ETV Bharat / bharat

Daily Horoscope For 24th February: কেনে যাব আপোনাৰ আজিৰ দিনটো ?

author img

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 6:01 AM IST

Daily Horoscope For 24th February 2024
কেনে যাব আপোনাৰ আজিৰ দিনটো ?

Daily Horoscope For 24th February: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

মেষ ৰাশি: গণেশৰ উপদেশ মতে আপুনি আপোনাৰ আক্ৰমণমূলক আচৰণ ত্যাগ কৰক ৷ আজি আপুনি মানসিক আৰু শাৰীৰিকভাৱে দুৰ্বল অনুভৱ কৰিব পাৰে ৷ আপুনি কৰা কষ্টৰ ফল লাভত ব্যৰ্থ হ’ব ৷ সন্তানৰ বাবে চিন্তাত থাকিব ৷ কামেই আপোনাক সমগ্ৰ দিন আগুৰি থাকিব ফলত আপুনি পৰিয়ালক সময় দিয়াত ব্যৰ্থ হ’ব ৷ মনলৈ বিপৰীত চিন্তা আহিবলৈ নিদিব ৷ পেটৰ বিষত ভুগিব পাৰে ৷ যদি পাৰে ভ্ৰমণ বাতিল কৰক ৷ চৰকাৰী কাম সম্পূৰ্ণ কৰাত সফল হ’ব ৷

বৃষ ৰাশি: আপোনাৰ আজি নিজৰ ওপৰত বিশ্বাস বাঢ়িব আৰু লক্ষ্য স্থিৰ হ’ব ৷ যি আপোনাক উচিত ফল প্ৰদান কৰিব ৷ পিতৃ মাতৃৰ পৰা ভাল খবৰ পাব ৷ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ পঢ়াত মন দিব পাৰিব ৷ চৰকাৰী কামত সফল হ’ব ৷ সন্তানৰ লগত খৰচ বাঢ়িলেও আপোনাৰ আয় বৃদ্ধি হ’ব ৷ কলা আৰু খেলৰ ক্ষেত্ৰত সফলতা দেখুওৱাব পাৰিব ৷

মিথুন ৰাশি: নতুন কাম হাতত লোৱাৰ বাবে উচিত সময় ৷ চৰকাৰৰ পৰা পাবলগীয়াখিনি পাব ৷ কৰ্মক্ষেত্ৰত আপোনাৰ সকলোৰে পৰা সহায়-সহযোগিতা লাভ কৰিব ৷ আজি এটা সৰু ভ্ৰমণত যাব পাৰে ৷ আপোনাৰ প্ৰতিবেশী আৰু প্ৰিয়জনৰ লগত অলপ তৰ্কা তৰ্কী হ’ব পাৰে ৷ আপোনাৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়া সলনি হ’ব ৷

কৰ্কট ৰাশি: বিপৰীত চিন্তাধাৰা পৰিত্যাগ কৰক ৷ আপুনি শাৰীৰিকভাৱে আৰু মানসিকভাৱে দুৰ্বল অনুভৱ কৰিব ৷ আপুনি কোনো বিষয়তে আজি সন্তুষ্টি লাভ নকৰে ৷ চকুৰ পৰা অশান্তি পাব ৷ পৰিয়ালৰ সদস্যসকলৰ লগত তৰ্কৰ পৰা আঁতৰত থাকক অন্যথা আপোনাক তেওঁলোকে ভুল বুজিব পাৰে ৷ অতি মাত্ৰা কষ্ট কৰিলেও ছাত্ৰ-ছাত্ৰীসকলে উপযুক্ত ফল লাভ নকৰে ৷ বে-আইনী কামৰ পৰা দূৰত থাকক ৷ খৰচ যিমান পাৰি সিমান কমাবলৈ চেষ্টা কৰক ৷

সিংহ ৰাশি: আজি আপুনি সম্পূৰ্ণ বিশ্বাসেৰে নিজৰ কাম সম্পন্ন কৰিব ৷ সামাজিক ক্ষেত্ৰত নাম আৰু সন্মান বুটলিবলৈ সক্ষম হ’ব ৷ কথা কওঁতে সাৱধান হওক ৷ খং ত্যাগ কৰক ৷ শৰীৰৰ যত্ন লওক ৷

কন্যা ৰাশি: আত্মমৰ্যদা হানি হ’ব পাৰে, সাৱধানে থাকক ৷ আপুনি শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল অনুভৱ কৰিব ৷ আপুনি আৰু আপোনাৰ প্ৰিয়জনৰ মাজত নিতিগত পাৰ্থক্যই গা কৰিব পাৰে , যি আপোনাক চিন্তাত পেলাব ৷ খং আৰু আক্ৰমনাত্মক আচৰণে আপোনাৰ দিন বেয়া কৰি তুলিব ৷ ধৰ্মীয় কামত খৰচ কৰিবলগীয়া হ’ব পাৰে ৷ শৰীৰৰ যত্ন লওক, দুৰ্ঘটনাৰ যোগ আছে ৷ যিমান পাৰি সিমান অযুক্তিসংগত তৰ্ক বিতৰ্কৰ পৰা আতৰি থাকক ৷

তুলা ৰাশি: গণেশৰ কৃপাত আজি আপোনাৰ দিনটো শুভ ৷ কেইবাটাও দিশত লাভে আপোনাক আনন্দিত কৰিব ৷ আমদানি বাঢ়িব ৷ বন্ধুৰ সহায়ত আমদানি বঢ়াব পৰিব আৰু তেওঁক টকা দি সহায় কৰিব পাৰিব ৷ ভ্ৰমণৰ যোগ আছে ৷ মহিলা বন্ধুৰ সৈতে হোৱা সাক্ষাৎকাৰে আপোনাক আনন্দ দিব ৷ বিবাহ প্ৰাৰ্থীসকলে মনে বিচৰা সংগী লাভ কৰিব ৷ খাদ্যভাস সলনি কৰক ৷

বৃশ্চিক ৰাশি: আজিৰ দিনটো লাভজনক ৷ আপোনাৰ কৰ্মক্ষেত্ৰৰ পৰিবেশ আপোনাৰ অনুকূল হ’ব ৷ আপোনাৰ বচ আপোনাৰ কামত সুখী হ’ব ৷ আজি আপোনাৰ কাম সহজে শেষ কৰিব পাৰিব ৷ পদোন্নতিৰ যোগ আছে ৷ পাৰিবাৰিক জীৱন সুখেৰে ভৰি পৰিব ৷ ব্যবসায়িক ভ্ৰমণত যাব পাৰে ৷ সন্তানৰ উন্নতিয়ে আপোনাক আনন্দ দিব ৷

মকৰ ৰাশি: হঠাৎ শৰীৰত অসুস্থতা অনুভৱ কৰিব আৰু তাৰ বাবে খৰচো বাঢ়িব ৷ সামাজিক আৰু দৈনন্দিন কামবোৰ সময়মতে হৈ থাকিব ৷ খোৱা-বোৱাত চকু ৰাখক ৷ বিপৰীত চিন্তা বাদ দিয়ক ৷ কৰ্মক্ষেত্ৰত পৰিবেশ সুন্দৰ হ’ব ৷ আপুনি আৰু আপোনাৰ ব্যৱসায়ৰ ভাগিদাৰৰ মাজত সহযোগিতাৰ অভাব হ’ব ৷ চৰকাৰী কায্যালয়ৰ কাম কাজ বোৰ ভালদৰে কৰিব পাৰিব ৷

কুম্ভ ৰাশি: আপোনাৰ কামবোৰ সতৰ্কতা আৰু লক্ষ্য স্থিৰকে কৰি যাব ৷ ভ্ৰমণত যাব পাৰে ৷ সুন্দৰ সাজ পৰিধান কৰিব পাৰে ৷ আপোনাৰ ব্যৱসায়িক ভাগিদাৰে আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব ৷ নতুন বাহন ক্ৰয় কৰাৰ যোগ ৷

মীন ৰাশি: আজি আপোনাৰ বাবে এটা লাভজনক দিন ৷ আপোনাৰ আত্মবিশ্বাস আৰু লক্ষ্যই পূৰ্ণতা প্ৰাপ্তি কৰিব ৷ শৰীৰৰ পৰা কোনো অসুবিধা লাভ নকৰে ৷ ঘৰৰ পৰিবেশ সুন্দৰ হ’ব ৷ আপোনাৰ প্ৰতিযোগীসকলৰ পৰাজয় হ’ব ৷ খঙাল হৈ নপৰিব ৷ আপোনাৰ সহকৰ্মীসকলে সহায়-সহযোগিতা আগবঢ়াব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.