ETV Bharat / bharat

ফতেহপুৰত দলবদ্ধ ধৰ্ষণ, ভুক্তভোগীৰ পৰিয়ালক হত্যাৰ ভাবুকি অভিযুক্তৰ - Fatehpur Gang rape

author img

By ETV Bharat Assamese Team

Published : May 12, 2024, 1:58 PM IST

Fatehpur Gang rape : ফতেহপুৰত যোৱা ফেব্ৰুৱাৰী মাহতে সংঘটিত হৈছিল ঘটনাটো । আদালতৰ নিৰ্দেশৰ পিচতে ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত ৩ জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু ।

Fatehpur Gang rape
ফতেহপুৰত দলবদ্ধ ধৰ্ষণ (ETV Bharat)

নেশ্যনেল ডেস্ক,১২ মে' : উত্তৰ প্ৰদেশৰ ফতেহপুৰত দলবদ্ধ ধৰ্ষণৰ ঘটনা । ৩০ বছৰীয়া এগৰাকী বিবাহিত মহিলাক ধৰ্ষণৰ অভিযোগ চুবুৰীয়াৰ বিৰুদ্ধে । আদালতৰ হস্তক্ষেপৰ পিচতে আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে । অভিযোগ অনুসৰি গোহালিত গৰুক খাদ্য দিবলৈ যোৱাৰ সময়তে মহিলাগৰাকীক এজন চুবুৰীয়াই দুজন যুৱকৰ সৈতে ধৰ্ষণ কৰে ।

ভুক্তভোগীৰ স্বামীয়ে আৰক্ষীক দিয়া অভিযোগ অনুসৰি, তেওঁৰ পত্নীয়ে এই বছৰৰে ১৮ ফেব্ৰুৱাৰীৰ নিশা প্ৰায় ৮ বজাত গোহালিলৈ গৰুক খাদ্য দিবলৈ গৈছিল । এই সময়ছোৱাত, অশোক কুমাৰ সিং নামৰ এজন চুবুৰীয়াই দুজন সহযোগীৰ সৈতে তেওঁক আক্ৰমণ কৰে । তিনিওজনে পত্নীক আক্ৰমণ কৰাৰ লগতে দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ কৰিছে স্বামীয়ে ।

ইফালে এই ঘটনাটোৰ বিষয়ে আৰক্ষী বা পৰিয়ালৰ লোকক অৱগত কৰিলে তেওঁৰ পত্নীকে ধৰি গোটেই পৰিয়ালটোক হত্যা কৰাৰো ভাবুকি দিছিল । যাক লৈ মহিলাগৰাকী যথেষ্ট শংকিত হৈ পৰিছিল । কিছুদিনৰ পিচত মহিলাগৰাকীয়ে পৰিয়ালক ঘটনাটোৰ বিষয়ে অৱগত কৰে । কিন্তু ভুক্তভোগী পৰিয়ালটোৰ অভিযোগ অনুসৰি তেওঁলোকে আৰক্ষীক এই বিষয়ে অৱগত কৰিছিল যদিও এই ক্ষেত্ৰত আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল ।

পৰিয়ালটোৰ মতে আৰক্ষীয়ে গোচৰটো ৰুজু কৰিবলৈ অস্বীকাৰ কৰিছিল । যাৰ বাবে পৰিয়ালটো আদালতৰ কাষ চাপিছিল । আদালতৰ নিৰ্দেশত, আৰক্ষীয়ে ৩ অভিযুক্তৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ এক গোচৰ ৰুজু কৰে ।

কোতৱালীৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক ৰাজেন্দ্ৰ সিঙে কোৱা মতে আদালতৰ নিৰ্দেশৰ পিচতে শনিবাৰে দলবদ্ধ ধৰ্ষণৰ গোচৰটো ৰুজু কৰা হৈছে । ভুক্তভোগীক সোধা-পোছাও কৰা হৈছে আৰু প্ৰাথমিক তদন্ত অব্যাহত আছে । ইফালে আৰক্ষীয়ে তদন্তৰ সময়ত ভূমি বিবাদৰ এক তথ্য লাভ কৰিছে ।

লগতে পঢ়ক:নুডলছ খোৱাৰ পূৰ্বে সাৱধান: নুডলছৰ বাবে সংঘটিত হ’ল ভয়ংকৰ ঘটনা - Deadly Noodles
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.