ETV Bharat / bharat

কীটনাশক দ্ৰব্য পান কৰি মৃত্যু দুবছৰীয়া শিশুৰ

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 12:38 PM IST

Firozabad child drinking pesticide : মৰ্মান্তিক ৷ কীটনাশক দ্ৰব্য পান কৰি মৃত্যুক আঁকোৱালি ল’লে এটি দুবছৰীয়া শিশুৱে ৷ জানিব পৰা মতে, শিশুটিৰ ঘৰ উত্তৰ প্ৰদেশত ৷

Firozabad child drinking pesticide
দুবছৰীয়া শিশুৰ মৃত্যু

নেশ্যনেল ডেস্ক, 6 জানুৱাৰী : উত্তৰ প্ৰদেশৰ ছিৰছাগঞ্জত সংঘটিত হৈছে এক অঘটন ৷ সোমবাৰে জিলাখনৰ ছিৰছাগঞ্জৰ এটি দুবছৰীয়া শিশুৱে পানী বুলি বটলত ভৰাই থোৱা কীটনাশক দ্ৰব্য পান কৰে ৷ ফলত শিশুটিৰ অৱস্থা ক্ৰমাৎ বেয়াৰ ফালে গতি কৰে । লগে লগে পৰিয়ালৰ লোকে শিশুটিক চিকিৎসালয়লৈ লৈ যায় । কিন্তু চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে ।

শিশুটি দিল্লীৰ পৰা মোমায়েকৰ ঘৰলৈ আহিছিল :

ছিৰছাগঞ্জ থানা অন্তৰ্গত মহল্লা নাগলা তুৰ্কিয়াত সংঘটিত হৈছে এই ঘটনা । প্ৰকৃততে দিল্লীৰ সংগম বিহাৰত ঘৰ শিশুটিৰ ৷ মাকৰ সৈতে মোমায়েকৰ ঘৰলৈ আহিছিল শিশুটিয়ে । সোমবাৰে দুপৰীয়া খেলি থাকোঁতে ঘৰত ৰখা বটল এটাৰ ওপৰত চকু পৰে । জানিব পৰা মতে, বটলটোত ৰখা হৈছিল কীটনাশক দ্ৰব্য ।

কিন্তু শিশুটিয়ে বটলটো পানী বুলি ভাবি তুলি লৈছিল । তাৰ পিচত ঢাকনিখন খুলি মুখত ভৰাই দিয়ে । কীটনাশক দ্ৰব্য সেৱন কৰাৰ পিচতেই শিশুটিৰ অৱস্থা ক্ৰমাৎ বেয়াৰ পালে গতি কৰে । ইয়াৰ পিচত পৰিয়ালৰ লোকে শিশুটিক ফিৰোজাবাদৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় ।

পৰিয়ালটোৰ সকলোৰে প্ৰিয় আছিল শিশুটি :

যেতিয়া চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে, তাৰ পাচৰে পৰাই শোকাস্তব্ধ হৈ পৰে পৰিয়ালটো ৷ জানিব পৰা মতে, মাত্ৰ কেইদিনমান আগতেহে শিশুটি মাকৰ সৈতে মোমায়েকৰ ঘৰলৈ আহিছিল । পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়াও শিশুটিক বৰ মৰম কৰিছিল ৷

ছিৰছাগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উদবীৰ সিঙে কয় যে পৰিয়ালৰ লোকে এই সন্দৰ্ভত কোনো তথ্য আৰক্ষীক দিয়া নাই । অৱশ্যে আৰক্ষীয়ে নিজাকৈয়ে যুগুত কৰিছে ঘটনাৰ তথ্য ।

লগতে পঢ়ক : পঞ্চতাৰকা হোটেলত কোনে, কিয় হত্যা কৰিলে মহাৰাষ্ট্ৰৰ সন্দীপক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.