ETV Bharat / bharat

গণৰাজ্য দিৱসৰ পেৰেডত উজলিল ইছৰ'ৰ প্ৰতীকপট

author img

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 3:18 PM IST

ISRO Tableau in R Day parade: ইছৰ'ৰ প্ৰতীকপটত চন্দ্ৰযান-৩ আৰু আদিত্য এল-১ৰ সফল অভিযান উপস্থাপন কৰা হৈছে । ভাৰত তথা ইছৰ'ৰ ভৱিষ্যতৰ পৰিকল্পনাসমূহো উল্লেখ কৰা হৈছে । গণৰাজ্য দিৱসৰ পেৰেডত সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল এই প্ৰতীকপট ।

Republic Day 2024
গণৰাজ্য দিৱসৰ পেৰেডত উজলিল ইছৰোৰ প্ৰতীকপট

নেশ্যনেল ডেস্ক,২৬ জানুৱাৰী : দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰ') অংশগ্ৰহণ কৰে । ইছৰ'ৰ প্ৰতীকপটৰ ওপৰত দেশবাসী দৃষ্টি নিবদ্ধ থাকিল । ইছৰ'ৱে প্ৰতীকপটত চন্দ্ৰযান-৩ৰ সফলতাক উপস্থাপন কৰাৰ প্ৰয়াস কৰে । যিটো উপস্থিত সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল ।

চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান-৩ ৰ সফল ছফ্ট লেণ্ডিঙৰ লগতে সূৰ্য অন্বেষণৰ বাবে ইছৰ'ৱে মহাকাশলৈ প্ৰেৰণ কৰা আদিত্য এল-১কো প্ৰতীকপটত উপস্থাপন কৰা হয় । ইফালে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰ')ৰ বিভিন্ন অভিযানত মহিলা বিজ্ঞানীসকলৰ অংশগ্ৰহণো এই প্ৰতীকপটত প্ৰদৰ্শন কৰা হয় । ইয়াৰ জৰিয়তে ইছৰ'ৱে অহা বছৰ ভাৰতৰ প্ৰথম মানৱ মহাকাশ উৰণ সম্পন্ন কৰাৰ পৰিকল্পনাকো প্ৰদৰ্শনৰ প্ৰয়াস কৰিছে ।

এই প্ৰতীকপট উৎক্ষেপণ বাহন মাৰ্ক-৩ৰ এক আৰ্হি আছিল । যিয়ে শ্ৰীহৰিকোটাৰ পৰা চন্দ্ৰযান-৩ ক চন্দ্ৰলৈ লৈ গৈছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিৱ শক্তি পইণ্ট নাম দিয়া মহাকাশযানখনৰ চন্দ্ৰ অৱতৰণৰ স্থানটোও ইয়াত প্ৰদৰ্শন কৰা হৈছে ।

প্ৰতীকপটখনত আদিত্য এল-১ৰ সফল অভিযানৰ লগতে গগনযান আৰু ভাৰতীয় মহাকাশ ষ্টেচনৰ দৰে ভৱিষ্যত অভিযানৰো উদাহৰণ দাঙি ধৰা হৈছে । লগতে প্ৰতীকপটখনত প্ৰাচীন জ্যোতিবিদ যেনে আৰ্যভট্ট আৰু বৰাহমিহিৰৰ দৰে চৰিত্ৰবোৰো উপস্থাপন কৰা হৈছে । মুঠতে ইছৰ'ৰ ঐতিহাসিক সফলতা আৰু সমসাময়িক বৈজ্ঞানিক সাফল্য আৰু মহাকাশ অন্বেষণত ভাৰতৰ অৱদানক এই প্ৰতীকপটত উপস্থাপন কৰা হৈছে ।

উল্লেখ্য যে ভাৰতীয় মহাকাশ সংস্থাটোৱে ২০২৪-২০২৫ চনত গগনযান মিছনৰ লক্ষ্য ৰাখিছে । আনহাতে ইছৰ'ৱে ২০৩৫ চনৰ ভিতৰত 'ভাৰতীয় মহাকাশ ষ্টেচন' স্থাপন কৰাৰো পৰিকল্পনা কৰিছে । আনহাতে ২০৪০ চনৰ ভিতৰত প্ৰথমগৰাকী ভাৰতীয়ক চন্দ্ৰলৈ প্ৰেৰণ কৰাৰো পৰিকল্পনা কৰিছে ইছৰ'ৱে ।

লগতে পঢ়ক :কৰ্তব্য পথত ৰাষ্ট্ৰপতিৰ ৰাষ্ট্ৰীয় পতাকা উন্মোচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.