ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল - Daily Horoscope For 24th March

author img

By ETV Bharat Assamese Team

Published : Mar 24, 2024, 6:15 AM IST

Daily Horoscope For 24th March 2024
আজিৰ দিনটোৰ ৰাশিফল

Daily Horoscope For 24th March: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

মেষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে ৰসহীন আৰু আকৰ্ষণহীন হৈ থাকিব ৷ সৰু-সুৰা অসুস্থতাই আপোনাক আমনি দি থাকিব, যাৰ ফলত আপুনি এলেহুৱা, ভাগৰুৱা আৰু শক্তিহীন হৈ থাকিব ৷ ভ্ৰমণৰ দিন পিছুৱাই দিয়ক, কাম শেষ কৰাৰ কাৰণে অ’ত ত’ত দৌৰি ফুৰাৰ সলনি আৰাম কৰক ৷ কাম কেতিয়াও শেষ নহয়! আপুনি এতিয়া বহুত চিন্তাত আছে আৰু দুশ্চিন্তাও আপোনাক আগুৰি ধৰি আছে, গতিকে কামৰ পৰা অলপ ছুটী লৈ লওঁক ৷ প্ৰিয়জনৰ সৈতে মতবিৰোধৰ ফলত আপুনি বিৰক্ত হ’ব ৷ আপুনি সন্তানৰ বা আপোনাৰ নিজৰ স্বাস্থ্যক লৈ উদ্বিগ্ন হৈ থাকিব ৷ সাৱধানে থাকিব!

বৃষ ৰাশি: আজিৰ দিনটো মধ্যম ৷ আপুনি যিমান ভালকৈ কাম কৰিব, সিমানেই ভাল ফল পাব ৷ যিমান পাৰে ভালকৈ কাম কৰক আৰু আত্মবিশ্বাসৰ সৈতে আগবাঢ়ি যাওঁক ৷ পিতৃৰ পৰা কোনো লাভ আৰু উপকাৰিতা পাব ৷ পিতৃৰ সৈতে মনৰ কথা পাতি ভাল লাগিব আপোনাৰ ৷ আপুনি নিজেই যদি পিতৃ, তেন্তে নিজৰ সন্তানৰ সৈতে গম্ভীৰ অথচ উদাৰভাৱে কথা পাতক ৷ খেল আৰু খেলুৱৈসকলৰ বাবে দিনটো বৰ ভাল ৷

মিথুন ৰাশি: আজিৰ দিনটো শুভ ৷ বিনিয়োগ কৰিলে ভাবি চিন্তি কৰিব ৷ বিপদৰ আশংকা থকা কোনো ক্ষেত্ৰত বিনিয়োগ কৰাৰ পৰা বিৰত থাকক ৷ হাতত ধন পৰ্যাপ্ত পৰিমাণে থাকিলেও এই সম্বন্ধীয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা আজি বিৰত থাকক ৷

কৰ্কট ৰাশি: কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে আজিৰ দিনটো বিশেষকৈ মধ্যমীয়া, বিশেষ কোনো ঘটনা নঘটে আপোনালোকৰ জীৱনত ৷ আজিৰ দিনটো শান্তিৰে পাৰ হ’ব । আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে কষ্টত ভুগিব পাৰে । আপুনি আজি উদ্বীগ্ন হৈ থাকিব আৰু পেটৰ সমস্যা দেখা দিব পাৰে । অকস্মাৎ ব্যয়ৰ সম্ভাৱনা আছে । কাজিয়া, ভ্ৰমণ আৰু নতুন কাম হাতত লোৱাৰ পৰা বিৰত থাকক ।

সিংহ ৰাশি: আজি আপুনি গোটেই দিনটো শাৰীৰিকভাৱে অসুস্থ অনুভৱ কৰিব । আত্মীয়-স্বজনৰ সৈতে কিছু অপ্ৰত্যাশিত অপ্ৰীতিকৰ ঘটনাই আপোনাক দুখ দি থাকিব । মাতৃৰ সৈতেও মন বেয়া হ’ব পৰা ঘটনা ঘটিব পাৰে । আপুনি নিজৰ স্বাস্থ্যক লৈ চিন্তাত থাকিব । চৰকাৰী আৰু সম্পত্তি সম্বন্ধীয় নথিপত্ৰ চহী কৰাৰ সময়ত সতৰ্ক থাকিব ।

কন্যা ৰাশি: কোনো কথা চিন্তা নকৰাকৈ নতুন কোনো কাম হাতত নল’ব । ভাই-ভনীৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত হ’ব । আজি বন্ধু আৰু আত্ময়ীৰ সৈতে সাক্ষাৎ হ’ব পাৰে । লগতে আপুনি আজি আপুনি প্ৰত্যেক কামতে সফলতাৰ সোৱাদ পাব । আৰ্থিক লাভৰো যোগ আছে । সামাজিকভাৱে আপুনি সন্মান অৰ্জন কৰিব ।

তুলা ৰাশি: আপোনাৰ মনটো আজি দুৰ্বল হৈ থাকিব সেয়ে কোনো সিদ্ধান্ত ল’ব পৰাটো আপোনাৰ বাবে কঠিন হ’ব পাৰে । আজি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু নতুন কোনো কাম হাতত নল’ব । পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ সংঘাতৰ সৃষ্টি হ’ব পাৰে । গতিকে নিজৰ মুখত লেকাম টানি ৰাখক । আজি আপুনি আঁকোৰগোজ হৈ থকাতকৈ নমনীয় হৈ থাকক ।

বৃশ্চিক ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ । শাৰীৰিক আৰু মানসিকভাৱে আপুনি উত্তম অৱস্থাত থাকিব । পৰিয়ালৰ লোকৰ সৈতে ভাল সময় কটোৱাৰ যোগ আছে । আপুনি আজি প্ৰিয়জনৰ পৰা উপহাৰ পাব পাৰে । আপুনি সু-সংবাদো পাব পাৰে । সুখকৰ ভ্ৰমণৰ যোগ আছে ।

ধনু ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে জটিল হৈ উঠিব পাৰে । পৰিয়ালৰ লোকৰ সৈতে কাজিয়া বিবাদৰ সম্ভাৱনা আছে । ভাবি চিন্তি কথা ক’ব । খং নকৰিব । দুৰ্ঘটনাত পতিত হ’ব পাৰে, গতিকে সাৱধানে থাকক । আপোনাৰ শাৰীৰিকভাৱে অসুস্থ হৈ পৰিব পাৰে । ব্যয়বৃদ্ধি হোৱাৰ সম্ভাৱনা ।

মকৰ ৰাশি: আজি আপুনি বন্ধু আৰু প্ৰিয়জনক লগ পাই আনন্দ ফুৰ্তিৰে দিনটো পাৰ কৰিব । আজি আপোনাৰ দিনটো সামাজিকভাৱে, কৰ্মক্ষেত্ৰত আৰু অন্যান্য ক্ষেত্ৰত লাভদায় হৈ উঠিব । বিবাহ প্ৰাৰ্থীসকলে আজি সহজতে নিজৰ বাবে প্ৰিয় জীৱনসংগী বা জীৱনসংগিনী লাভ কৰিব । ভ্ৰমণৰ যোগ আছে । পৰিয়ালত কোনো শুভ অনুষ্ঠান হোৱাৰ সম্ভাৱনা আছে ।

কুম্ভ ৰাশি: আজি আপোনাৰ বাবে দিনটো ফলদায়ক । আজি আপুনি সহজতে নিজৰ সকলো কামতেই সফল হ’ব, সেয়ে আপুনি আনন্দত থাকিব । কৰ্মক্ষেত্ৰত আপোনাৰ কামক লৈ ঊৰ্ধ্বতনসকলে সন্তুষ্ট হ’ব, যাৰ ফলত আপোনাৰ পদোন্নতিও হ’ব পাৰে । আজি বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ পাব । আৰ্থিক লাভৰ যোগ আছে । আপোনাৰ সাংসাৰিক জীৱন উত্তম ।

মীন ৰাশি: দিনৰ আৰম্ভণিতে আপোনাৰ মন শান্তিত থাকিব । আজি গ্ৰহৰ অৱস্থান সদয় আৰু উৎসাহপূৰ্ণ হৈ আছে ৷ সকলোৱে আপোনাৰ এই অৱস্থা চাই ভাল নাপাবও পাৰে, বিশেষকৈ আপোনাৰ প্ৰতিদ্বন্দ্বীসকলে ৷ কিন্তু গ্ৰহৰ অৱস্থানে কয় যে, আপুনি নিজৰ সহকৰ্মীসকলৰপৰা সহযোগিতা লাভ কৰিব, কৰ্মক্ষেত্ৰত বিজয়ী হ’ব ৷ ঘৰত পৰিৱেশ শান্ত হৈ থাকিব ৷ স্বাস্থ্য ভালে থাকিব, দৈনন্দিন আৰু আমনিদায়ক কাম সহজতে শেষ হৈ যাব ৷ মাতৃৰপৰা সুসংবাদ পাব পাৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.