ETV Bharat / bharat

ৰঞ্জন গগৈ কিয় উপস্থিত নাথাকিল ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত

author img

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 4:40 PM IST

Pran Pratishtha ceremony : বৈদিক শাস্ত্ৰ অনুসৰি আজিৰ এই মাহেন্দ্ৰ ক্ষণতে জন্ম লাভ কৰিছিল ৰামচন্দ্ৰই ৷ সেয়ে এই পবিত্ৰ ক্ষণতে প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ল অযোধ্যাৰ ৰাম মন্দিৰৰ ৷ ৰাম মন্দিৰৰ এই বিশেষ অনুষ্ঠানৰ সাক্ষী হৈ ৰ’ল অগণন ৰামভক্ত ৷ কিন্তু নিমন্ত্ৰণ লাভ কৰিও উক্ত অনুষ্ঠানত উপস্থিত নহ’ল উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ ৷ 2019 চনৰ 9 নৱেম্বৰত অযোধ্যাৰ ৰাম মন্দিৰৰ গোচৰ সম্পৰ্কত ৰায়দান কৰা তেতিয়াৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ কিয় উপস্থিত নাথাকিল এই অনুষ্ঠানত ?

Pran Pratishtha ceremony
অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা হ’ল ৰামৰ

নিউজ ডেস্ক, 22 জানুৱাৰী : মহা ধুমধামেৰে আজি (সোমবাৰ) অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা হ’ল শ্ৰীৰামৰ ৷ বিগত প্ৰায় তিনি মাহজুৰি সমগ্ৰ দেশত আজিৰ এই বিশেষ দিনটোক কেন্দ্ৰ কৰি এনে এক পৰিৱেশৰ সৃষ্টি হৈছিল, যি আছিল সঁচা অৰ্থত নজিৰবিহীন ৷

অৱশেষত সেই মাহেন্দ্ৰ ক্ষণ আহিল আৰু আজি হিলদল ভাঙি লাখ লাখ লোক উবুৰি খাই পৰিল অযোধ্যাত শ্ৰীৰামৰ চৰণত ৷ কিন্তু আজিৰ এই বিশেষ অনুষ্ঠানটোলৈ ভি ভি আই পি অতিথিৰূপে নিমন্ত্ৰণ লাভ কৰাৰ পিচতো সেই অনুষ্ঠানত উপস্থিত নাথাকিল এজন বিশেষ ব্যক্তি ৷ তেওঁ হ’ল উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ ৷

অযোধ্যাৰ ৰাম মন্দিৰৰ লগত প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ আছে এক বিশেষ সম্পৰ্ক ৷ 2019 চনৰ 9 নৱেম্বৰত তেতিয়াৰ দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বাধীন পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে অযোধ্যাৰ ৰাম মন্দিৰৰ গোচৰ সম্পৰ্কত চূড়ান্ত ৰায় দিছিল, যাৰ বাবে আজি সম্ভৱ হৈ উঠিল এই মন্দিৰ ৷ তেওঁলোক হ’ল অশোক ভূষণ, এছ এ বোবডে, এছ আব্দুল নাজিৰ আৰু ডি ৱাই চন্দ্ৰচূড় ৷ সেয়ে ৰাম মন্দিৰৰ আজিৰ এই বিশেষ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছিল এই পাঁচোগৰাকী ন্যায়াধীশক ৷

কিন্তু তাৎপৰ্যপূৰ্ণভাৱে নিমন্ত্ৰণ লাভ কৰা এই পাঁচোগৰাকী ন্যায়াধীশৰ ভিতৰত কেৱল অশোক ভূষণহে আজি এই অনুষ্ঠানত উপস্থিত থাকে ৷ ইয়াৰ বিপৰীতে প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈ আজিৰ দিনটোত গুৱাহাটীত ব্যস্ত হৈ থাকে ৷

প্ৰাপ্ত তথ্য অনুসৰি, গগৈৰ মাতৃৰ নামত স্থাপিত এটা স্বেচ্ছাসেৱী সংগঠনৰ কাম-কাজৰ সৈতে আজি তেওঁ ব্যস্ত হৈ পৰে ৷ একেদৰে সাংসদ পুঁজিৰ কেবাখনো আঁচনিক লৈ আজি গুৱাহাটীত বিশেষভাৱে ব্যস্ত থাকে ৰঞ্জন গগৈ ৷ যাৰ পৰিপ্ৰেক্ষিতত আজি তেওঁ অযোধ্যাৰ এই বিশেষ অনুষ্ঠানটোত উপস্থিত থাকিব নোৱাৰিলে ৷

আনহাতে, বাকী তিনিগৰাকী ন্যায়াধীশৰ ভিতৰত উচ্চতম ন্যায়ালৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ইতিমধ্যে স্পষ্ট কৰি দিছে যে আজিৰ দিনটোত ন্যায়ালয় খোলা থকাৰ হেতুকে কোনো ধৰ্মীয় অনুষ্ঠানত তেওঁ ভাগ নলয় ৷ একেদৰে আনগৰাকী প্ৰাক্তন ন্যায়াধীশ এছ এ বোবডেই আজি অৱসৰ কটাইছে নাগপুৰস্থিত তেওঁৰ নিজা বাসভৱনত ৷

ঠিক একেদৰে তৃতীয়গৰাকী প্ৰাক্তন ন্যায়াধীশ এছ আব্দুল নাজিৰে বৰ্তমান অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যপাল হিচাবে কাৰ্যনিৰ্বাহ কৰি আছে ৷ সেয়ে তেওঁ আজিৰ এই প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত ভাগ ল’বলৈ নগ’ল ৷

লগতে পঢ়ক : পৰম্পৰাগত পোছাকত প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ নেতৃত্ব প্ৰধানমন্ত্ৰী মোদীৰ; গৃহ মন্ত্ৰী- প্ৰতিৰক্ষা মন্ত্ৰীৰ প্ৰাৰ্থনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.