ETV Bharat / bharat

সম্প্ৰীতিৰ নিদৰ্শন: ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনাই জন্ম হোৱা সন্তানৰ নাম ৰাখিলে ৰাম ৰহিম

author img

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 6:23 PM IST

Muslim baby name Ram Rahim : সমগ্ৰ দেশজুৰি ৰামৰ ভক্তিত বিলীন হৈ আছে দেশবাসী ৷ এই ঐতিহাসিক ক্ষণৰ মাজতে পুনৰ আৱিৰ্ভাৱ হ’ল ৰাম ৰহিমৰ ৷ পঢ়ক সবিশেষ...

Muslim baby name ram-rahim
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনাই জন্ম হোৱা সন্তানৰ নাম ৰাখিলে ৰাম-ৰহিম

নেশ্যনেল ডেস্ক, 23 জানুৱাৰী : দেশজুৰি ৰামময় পৰিৱেশ ৷ উত্তৰ প্ৰদেশৰ অযোধ্যাত 22 জানুৱাৰীত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সাক্ষী হৈ ৰ’ল সমগ্ৰ দেশবাসী ৷ এই সুখৰ মুহূৰ্তৰ সমগ্ৰ দেশতে দেৱালী উদযাপন কৰা হয় ৷ চাৰিওফালে ৰামৰ বন্দনা আৰু আনন্দময় পৰিৱেশে বিৰাজ কৰিছে ৷

কেৱল হিন্দু পৰিয়ালে নহয় বহুতো মুছলমান পৰিয়ালেও এই মাহেন্দ্ৰ ক্ষণ উদযাপন কৰা দেখা গৈছিল ৷ ইয়াৰ মাজতে ৰাজ্যখনৰ ফিৰোজাবাদৰ এটা পৰিয়ালত খোদ আবিৰ্ভাৱ হ’ল ৰাম ৰহিম ৷ প্ৰকৃততে জিলাখনৰ এটা মুছলমান পৰিয়ালৰ এগৰাকী মহিলাই 22 জানুৱাৰীত এটি সন্তান প্ৰসৱ কৰে ৷ ইয়াৰ পিচতেই পৰিয়ালটোৱে শুভদিনৰ উপলক্ষে নৱজাতকটোৰ নাম ৰাম ৰহিম ৰাখে ।

এই কাৰ্যৰ ফলত মুছলমান পৰিয়ালটোৱে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ পৰিয়ালটোৱে সম্প্ৰীতিৰ এক নিদৰ্শন স্থাপন কৰিছে বুলি গাঁওবাসীয়ে মত প্ৰকাশ কৰিছে ৷ লগতে পৰিয়ালটোৱে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে অত্যন্ত সুখী হৈছে বুলি মন্তব্য প্ৰকাশ কৰে ৷

উল্লেখ্য যে দেশৰ ভিন্ন প্ৰান্তত 22 জানুৱাৰীৰ দিনটোত হাস্পতালসমূহত ভিৰ পৰিলক্ষিত কৰা হৈছেল ৷ সকলো গৰ্ভৱতী মহিলাই বিচাৰিছিল যে সেই পবিত্ৰ ক্ষণত তেওঁলোকে সন্তান প্ৰসৱ কৰে ৷ সকলোৱে এই বিশেষ দিনটো স্মৰণীয় কৰিব বিচাৰিছিল।

অৱশ্যে, সোমবাৰৰ দিনটোত বহুতো মহিলাই সন্তান প্ৰসৱ কৰিছিল ৷ কিন্তু এই সকলোবোৰৰ ভিতৰত, মুছলমান সম্প্ৰদায়ৰ মহিলা ফাৰজানে জিলা চিকিৎসালয়ত ল’ৰা এটা সন্তান জন্ম দিছিল ৷ মহিলাগৰাকীৰ শাহুৱেকে কৈছিল যে ৰামলালাৰ পবিত্ৰ দিনটোত তেওঁলোকৰ ঘৰলৈ সৰু অতিথি আহিছে । এই দিনটো স্মৰণীয় কৰিবলৈ নৱজাতকটোৰ নাম ৰাম ৰহিম ৰখাৰ সিদ্ধান্ত লয় ।

ফিৰোজাবাদ জিলা চিকিৎসালয়ৰ চিএমএছ ডাঃ নবীন জৈনৰ মতে, মহিলা চিকিৎসালয়ত সোমবাৰে 12 টা শিশুৰ জন্ম হৈছে ।

লগতে পঢ়ক: ৰাম মন্দিৰত ভক্তৰ অভাৱনীয় ভিৰ, সমস্যাত স্থানীয় আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.