ETV Bharat / bharat

Daily Horoscope For 25th February: কেনে যাব আপোনাৰ আজিৰ দিনটো ?

author img

By ETV Bharat Assamese Team

Published : Feb 25, 2024, 5:43 AM IST

Daily Horoscope For 25th February
আজিৰ দিনটোৰ ৰাশিফল

Daily Horoscope For 25th February: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

মেঘৰাশি : আজি হয়তো আপোনাৰ খোজ কাঢ়িবলৈ মন নাযাব ৷ এলাহভাৱ আৰু মনৰ ভিতৰত চলি থকা বেবেৰিবাং চিন্তাই আপোনাক দুৰ্বল কৰি তুলিব ৷ কষ্ট অনুসাৰে ফল নাপালেও মন বেয়া নকৰিব ৷ ব্যস্ততাৰ বাবে সন্তান আৰু পৰিয়ালৰ লগত সময় কটাব নোৱাৰিব আপুনি ৷ আপোনাৰ সন্তানৰ ভৱিষ্যতে আপোনাক চিন্তাত পেলাব ৷ চৰকাৰী কামত সফলতা লাভৰ যোগ ৷

বৃষৰাশি : সঠিক লক্ষ্য আৰু আত্মবিশ্বাসৰ বলত আপুনি আপোনাৰ কামত সফলতা লাভ কৰিবলৈ সক্ষম হ’ব ৷ লাভৰ পৰিমাণ বৃদ্ধি হোৱাৰ যোগ ৷ পিতৃৰ ফালৰ পৰা লাভাম্বিত হোৱাৰ সম্ভাৱনা ৷ ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত মন দি সফলতা লাভ কৰিব পাৰিব ৷ আপোনাৰ উপাৰ্জন বৃদ্ধি পাব ৷ আজিৰ দিনটো সম্পূৰ্ণৰূপে এটা দায়িত্ববোধৰ দিন ৷ দিনটো যোগাত্মক দৃষ্টিভংগীৰে পাৰ হ’ব ৷

মিথুনৰাশি : আজিৰ দিনটো আপোনাৰ বাবে এটা সৌভাগ্যশালী দিন ৷ নতুন কাম আৰম্ভ কৰাৰ উত্তম সময় ৷ চৰকাৰী কামত সফলতা লাভ ৷ বন্ধু আৰু প্ৰতিবেশীৰ সৈতে হোৱা ভুল বুজাবুজি আঁতৰ কৰক ৷ খৰচ আৰু শৰীৰৰ ওপৰত চকু ৰাখক ৷

ককৰ্ট ৰাশি : আপোনাৰ শৰীৰ আৰু মানসিক স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, গতিকে আজি অলপ জিৰণি লওক ৷ অসন্তুষ্টি ভাব আৰু অমনোযোগিতাই আপোনাক অশান্তি দিব ৷ সাৱধানে থাকক ৷ মনৰ অশান্তিৰ ফলত পৰিয়ালৰ সদস্যৰ লগত মতবিৰোধ হ’ব পাৰে ৷ ছাত্ৰ-ছাত্ৰীসকলে বিচৰা ফল পাবলৈ কষ্ট কৰিব লাগিব ৷

সিংহৰাশি : সংগীৰ সৈতে দিনটো ভালদৰে পাৰ হ’ব যদিহে আপুনি আপোনাৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখে ৷ আপোনাৰ আত্মবিশ্বাস আৰু স্পষ্টবাদীতাই আপোনাক সিদ্ধান্ত গ্ৰহণত সহায় কৰিব ৷ সমাজত সন্মান বাঢ়িব ৷ পিতৃৰ পৰা লাভবান হোৱাৰ যোগ ৷ ক্ৰোধৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ শৰীৰৰ যত্ন লওক ৷

কন্যাৰাশি : অহংকাৰৰ বাবে আপোনাৰ ঘনিষ্ঠজনৰ লগত মতানৈক্য হ’ব পাৰে ৷ দিনটো নানান চিন্তাৰে ভৰি থাকিব ৷ আপোনাৰ বন্ধুত্বপূৰ্ণ সম্বন্ধৰ ওপৰত মন দিব ৷ শৰীৰৰ ওপৰত প্ৰভাব পেলাব পৰা যিকোনো কাম কৰাৰ পৰা বিৰত থাকক ৷ ধৰ্মীয় কামত খৰচ কৰিব লগা হ’ব পাৰে ৷ ধ্যান কৰি মনত শান্তি পাব ৷ শৰীৰৰ যত্ন লওক আৰু চিন্তামুক্ত হোৱা কাম কৰক ৷

তুলাৰাশি : আজিৰ দিনটো এটা লাভজনক দিন ৷ বিভিন্ন বিষয়ত আজি সফলতা লাভ কৰিব ৷ বন্ধুৰ পৰা সুবিধা লাভ কৰিব ৷ বন্ধুৰ লগত বনভোজলৈ যাব পাৰে ৷ বিবাহ প্ৰাৰ্থীসকলৰ গ্ৰহৰ দশা সুন্দৰ ৷ হয়তো আজি জীৱন সংগীক লগো পাই যাব পাৰে ৷ লোভনীয় প্ৰিয় খাদ্য আৰু ভৰপূৰ টোপনিয়ে আপোনাৰ দিনটো সুন্দৰ কৰি তুলিব ৷

বৃশ্চিকৰাশি : সৌভাগ্য আৰু আশাৰে ভৰা এটা দিন ৷ আপোনাৰ সকলো কাম সহজে সম্পন্ন হ’ব ৷ আজি আপুনি সামাজিক কামৰ বাবে স্বীকৃতি লাভ কৰিব ৷ আপোনাৰ সন্তানে সফলতা দেখুৱালৈ সক্ষম হ’ব ৷ নিজৰ সফলতাকো উপভোগ কৰক আপুনি ৷ সফলতা আৰু যোগাত্মক শক্তিয়ে আপোনাৰ মন প্ৰফুল্লিত কৰি ৰাখিব ৷

ধনুৰাশি : কিছু শাৰীৰিক অশান্তিয়ে দেখা দিব পাৰে ৷ এলাহ ভাবে আপোনাক অসুবিধাত পেলাব ৷ ব্যৱসায়ৰ সাময়িক লোকচানে আপোনাৰ মানসিক স্থিতিক প্ৰভাৱিত কৰিব ৷ বন্ধু আৰু পৰিয়ালৰ সদস্যৰ সৈতে বিবাদ নকৰিব ৷ আৰম্ভ কৰিবলগীয়া কামৰ আগতে সাৱধান হওক ৷ সৰুসুৰা ভ্ৰমণ বা আবেলি খোজকাঢ়ি আপোনাৰ মনটো সতেজ কৰি তুলিব পাৰিব ৷

মকৰৰাশি : খৰচ হোৱাৰ যোগ ৷ এই খৰচ দুটা কাৰণত হ’ব পাৰে, এটা আপোনাৰ অস্বাস্থ্যকৰ শৰীৰ আৰু আনটো সামাজিক কাৰণত আপুনি বাহিৰলৈ যাব লগা হ’ব পাৰে ৷ ষ্ট্ৰীট ফুড খাওতে সাৱধান হওক ৷ সংগীৰ সৈতে দ্বিমতক সাৱধানে চম্ভালি লওক ৷ এইটো আপোনাৰ বাবেই লাভজনক হ’ব ৷

কুম্ভৰাশি : ৰোমান্স আৰু আশ্চৰ্যৰে ভৰা এটা দিন ৷ দূৰদৃষ্টি আৰু আত্মবিশ্বাসৰ বলত আপোনাৰ কাম সফলতাৰে শেষ কৰিব পাৰিব ৷ নতুন কাপোৰ আৰু গহণা কিনাৰ সময় ৷ নতুন বাহন কিনাৰো যোগ আছে ৷ বন্ধুৰ লগত ফুৰিবলৈ গৈ আনন্দ লাভ কৰিব ৷ বৈবাহিক সম্বন্ধই আপোনাক সুখী কৰি ৰাখিব ৷

মীনৰাশি : শৰীৰ আৰু মন ভালে থাকিব ৷ সুন্দৰ ঘৰুৱা পৰিৱেশ আৰু আপোনালৈ প্ৰিয়জনে আগবঢ়োৱা সমৰ্থনে আপোনাক সুখী কৰি তুলিব ৷ যিকোনো কথাতে খঙক প্ৰাধান্য নিদিব ৷ আপোনাৰ মাতৃৰ পৰা আশা কৰি থকা ভাল খবৰ আজি লাভ কৰিব ৷ আপোনাৰ সহকৰ্মীয়ে আপোনালৈ সমৰ্থন আগবঢ়াব, যাৰ ফলত সফলতা লাভ কৰিব ৷ সমধুৰ সংগীত শুনক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.