ETV Bharat / bharat

Daily Horoscope For 29th January: কেনে যাব আপোনাৰ আজিৰ দিনটো ?

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 6:00 AM IST

Daily Horoscope For 29th January 2024
কেনে যাব আপোনাৰ আজিৰ দিনটো ?

Daily Horoscope For 29th January: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

মেষ ৰাশি: আজি আপুনি নিজৰ খঙৰ ওপৰত কাবু ৰাখক অন্যথা আপুনি মানসিক অশান্তিত ভুগিবলগীয়া হ’ব পাৰে ৷ আপুনি কষ্ট কৰিলেও আপোনাৰ কষ্টৰ ফল লাভত ব্যৰ্থ হ’ব ৷ সন্তানৰ বাবে চিন্তাত থাকিব লাগিব ৷ কামৰ হেঁচাত আপুনি আপোনাৰ পৰিয়ালক সময় দিব নোৱাৰিব ৷ চৰকাৰী কাম কাজত সফলতা লাভ কৰিব ৷ মাজে মাজে পেটৰ বিষত ভুগিব পাৰে ৷

বৃষ ৰাশি: গণেশৰ কৃপাত আপুনি যিদৰে সম্পূৰ্ণ সততাৰে আৰু দক্ষতাৰে কাম কৰিছে , আপুনি সফলতাৰ মুখ দেখিবই ৷ পিতৃ-মাতৃৰ ফালৰ পৰা সহায়ৰ হাত পাব ৷ ছাত্ৰ-ছাত্ৰীসকলে সফলতাৰ বাবে কষ্ট কৰক ৷ চৰকাৰী কামত সফলতা পাব ৷ সন্তানৰ বাবে টকা জমা কৰিব পাৰিব ৷

মিথুন ৰাশি: গণেশৰ কৃপাত নতুন কাম আৰম্ভ কৰাৰ উত্তম সময় ৷ চৰকাৰি কামত সফল হ’ব আৰু পুৰস্কিত হ’ব ৷ প্ৰতিবেশী আৰু বন্ধুৰ লগত কাজিয়া হ’ব পাৰে ৷ মতধাৰা সলনি হ’ব ৷ টকা-পইচাৰ ক্ষেত্ৰত সাৱধান হওক ৷

কৰ্কট ৰাশি: বেয়া চিন্তা বাদ দি নতুন চিন্তাৰে দিনটোৰ আৰম্ভ কৰক ৷ আজি আপুনি মানসিক আৰু শাৰিৰীকভাৱে দূৰ্বল অনুভব কৰিব আৰু মনোযোগেৰে কাম কৰাত ব্যৰ্থ হ’ব ৷ চকু ৰাখক যাতে পৰিয়াল আৰু আন সম্বন্ধীয়ৰ লগত মতবিৰোধ নহয় ৷ ছাত্ৰ-ছাত্ৰীসকলে ভাল ফল দেখুৱাব নোৱাৰিব ৷ বেয়া চিন্তাবোৰ মনৰ পৰা আঁতৰাই পেলাওক ৷

সিংহ ৰাশি: আজি আপোনাৰ আত্মবিশ্বাস সম্পূৰ্ণভাৱে বৃদ্ধি হ’ব ৷ যিকোনো কামৰ বাবে অতি সহজে সিদ্ধান্ত গ্ৰহণ কৰক ৷ আপুনি পিতৃ বা ডাঙৰৰ পৰা সহায় লাভ কৰিব ৷ সামাজিক ময্যদা বৃদ্ধি হ’ব ৷ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ শৰীৰে অলপ বাধাৰ সৃষ্টি কৰিব পাৰে ৷

কন্যা ৰাশি: চাব যাতে কাৰো লগত অযথা কথাত কাজিয়াৰ সুত্ৰপাত নহয় ৷ মানসিক অশান্তিয়ে শাৰীৰিক অসুস্থতা বৃদ্ধি কৰিব ৷ সৰু কথাতে বন্ধুৰ লগত মতবিৰূধ হ’ব পাৰে ৷ ধৰ্মীয় কামত ধন খৰচ হ’ব পাৰে ৷ শৰীৰৰ যত্ন লওক ৷ হুলস্থুল আৰু কাজিয়াৰ পৰা নিজকে আঁতৰাই ৰাখক ৷

তুলা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে সুখ আৰু লাভদায়ক । সকলো ক্ষেত্ৰৰপৰা সুযোগ-সুবিধা পাব আৰু লাভবান হ’ব । যাৰ ফলত আপোনাৰ মন ভালে থাকিব । লক্ষ্যণীয়ভাৱে আয়বৃদ্ধিৰ যোগ আছে । বন্ধুসকলৰ মনোৰঞ্জনৰ কাৰণে ব্যয় কৰিলে তাৰ প্ৰচুৰ লাভ পাব । ক’ৰবাত ফুৰিবলৈ গ’লে বা বনভোজনত গ’লে আজিৰ দিনটো অধিক স্মৰণীয় আৰু আনন্দদায়ক হৈ থাকিব । আপুনি যদি এতিয়া অবিবাহিত তেতিয়া হ’লে বিবাহৰ যোগ আছে। সুখাদ্য ভোজনৰ সম্ভাৱনা আছে ।

বৃশ্চিক ৰাশি: গণেশৰ কৃপাত আজি আপোনাৰ ভাগ্যই হাহিঁ মাৰিব ৷ কৰ্মক্ষেত্ৰৰ পৰিবেশ সুন্দৰ হ’ব ৷ আপোনাৰ কামত বচ আনন্দিত আৰু সন্তুষ্ট হ’ব ৷ আজি হাতত লোৱা সকলো কাম নিৰ্বিঘ্নে সমাপ্ত হ’ব ৷ আমদানি বৃদ্ধি হ’ব আৰু পদোন্নতি হ’ব পাৰে ৷ সন্তানৰ কৃতিত্বই আপোনাক আনন্দিত কৰিব ৷

ধনু ৰাশি: শৰীৰ আজি বৰ ভালে নাযাব ৷ মানসিক উদ্দীগ্নতা শৰীৰিক অসুস্থতাৰ কাৰণ হ’ব পাৰে ৷ ব্যৱসায়ত খেলি-মেলিৰ সৃষ্টি হ’ব পাৰে ৷ আপোনাৰ ব্যৱহাৰ সলনি কৰক ৷ সাৱধানে সকলো কামত মনোনিবেশ কৰক আৰু প্ৰতিযোগিতা আৰু দন্দৰ পৰা আঁতৰি থাকক ৷

মকৰ ৰাশি: যোগাভ্যাস কৰক আৰু অলাগতিয়াল চিন্তাৰ পৰা আঁতৰি থাকক ৷ শৰীৰ বৰ ভালে নাযাব ৷ আপুনি কি খোৱা বোৱা কৰিছে তাৰ প্ৰতি চকু ৰাখক ৷ খঙক আৰু বেয়া চিন্তাৰ পৰা নিজকে মুক্ত ৰাখক ৷ কৰ্মক্ষেত্ৰৰ পৰিবেশ আপোনাৰ অনুকূল নহ’ব ৷ এটা কথাত মন দিব যাতে আপোনাৰ অভিভাৱকৰ লগত যাতে কোনো বিৰোধিতা নহয় ৷

কুম্ভ ৰাশি: আপোনাৰ পাৰিবাৰিক জীৱন আজি অতি ৰোমাঞ্চিত হৈ উঠিব ৷ আজি সকলো কাম আপুনি সম্পূৰ্ণ আত্মবিশ্বাসেৰে কৰিব পাৰিব ৷ ভ্ৰমণৰ যোগ আছে ৷ ইজনে সিজনক কপোৰ বা আন উপহাৰ প্ৰদান কৰিব পাৰে ৷ পাৰিবাৰিক জীৱন সুখকৰ হ’ব ৷ নতুন বাহন ক্ৰয়ৰ যোগ আছে ৷

মীন ৰাশি: আজি আপোনাৰ কাৰণে এটা পবিত্ৰ দিন ৷ শৰীৰ আৰু মনৰ আত্মবিশ্বাস বৃদ্ধি হ’ব ৷ ঘৰত শান্তি আৰু সুখৰ পৰিবেশ হ’ব ৷ আপোনাৰ সহকৰ্মীসকলৰ সহযোগিতা সকলোক্ষেত্ৰত লাভ কৰিব ৷ পিতৃৰ ফালৰ পৰা ভাল খবৰ পাব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.