Daily Horoscope For 26th January: কেনে যাব আপোনাৰ আজিৰ দিনটো

author img

By ETV Bharat Assamese Desk

Published : Jan 26, 2024, 6:03 AM IST

Daily Horoscope For 26th January 2024

Daily Horoscope For 26th January: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

মেষ ৰাশি: আজি গোটেই দিনটো মনত এক অশান্তি চলি থাকিব ৷ আজি আপুনি আপোনাৰ আৱেগ আৰু অনুভূতিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব নোৱাৰিব ৷ মাতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষ মনোযোগ দিয়ক ৷ সম্পত্তি সম্বন্ধীয় কাজিয়া বিবাদত নোসোমাব ৷ গাড়ী সাৱধানে চলাব ৷ নদী-পুখুৰী আদিৰ পৰা দূৰত থাকক ৷ শিক্ষক আৰু পণ্ডিতসকলৰ বাবে দিনটো অন্যান্য দিনৰ দৰেই থাকিব ৷

বৃষ ৰাশি: আজি দিনটো আপুনি সুস্থ-সবল আৰু উৎসাহ-উদ্দীপনাৰে পৰিপূৰ্ণ হৈ থাকিব ৷ আজি আপুনি আৱেগিকভাৱে অনুপ্ৰাণিত হৈ থাকিব ৷ আজি আপুনি কল্পনাবিলাসী আৰু সৃজনশীল হৈ থাকিব, আৰু আপুনি নিজৰ স্বৰ্গৰাজ্যত বিচৰণ কৰিব ৷ আজি আপুনি পৰিয়ালৰ প্ৰতি আকৃষ্ট হ’ব আৰু পৰিয়ালৰ লোকৰ সৈতে থাকি আনন্দ পাব ৷ আৰ্থিক বিষয়বোৰ আপোনাৰ মূল বিষয় হৈ উঠিব ৷ প্ৰেয়সী-প্ৰিয়জনৰ সৈতে সময় কটাব পাৰে ৷ সুস্বাদু খাদ্য গ্ৰহণ কৰাৰ যোগ আছে ৷

মিথুন ৰাশি: আপুনি সময়মতে কোনো কাম শেষ কৰিব নোৱাৰিব, কাম কৰিবলৈ যাওঁতে বাধাৰ সন্মূখীন হোৱাৰ লগতে আৰু কিবা নহয় কিবা কাৰণত কামত পলম হৈ থাকিব ৷ আৰ্থিক দিশত বাধা ৷ কৰ্মক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ অন্যান্য দিনৰ দৰেই ৷ সহকৰ্মীসকলে আপোনাৰ সৈতে স্বাভাৱিক আচৰণ কৰিব ৷ বন্ধু আৰু শুভাকাংক্ষীসকলৰ সৈতে থাকি আপোনাৰ ভাল লাগিব ৷

কৰ্কট ৰাশি: আনন্দ, হাঁহি-ফুৰ্তি, উলহ-মালহেৰে আজিৰ দিনটো আপুনি বন্ধু আৰু সতীৰ্থসকলৰ সৈতে পাৰ কৰি দিব ৷ ভ্ৰমণৰ যোগ আছে ৷ সুখাদ্য আৰু মিঠাই ভোজন কৰিব পাৰে ৷ আজি আপুনি অত্যধিক আৱেগিক আৰু সংবেদনশীল হৈ থাকিব ৷ আৰ্থিক লাভ হ’ব পাৰে ৷

সিংহ ৰাশি: আজি আপুনি প্ৰবল অনুভূতিপ্ৰৱণ হৈ থাকিব, যাৰ ফলত আপুনি মানসিকভাৱে অস্থিৰ আৰু অধৈৰ্য হৈ থাকিব ৷ নাৰীৰ সৈতে কথা পতাৰ সময়ত কৌশল অৱলম্বন কৰি চলিব ৷ কাৰো হৈ কোনো কথা নক’ব বা কাৰো হৈ কোনো কথা নিদিব ৷ তৰ্ক বিবাদৰ পৰা দূৰত থাকক ৷ আইনী বিষয়বোৰ অত্যধিক সাৱধানতাৰে চম্ভালি লওঁক ৷ সংবেদনশীল আৰু পক্ষপাতহীন আচৰণ কৰক ৷ ব্যয় নিয়ন্ত্ৰণৰ বাহিৰত গুচি যাব ৷

কন্যা ৰাশি: আজিৰ দিনটো সুখ-শান্তি আৰু পৰিতৃপ্তিৰে পৰিপূৰ্ণ হৈ থাকিব ৷ সকলো ক্ষেত্ৰৰ পৰা লাভবান হ’ব ৷ এই ক্ষেত্ৰত সহায়কৰ ভূমিকা পালন কৰিব পাৰে বান্ধৱীসকলে ৷ বন্ধুসকলৰ সৈতে নৈসৰ্গিক স্থানত ফুৰিবলৈ যোৱাৰ যোগ আছে ৷ সন্তানৰ পৰা সু-সংবাদ পোৱাৰ আশা আছে ৷

তুলা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে অত্যধিক শুভ ৷ ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত দিনটো বৰ উজ্জ্বল ৷ ঊৰ্ধ্বতন কৰ্তৃপক্ষসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত বহাৰ যোগ আছে ৷ পদোন্নতিৰ প্ৰবল যোগ আছে ৷ ঘৰত সুখ আৰু শান্তি বৰ্তি থাকিব ৷ মাতৃৰ পৰা কোনো লাভ আৰু উপকাৰ পাব পাৰে ৷ কৰ্মক্ষেত্ৰৰ কোনো কাম আপোনাৰ অনুকূল যাব পাৰে ৷

বৃশ্চিক ৰাশি: আজি আপুনি কৰ্মক্ষেত্ৰত সতৰ্ক আৰু সাৱধান হৈ থাকিব লাগিব ৷ আপোনাৰ ঊৰ্ধ্বতনসকলে আপোনাৰ প্ৰতি বিশেষ প্ৰসন্ন নাথাকিব আৰু আপোনাৰ সকলো কামক জটিলভাৱে বিচাৰ বিশ্লেষণ কৰিব ৷ যাৰ ফলত আপুনি হতাশ আৰু বিষণ্ণ হৈ পৰিব পাৰে ৷ আজি আপুনি এলেহুৱা অনুভৱ কৰিব পাৰে ৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে আজিৰ দিনটো ভাল নহয় ৷ অপৰিকল্পিত ব্যয়ৰ বাবে সাজু থাকক ৷ সৰু-সুৰা ভ্ৰমণত যাব পাৰে ৷

ধনু ৰাশি: নতুন প্ৰকল্প আৰু কাম হাতত লোৱাৰ বাবে আজিৰ দিনটো ভাল নহয় ৷ নতুন কোনো চিকিৎসাও আজি আৰম্ভ কৰাব নালাগে ৷ আপোনাৰ কথা-বতৰা আৰু আচৰণত সাৱধান হওঁক ৷ অত্যধিক সংবেদনশীলতা আপোনাৰ বাবে ক্ষতিকৰ হ’ব পাৰে ৷ স্বাস্থ্যৰ প্ৰতি চকু দিয়ক ৷ ব্যয় হোৱাৰ সম্ভাৱনা আছে ৷ অবৈধ সম্পৰ্ক আৰু বে-আইনী কামত লিপ্ত নহ’ব ৷ প্ৰাৰ্থনা আৰু ধ্যান কৰিলে ভাল লাগিব ৷

মকৰ ৰাশি: দিনটো শুভ ৷ আজি ব্যৱসায় সম্প্ৰসাৰণৰ সম্ভাৱনা আছে ৷ কমিছন, সুত লাভৰ জৰিয়তে বা ব্যৱসায়িক লেনদেনৰ জৰিয়তে আয়বৃদ্ধি হোৱাৰ উজ্জ্বল সম্ভাৱনা আছে ৷ আৰ্থিক দিশত উন্নতি ৷ আপোনাৰ ৰাজহুৱা ক্ষেত্ৰত আৰু কৰ্মক্ষেত্ৰত উন্নতি লাভ ৷ সৰু-সুৰা ভ্ৰমণৰ সম্ভাৱনা আছ ৷

কুম্ভ ৰাশি: দিনটো শুভ ৷ আজি কৰ্মক্ষেত্ৰত আপুনি অসাধাৰণ কাম কৰি দেখুওৱাব আৰু তাৰ বাবে প্ৰচুৰ প্ৰশংসা পাব ৷ ব্যৱসায়ৰ অংশীদাৰসকলে আৰু লগতে সহকৰ্মীসকলেও আপোনাক সাহায্য লাভ কৰিব ৷ পৰিয়ালৰ সৈতে সময় কটালে নিশ্চিভাৱে আনন্দ পাব ৷ পুৱাৰ পৰা সন্ধিয়ালৈকে আপুনি তজবজীয়া আৰু প্ৰাণৱন্ত হৈ থাকিব ৷

মীন ৰাশি: আজি আপোনাৰ প্ৰচণ্ড সৃজনশীল হৈ থকাৰ সম্ভাৱনা আছে ৷ আজি আপুনি নিজৰ কল্পনা ৰাজ্যত বিচৰণ কৰিব ৷ আজিৰ দিনটো শিক্ষক আৰু পণ্ডিতসকলৰ কাৰণে বৰ ভাল ৷ আজিৰ দিনটো আপুনি প্ৰচণ্ড চিন্তাশীল আৰু আৱেগিক হৈ থাকিব ৷ প্ৰেমত শুভ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.