ETV Bharat / bharat

11 খন ৰাজ্যত ভোটাৰৰ হাৰ বৃদ্ধি লক্ষ্যৰে আজি আলোচনাত বহিব নিৰ্বাচন আয়োগ - EC Seeks To Increase Voter

author img

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 8:13 AM IST

EC Seeks To Increase Voter Turnout In 11 States; To Brainstorm With Officials On Friday
11 খন ৰাজ্যত ভোটাৰৰ সংখ্যা বৃদ্ধিৰে আজি আলোচনাত বহিব নিৰ্বাচন আয়োগ

EC Seeks To Increase Voter : ভোটদানৰ হাৰ কম হোৱা 11 খন ৰাজ্যৰ পৌৰসভাৰ আয়ুক্ত আৰু জিলা নিৰ্বাচনী বিষয়াৰ সৈতে আজি আলোচনাত বহিব নিৰ্বাচন আয়োগ । 11 খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰ হৈছে বিহাৰ, উত্তৰ প্ৰদেশ, দিল্লী, মহাৰাষ্ট্ৰ, উত্তৰাখণ্ড, তেলেংগানা, গুজৰাট, পঞ্জাৱ, ৰাজস্থান, জম্মু-কাশ্মীৰ আৰু ঝাৰখণ্ড ।

নেশ্যনেল ডেস্ক, 5 এপ্ৰিল : ভোটাৰৰ হাৰ বৃদ্ধিৰ প্ৰচেষ্টাৰে শুকুৰবাৰে আলোচনাত বহিব নিৰ্বাচন আয়োগ ৷ লোকসভা নিৰ্বাচনত ভোটাৰৰ হাৰ বৃদ্ধিৰ লক্ষ্যৰে নিৰ্বাচন আয়োগে বিগত সময়ত ভোটদানৰ হাৰ কম হোৱা 11 খন ৰাজ্যৰ পৌৰ আয়ুক্ত আৰু জিলা নিৰ্বাচনী বিষয়াৰ সৈতে আলোচনাত বহি পদক্ষেপ গ্ৰহণ কৰিব ।

ভোটদানৰ হাৰ কম থকা গ্ৰাম্য আৰু নগৰীয়া দুয়োটা সংসদীয় সমষ্টিকে ইয়াৰ বাবে লক্ষ্য কৰি লোৱা হৈছে । প্ৰথমটো পদক্ষেপ হিচাপে আয়োগে পৌৰসভাৰ আয়ুক্ত আৰু ভোটাৰৰ হাৰ সৰ্বনিম্ন হোৱা 11 খন ৰাজ্যৰ নিৰ্বাচিত জিলা নিৰ্বাচনী বিষয়াৰ সৈতে আলোচনা কৰিব ।

19 এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগীয়া সাতটা পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ বৃদ্ধি কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰা হ’ব বুলি নিৰ্বাচন কৰ্তৃপক্ষই জনায় । ইয়াৰ দ্বাৰা কিছুমান বিশেষ চহৰ আৰু গ্ৰাম্য অঞ্চলত ভোটদানৰ সংখ্যা কম হোৱাৰ সমস্যাটো সমাধানৰ বাবে "লক্ষ্যভিত্তিক আৰু নিৰ্দিষ্ট কাৰ্য পৰিকল্পনা" প্ৰস্তুত কৰা হ'ব ।

এই সন্মিলনত সভাপতিত্ব কৰিব মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰৰ লগতে আন দুজন নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সিং সন্ধুৱে । কুমাৰে বহুবাৰ নগৰীয়া উদাসীনতা আৰু গ্ৰাম্য অঞ্চলৰ পৰা প্ৰব্ৰজনৰ প্ৰত্যাহ্বানক নিৰ্বাচনত অংশগ্ৰহণ কম হোৱাৰ কাৰণ হিচাপে উল্লেখ কৰিছে ।

ভোটদান বৃদ্ধিৰ লক্ষ্য ৰখা 11 খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল হৈছে বিহাৰ, উত্তৰ প্ৰদেশ, দিল্লী, মহাৰাষ্ট্ৰ, উত্তৰাখণ্ড, তেলেংগানা, গুজৰাট, পঞ্জাৱ, ৰাজস্থান, জম্মু-কাশ্মীৰ আৰু ঝাৰখণ্ড ।

2019 চনৰ সংসদীয় নিৰ্বাচনত এই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত ভোটদানৰ হাৰৰ ৰাষ্ট্ৰীয় গড় 67.40 শতাংশতকৈ কম আছিল । সৰ্বনিম্ন ভোটদানৰ 50 খন আসনৰ ভিতৰত 17 খনেই মহানগৰ বা বৃহৎ চহৰৰ অন্তৰ্গত হোৱা দেখা গৈছে ৷ যিয়ে নগৰীয়া উদাসীনতাৰ “দুৰ্ভাগ্যজনক” ধাৰা প্ৰতিফলিত কৰিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ভোটাৰৰ ভোটদানৰ হাৰ সৰ্বনিম্ন হোৱা 9 খন ৰাজ্যৰ 50 খনতকৈও অধিক গ্ৰাম্য সমষ্টি নিৰ্দিষ্ট বিষয়সমূহৰ ওপৰত আলোচনা আৰু ভোটদানৰ শতকৰা হাৰ বৃদ্ধিৰ বাবে কৌশল প্ৰস্তুতৰ বাবে চিনাক্ত কৰা হৈছে ।

লগতে পঢ়ক: নিৰ্বাচন শেষ নোহোৱালৈ আয়কৰ বিভাগে কংগ্ৰেছৰ বিৰুদ্ধে নলয় বলপূৰ্বক পদক্ষেপ - IT notice to congress

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.