ETV Bharat / bharat

মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ দিল্লীৰ বাসগৃহত ইডিৰ দল

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 1:23 PM IST

ED at Hemant Soren Residence : ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ দিল্লীস্থিত বাসগৃহত ইডিৰ দল উপস্থিত হোৱাৰ খবৰ পোৱা গৈছে । ভূমি কেলেংকাৰীৰ সৈতে সম্পৰ্কিত এক গোচৰত ইডিয়ে চোৰেনক চমন জাৰি কৰিছিল ।

মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ দিল্লীৰ বাসগৃহত ইডিৰ দল
মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ দিল্লীৰ বাসগৃহত ইডিৰ দল

নিউজ ডেস্ক, ২৯ জানুৱাৰী : ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেন বৰ্তমান দিল্লী ভ্ৰমণত আছে । ইফালে এই সময়তে ইডিৰ দলে সোমবাৰে তেওঁৰ দিল্লীস্থিত বাসগৃহত উপস্থিত হোৱা বুলি তথ্য লাভ কৰা গৈছে । অৱশ্যে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক নিশ্চয়তা লাভ কৰা হোৱা নাই । উল্লেখ্য যে ভূমি কেলেংকাৰীৰ গোচৰত ইডিয়ে মুখ্যমন্ত্ৰীগৰাকীক দশমবাৰৰ বাবে চমন জাৰি কৰিছিল আৰু 29-31 জানুৱাৰীৰ ভিতৰত সোধা-পোছাৰ বাবে তেওঁক সময় দিবলৈ কৈছিল ।

তাৰ মাজতে ২৭ জানুৱাৰীত নিশা ৮ বজাত মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে বিশেষ বিমানেৰে দিল্লীলৈ ৰাওনা হয় । সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, ঝাৰখণ্ড আৰক্ষীকো সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে । এই তথ্য লাভ কৰাৰ পিছতে এতিয়া ঝাৰখণ্ডত এক আলোড়নৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে চৰকাৰী সূত্ৰই সংবাদ সংস্থা পিটিআইক জনোৱা মতে, ২৭ জানুৱাৰীত ইডিয়ে চোৰেনক নতুনকৈ যোগাযোগ কৰি তেওঁক অহা সপ্তাহত পুনৰ ধন আত্মসাতৰ গোচৰৰ তদন্তত যোগদান কৰিবলৈ কয় ।

পূৰ্বৰ নবাৰকৈ ইডিৰ চমন এৰাই যোৱা চোৰেনক ২৯ বা ৩১ জানুৱাৰীত সোধা-পোছাৰ বাবে তেওঁৰ উপলব্ধতা নিশ্চিত কৰিবলৈ কোৱা হয় ।

কেন্দ্ৰীয় সংস্থাটোৱে পূৰ্বতে চোৰেনক ২৭ ৰ পৰা ৩১ জানুৱাৰীৰ ভিতৰৰ যিকোনো এটা তাৰিখত তদন্তত যোগদান কৰিবলৈ কয় । কিন্তু তাত কোনো আনুষ্ঠানিক সঁহাৰি লাভ নকৰাত ৪৮ বছৰীয়া ৰাজনীতিবিদজনক নতুনকৈ পত্ৰ তথা চমন জাৰি কৰে ।

উল্লেখ্য যে অনুসন্ধানকাৰীসকলে ৰাঁচীত থকা তেওঁৰ চৰকাৰী বাসভৱনলৈ যোৱাৰ পিছত ইডিয়ে ২০ জানুৱাৰীত গোচৰটোত প্ৰথমবাৰৰ বাবে চোৰেনৰ বিবৃতি লিপিবদ্ধ কৰে । অনুসন্ধানকাৰীসকলে তেওঁৰ ঘৰত অতিবাহিত কৰা প্ৰায় সাত ঘণ্টাৰ সময়ছোৱাত ধন আত্মসাত প্ৰতিৰোধ আইনৰ (পিএমএলএ) অধীনত এই বিবৃতি লিপিবদ্ধ কৰে ।

লগতে পঢ়ক :লালু আৰু তেজস্বীক পুনৰ ইডিৰ চমন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.