত সাধাৰণ ৰাইজ-

যোৱা কেইদিনমানৰ পৰা ধাৰাবাহিকভাৱে বৃদ্ধি পাই আহিছে নহৰুৰ দাম ৷ নহৰুৰ দাম ইমানেই বাঢ়িছে যে এতিয়া সাধাৰণ মানুহৰ পাকঘৰৰ পৰা আঁতৰি গৈছে ৷ নহৰুৰ আয়ুৰ্বেদিক গুৰুত্ব আছে ৷ ঠাণ্ডাত নহৰু সেৱন কৰাটো অতি উপকাৰী বুলি কোৱা হয় ৷ খাদ্যত সুস্বাদু কৰি তোলাত নহৰুৰ গুৰুত্ব অপৰিসীম ৷ বহুতে নহৰু নোহোৱাকৈ খাদ্য ৰান্ধিবলৈ অথবা খাবলৈ ভাল নাপায় ৷

কিন্তপ কিছুদিনৰ পৰা নহৰুৰ দাম বৃদ্ধি হৈ আহিছে ৷ এতিয়া নহৰুৰ দামে সাধাৰণ মানুহে ক্ৰয় কৰিব নোৱৰা দূৰত্বত অৱস্থান কৰিছে ৷ বৰ্তমান মুকলি বজাৰত নহৰু প্ৰতি কিলোগ্ৰামত প্ৰায় 400 ৰ পৰা 500 টকাত বিক্ৰী হৈছে ৷ কোনো কোনো ঠাইত 500 টকাও অতিক্ৰম কৰিছে নহৰুৰ দামে ৷ এনে পৰিস্থিতিত এতিয়া চিন্তিত হৈ পৰিছে সাধাৰণ জনতা ৷

নহৰুৰ দাম সন্দৰ্ভত বিক্ৰেতা উপেন্দ্ৰ কুশৱাহাই কয় যে বৰ্তমান শ্বাহদোল জিলাত নহৰুৰ মূল্য প্ৰতি কেজি 400 ৰ পৰা 500 টকালৈকে বিক্ৰী হৈছে ৷ যদি পাইকাৰী মূল্যৰ কথা কোৱা হয় তেন্তে প্ৰতি কেজিত 350 টকাৰ পৰা 400 টকাকৈ বিক্ৰী হৈছে ৷ পোৱাৰ কথা ক’বলৈ গ’লে 100 টকাৰ পৰা 120 টকাত নহৰু বিক্ৰী হৈছে ৷

কিয় বাঢ়িল নহৰুৰ দাম?

নহৰুৰ দাম কিয় ইমান বৃদ্ধি পাইছে সেই সম্পৰ্কে বিভিন্ন জনে বিভিন্ন মতামত আগবঢ়াইছে ৷ নহৰু ব্যৱসায়ী উপেন্দ্ৰ কুশৱাহাই কয় যে যোৱা বছৰহে এনেকুৱা হৈছিল ৷ উৎপাদন যেতিয়া ভাল আছিল তেতিয়া খেতিয়কে উচিত দাম পোৱা নাছিল ৷ এই সময়ত তেওঁলোকে ৰাজপথত নহৰু পেলাই দিবলৈ বাধ্য হৈছিল ৷ পূৰ্বে বাহিৰৰ পৰা গাড়ী আহিছিল আৰু 100 টকাত ৫ কেজি নহৰু দিছিল ৷ যাৰ বাবে এইবাৰ কৃষকসকলে ক্ষেত্ৰফল হ্ৰাস কৰিলে আৰু উৎপাদনো হ্ৰাস পালে ৷ উপেন্দ্ৰ কুশৱাহাই কয় যে যোৱা বতৰত জানুৱাৰী মাহত 5 কেজি পৰ্যন্ত নহৰু বিক্ৰী হৈছিল আৰু এই জানুৱাৰী-ফেব্ৰুৱাৰী মাহত একেই নহৰু প্ৰতি কেজি 500 টকালৈ বৃদ্ধি পাইছে ৷

আন এজন নহৰু বিক্ৰেতা অমিত কুমাৰ গুপ্তাৰ মতে নহৰুৰ মূল্য বৃদ্ধিৰ আঁৰৰ কাৰণ হ’ল আমদানিৰ সংখ্যা হ্ৰাস ৷ দ্বিতীয়টো ডাঙৰ কথাটো হ’ল এইবাৰ বাৰিষা পলমকৈ আহিল ৷ নহৰুৰ উৎপাদন পলম হৈছে, সেয়েহে আমদানিতো পলম হৈছে ৷ বজাৰত নতুন নহৰু আহিলে দাম স্বয়ংক্ৰিয়ভাৱে কমি যাব, কিন্তু বজাৰত নতুন নহৰু অহালৈকে দাম কমি নাযায় ৷

কৃষি বিশেষজ্ঞৰ পৰা জানক কিয় দাম বৃদ্ধি হ’ল?

এই বিষয়ে কৃষি বিশেষজ্ঞ অখিলেশ নামদেৱৰ লগত কথা পতাত তেওঁ কয় যে, নহৰু উৎপাদনত মধ্যপ্ৰদেশ প্ৰথম স্থানত আছে ৷ ইয়াৰ পিছতো এই অৱস্থাৰ সৃষ্টি হৈছে ৷ যিটো চিন্তাৰ বিষয় ৷ যোৱা বছৰ কৃষকে বৃহৎ অঞ্চলত নহৰুৰ খেতি কৰিছিল ৷ তেওঁলোকৰ উৎপাদনো ভাল আছিল, কিন্তু চৰকাৰে গুৰুত্ব নিদিলে, ক্ৰয়ো কৰা নাছিল ৷ নতুবা কৃষকসকলেও কোনো সহায় নাপালে, যাৰ বাবে কৃষকসকলে পেলনীয়া দামত নহৰু বিক্ৰী কৰিবলগীয়া হ’ল ৷ আনকি তেওঁলোকৰ খৰচো বহন কৰা হোৱা নাছিল ৷ সেয়ে এইবাৰ কৃষকে নহৰুৰ খেতি কৰা ঠাইখিনি কমাই দিলে ৷ আন এটা কাৰণ এইবাৰ বাৰিষা পলমকৈ আহিছিল ৷ বতৰৰ বহু পৰিৱৰ্তন হৈছে, যাৰ বাবে শস্য চপোৱাতো পলম হৈছে ৷

ব্যৱসায়ী আৰু গ্ৰাহকৰ মাজতো প্ৰতিযোগিতা চলি আছে ৷ ব্যৱসায়ীয়ে গ্ৰাহক আৰু বজাৰলৈ চাই এই পৰিস্থিতি অনুভৱ কৰে আৰু উৎপাদনৰ কথা মনত ৰাখি সংগ্ৰহ কৰে ৷ দাম বৃদ্ধি হ’লেহে ইয়াক উলিয়াই দিয়া হয়, এইটোও এটা ডাঙৰ কাৰণ ৷ ফলত অধিক সংখ্যক কৃষকে নিজৰ শস্য বিক্ৰী কৰে, কিন্তু তেওঁলোকে লাভ নাপায় আৰু প্ৰকৃত লাভ ব্যৱসায়ীৰ হাতলৈ যায় ৷

মধ্যপ্ৰদেশ নহৰুৰ বৃহৎ উৎপাদনকাৰী-

দেখা যায় যে নহৰুৰ সৰ্বাধিক উৎপাদন মধ্যপ্ৰদেশত হয় ৷ যদিও ভাৰতৰ প্ৰায় সকলো ৰাজ্যতে নহৰুৰ খেতি হয়, কিন্তু ইয়াৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ সকলো ৰাজ্যৰ ভিতৰত মধ্যপ্ৰদেশ বহু আগবাঢ়ি আছে ৷ ইয়াৰ জলবায়ু, মাটি নহৰু উৎপাদনৰ বাবে উপযোগী ৷ ইয়াৰ বাবেই ৰাজ্যখনত নহৰুৰ সৰ্বাধিক উৎপাদন হয় ৷ এক পৰিসংখ্যা অনুসৰি দেশত উৎপাদিত মুঠ নহৰুৰ প্ৰায় 63 শতাংশ কেৱল মধ্যপ্ৰদেশত উৎপাদিত হয় ৷ ইয়াৰ বাহিৰেও দ্বিতীয় স্থানত থকা ৰাজস্থান আৰু তৃতীয় স্থানত থকা উত্তৰ প্ৰদেশত নহৰুৰ উৎপাদন যথেষ্ট ভাল ৷

কৃষকসকলক উপেক্ষা কৰাৰ ফল-

নহৰুৰ মূল্য বৃদ্ধিৰ এটা কাৰণ হ’ল কৃষকসকল এতিয়া স্মাৰ্ট কৃষক হৈ পৰিছে ৷ পৰিৱৰ্তিত সময়ৰ লগে লগে এতিয়া তেওঁলোকে এনে শস্যৰ খেতি কৰিব বিচাৰিছে য’ত লোকচান কম ৷ নহৰুৰ খেতিতো এনেধৰণৰ কিবা এটাই ঘটিছিল ৷ 2023 চনত কৃষকসকলে ব্যাপকভাৱে নহৰুৰ খেতি কৰিছিল ৷ উৎপাদনো ভাল আছিল, কিন্তু খেতিয়কে বাটত নহৰু পেলাই দিব লগা হৈছিল, কাৰণ নহৰু প্ৰতি কেজি 5 টকা দৰতো বিক্ৰী হৈছিল ৷ ইয়াৰ পিছত কৃষকসকলে চলিত বৰ্ষত নহৰুৰ খেতি হ্ৰাস কৰিছে ৷

কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ৰ তথ্য অনুসৰি 2021-22 বৰ্ষত সমগ্ৰ দেশতে 4 লাখ 31 হাজাৰ হেক্টৰ মাটিত নহৰুৰ খেতি কৰা হৈছিল ৷ 2022-23 চনৰ তৃতীয় অগ্ৰিম অনুমানত মাত্ৰ ইয়াৰ পৰিমাণ 38,6000 হেক্টৰলৈ হ্ৰাস কৰা হৈছিল ৷ অৰ্থাৎ এবছৰত 45 হাজাৰ হেক্টৰ মাটি কমি গ’ল ৷ যদি আমি নহৰু উৎপাদনৰ কথা বিবেচনা কৰো তেন্তে 2021-22 বৰ্ষৰ ভিতৰত সমগ্ৰ দেশতে 35 লাখ 23 হাজাৰ মেট্ৰিক টন নহৰু উৎপাদন হৈছিল ৷ আনহাতে 2022-23 চনত দেশৰ তৃতীয় অগ্ৰিম অনুমানত ই মাত্ৰ 32, 33,000 মেট্ৰিক টনলৈ হ্ৰাস পাইছে ৷ অৰ্থাৎ 1 বছৰত 29 হাজাৰ মেট্ৰিক টন নহৰুৰ উৎপাদন হ্ৰাস পাইছে ৷ যাৰ বাবে এই বছৰ নহৰুৰ মূল্যই অভিলেখ সৃষ্টি কৰিছে ৷

নহৰুৰ লগতে আন শাক-পাচলিৰ দামো বৃদ্ধি পাইছে-

কেৱল এয়াই নহয়, নহৰুৰ লগতে আন আন শাক-পাচলিৰ দামো বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে ৷ বিলাহীৰ দাম কমিছিল যদিও এতিয়া সেইয়াও প্ৰতি কেজিত 50 টকা হৈছেগৈ ৷ ইয়াৰ দাম ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ৷

লগতে পঢ়ক : বাজেটত অপৰিৱৰ্তিত কৰৰ হাৰ, বিত্তীয় ঘাটিৰ সংশোধিত পূৰ্বানুমান জিডিপিৰ 5.8 শতাংশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.