ETV Bharat / bharat

মণিপুৰ বিস্ফোৰণৰ দায়িত্ব লোৱা নাই কোনো সংগঠনে; বিদ্যালয় আৰু কাৰ্যালয়ত অগ্নিসংযোগ - blast in manipur

Manipur Violence : পুনৰ উত্তপ্ত মণিপুৰ । মণিপুৰত ইতিমধ্যে সৃষ্টি হৈ থকা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতে সংঘটিত হয় এক নতুন হিংসাত্মক ঘটনা । দুৰ্বৃত্তৰ এটা দলে শনিবাৰে পুৱতি নিশা ইম্ফল পশ্চিম জিলাৰ অন্তৰ্গত মণিপুৰ ইউনাইটেড কমিটীৰ কাৰ্যালয়ত অগ্নিসংযোগ কৰে ।

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা
author img

By ETV Bharat Assamese Team

Published : February 24, 2024 at 2:17 PM IST

3 Min Read
মণিপুৰ বিস্ফোৰণৰ দায়িত্ব লোৱা নাই কোনো সংগঠনে

কাছাৰ/তেজপুৰ, ২৪ ফেব্ৰুৱাৰী : হিংসাজৰ্জৰ মণিপুৰত যেন হিংসাত্মক ঘটনা মাৰ যোৱাৰ নামেই লোৱা নাই । শুকুৰবাৰে নিশা পুনৰ উত্তপ্ত হৈ উঠে মণিপুৰ । শুকুৰবাৰে নিশা বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ পিছত মাজনিশা সংঘটিত হয় অগ্নিসংযোগৰ ঘটনা । সূত্ৰ অনুসৰি, অগ্নিসংযোগৰ ঘটনাটো শুকুৰবাৰে মাজনিশা প্ৰায় 12.40 বজাত সংঘটিত হয় । অগ্নিসংযোগ কৰা ইউচিএম কাৰ্যালয়টো ইম্ফল পশ্চিমৰ লাম্ফেলত অৱস্থিত । শুকুৰবাৰে নিশা ইম্ফল পশ্চিমৰ থাংমেইবান্দৰ ডিএম মহাবিদ্যালয়ৰ বাহিৰত সংঘটিত বিস্ফোৰণৰ ঘটনাৰ পিছত এই ঘটনাটো সংঘটিত হয় ।

উল্লেখ্য যে শুকুৰবাৰে নিশা প্ৰায় ৯.২০ বজাত ইম্ফল পশ্চিম জিলাৰ থাংমেইবন্দৰ ডিএম কলেজ চৌহদৰ মণিপুৰ ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অচিনাক্ত দুষ্কৃতিকাৰীয়ে বোমা বিস্ফোৰণ ঘটায় । এই ঘটনা সন্দৰ্ভত আৰক্ষী আৰু সুৰক্ষা বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে । বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, এই প্ৰচণ্ড বিস্ফোৰণ বহু দূৰলৈকে শুনা গৈছিল ।

বিস্ফোৰণত আঘাতপ্ৰাপ্ত দুজন ব্যক্তি ক্ৰমে কেইবুল লামজাওৰ এছ ইবোমচাৰ পুত্ৰ ছালাম মাইকেল (২৪) আৰু উপকপিৰ অ' ইংগোচাৰ পুত্ৰ অইনাম কেনেগীক (২৪) ইম্ফলৰ উত্তৰ এঅ'চিৰ ৰাজ মেডিচিটিলৈ স্থানান্তৰ কৰা হয় । ৰাজ মেডিচিটিত অইনাম কেনেগীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । এই ২৪ বছৰীয়া ছাত্ৰজন ডিএম মহাবিদ্যালয়ৰ পঞ্চম যাণ্মাসিকত অধ্যয়নৰত আছিল । মণিপুৰ আৰক্ষীৰ দল ততাতৈয়াকৈ বিস্ফোৰণস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু এই বিস্ফোৰণৰ তদন্ত চলি আছে বুলি জানিবলৈ দিয়ে । আনহাতে, এই বিস্ফোৰণৰ দায়িত্ব বৰ্তমানলৈকে কোনো সংগঠনে স্বীকাৰ কৰা নাই ।

আনহাতে, মণিপুৰৰ ইম্ফলত নিশা দুৰ্বৃত্তই এটা কাৰ্যালয়ৰ লগতে এখন বিদ্যালয়তো অগ্নিসংযোগ কৰে । মণিপুৰ আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ইম্ফল পশ্চিমৰ পৰা কেৱাইকেএল সংগঠনৰ এজন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰে । যোৱা ১৬ ফেব্ৰুৱাৰী নিশা চেকমাইত ট্ৰাকচালকক আক্ৰমণ কৰাৰ সন্দেহ কৰা হৈছে এমপিটিচি গে'টৰ সমীপৰ পাংগেই লেইৰাম মাপানৰ জিতেনছানা নানাওৰ (৪৩) ওপৰত । নিৰাপত্তাৰক্ষীৰ পৰা কাঢ়ি লোৱা এটা মেগজিন, ১১ ৰাউণ্ড গুলী, দুটা মোবাইল ফোন, এটা ৱালেটত নগদ ১০১০ টকা আৰু এখন আধাৰ কাৰ্ড জব্দ কৰে ।

উল্লেখ্য যে অলপতে মণিপুৰৰ সীমান্তৱৰ্তী চহৰ মৰেত অশান্ত পৰিস্থিতিৰ মাজত পঞ্চম অসম ৰাইফলছৰ কনভয়ক আগচি ধৰি অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে অত্যাধুনিক অস্ত্ৰৰে ভাবুকি প্ৰদান কৰে । ১৭ জানুৱাৰীত টি ইয়াংনমত সংঘটিত এই কাণ্ডত কুকি জনগোষ্ঠীৰ অন্তৰ্গত অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে পঞ্চম অসম ৰাইফলছৰ কনভয়ৰ বাট বন্ধ কৰি থকা আৰু উক্ত স্থানৰ পৰা সেনাৰ গাড়ী পিছুৱাই যোৱাৰ সময়ত কনভয়ৰ পৰা অস্ত্ৰ-শস্ত্ৰ উলিয়াই থকা দেখা গৈছিল । যাৰ ফলত নিৰাপত্তা বাহিনীয়ে পৰিস্থিতি চম্ভালাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছিল । উক্তদিনাই মৰে'ত অস্ত্ৰধাৰী দুষ্কৃতিকাৰীৰ আক্ৰমণত দুগৰাকী আৰক্ষী আৰু আন দুগৰাকী নিৰাপত্তাৰক্ষীৰ মৃত্যু হৈছিল ।

মণিপুৰৰ এই ঘটনাৰ সূত্ৰপাত মেইটেই সম্প্ৰদায়ৰ অনুসূচিত জনজাতি (এছটি) মৰ্যাদাৰ দাবীৰ প্ৰতিবাদত ৰাজ্যখনত জনজাতীয় সংহতি পদযাত্ৰাৰ আয়োজন কৰাৰ পিছতে ঘটে । যোৱা বছৰৰ ৩ মে'ত ইয়াৰ ফলত জাতিগত হিংসাৰ সূচনা হয় আৰু এই হিংসাত মণিপুৰত এতিয়ালৈকে ১৮০ জনতকৈ অধিক লোকৰ মৃত্যু হয় আৰু প্ৰায় ৬০ হাজাৰ লোক আজিও গৃহহীন হৈ আছে ।

লগতে পঢ়ক : মণিপুৰত বিস্ফোৰণৰ ঘটনাত নিহত ১, আহত ২

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.