ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল - Daily Horoscope For 23rd March

author img

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 6:01 AM IST

Daily Horoscope For 23rd March 2024
আজিৰ দিনটোৰ ৰাশিফল

Daily Horoscope For 23rd March: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

মেষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে বৰ উজ্জ্বল ৷ বন্ধু বা পৰিয়ালৰ লোকৰ সৈতে আপুনি আনন্দৰে সৈতে সামাজিক উৎসৱ বা অনুষ্ঠানত যোগ দিব পাৰে ৷ বন্ধুৰ দ্বাৰা উপকৃত আৰু লাভবান হ’ব ৷ বন্ধুসকলক সুখী কৰিবলৈ খৰচ কৰিব পাৰে ৷ বয়োজ্যেষ্ঠসকলৰ পৰা মৰম-চেনেহ পাব ৷ আপোনাৰ ঘনিষ্ঠতা উচ্চতৰ স্তৰ স্পৰ্শ কৰিব ৷ সুন্দৰ সুৰম্য ঠাইত ফুৰিব যোৱাৰ ইংগিত আছে ৷ অপ্ৰত্যাশিতভাৱে ধনলাভ হোৱাৰ সুযোগ আছে ৷ সন্তানৰ দ্বাৰা লাভবান হোৱাৰ সম্ভাৱনা আছে ৷

বৃষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ ৷ নতুন কাম আৰু উদ্যোগ হাতত ল’ব পাৰে ৷ বৃত্তিধাৰী আৰু ব্যৱসায়ীসকলৰ কাৰণে আজিৰ দিনটো লাভদায়ক ৷ কৰ্মস্থলীত আপোনাৰ কামৰ প্ৰশংসা কৰা হ’ব ৷ পদোন্নতি, দৰমহা বৃদ্ধি হ’ব পাৰে ৷ ৰৈ থকা কামবোৰ সম্পন্ন হ’ব ৷ ঘৰত মৰম আৰু সন্মান পাব ৷ উপহাৰ লাভ কৰিব পাৰে ৷

মিথুন ৰাশি: কিবা নহয় কিবা কাৰণত আজি আপোনাৰ মন অস্থিৰ হৈ থাকিব ৷ দুৰ্বলতা, শক্তিহীনতা আৰু কামৰ প্ৰতি অনীহাৰ ইংগিত আছে ৷ পেটৰ সমস্যা হ’ব পাৰে ৷ বিনা কাৰণত ব্যয়ৰ সম্ভাৱনা আছে ৷ ব্যৱসায় আশানুৰূপভাৱে সুচাৰু ৰূপত নচলিবও পাৰে ৷ সহকৰ্মীসকলৰ আচৰণ জটিল হ’ব, তেওঁলোকৰপৰা সহযোগিতা নাপাব ৷ সন্তানক লৈ দুশ্চিন্তাই আপোনাক বিষণ্ণ কৰি ৰাখিব ৷ পৰিশ্ৰম আৰু প্ৰয়াসৰ কোনো ফল নাপাব ৷ কৰ্মক্ষেত্ৰত অসুখী পৰিৱেশ আপোনাৰ দুখ বঢ়াই দিব ৷

কৰ্কট ৰাশি: আজিৰ দিনটো দুৰ্ভাগ্য আৰু আশংকা কঢ়িয়াই লৈ আহিব ৷ কোনো নতুন কাম হাতত লোৱাৰপৰা বিৰত থাকক, চাৰ্জাৰী নকৰাব আজি ৷ কোনোপধ্যেই মূৰ গৰম হ’বলৈ নিদিব ৷ অবৈধ আৰু অনৈতিক কামৰ চিন্তা মনৰপৰা দূৰত ৰাখক ৷ বেয়া কাম কৰিলে ডাঙৰ সমস্যাত পৰি যাব পাৰে ৷ কৰ্মক্ষেত্ৰত পৰিৱেশ প্ৰতিকূল ৷ পৰিয়ালৰ সুখ-শান্তি বিঘ্নিত নকৰিব ৷ মানসিক ক্ষোভ আৰু অস্থিৰতাৰ ইংগিত আছে ৷ মন বেয়া নকৰিব ৷

সিংহ ৰাশি: আজিৰ দিনটো আশানুৰূপ নহ’ব ৷ অংশীদাৰিত্ব কৰাৰ আগতে অধিক সতৰ্ক থাকক ৷ ব্যৱসায় সম্বন্ধীয় বিবাদৰপৰা দূৰত থাকিব ৷ স্বাস্থ্যৰ সমস্যা দেখা নিদিব ৷ অৱশ্যে স্বামীৰ বাবে স্ত্ৰীৰ স্বাস্থ্য বা স্ত্ৰীৰ বাবে স্বামীৰ স্বাস্থ্য দুশ্চিন্তাৰ কাৰণ হ’ব পাৰে ৷ সামাজিক, ৰাজহুৱা কামকাজ ভালকৈ সম্পন্ন হ’ব ৷ বিদেশীৰ সৈতে সাক্ষাতৰ সম্ভাৱনা আছে ৷ অৱশ্যে সকলো ভাল হ’ব বুলি আশা কৰি বহি নাথাকিব ৷

কন্যা ৰাশি: আজিৰ দিনটো আপোনাৰ মনোৰম ৷ সাংসাৰিক সুখ আৰু শান্তি বিৰাজ কৰিব ৷ আজি গোটেই দিন আপুনি উৎসাহ-উদ্দীপনাৰে পৰিপূৰ্ণ হৈ থাকিব ৷ সকলো দিশৰপৰা আপুনি আনন্দ আৰু পৰিতৃপ্তি লাভ কৰিব ৷ আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব ৷ আপুনি বেমাৰত যদি ভুগি আছে, তেতিয়া হ’লে সুস্থ হৈ উঠিব ৷ লাভ আৰু জনপ্ৰিয়তা বৃদ্ধি পাব ৷ সহকৰ্মীসকলৰ সৈতে উষ্ম আৰু আন্তৰিক সম্পৰ্ক বৰ্তি থাকিব, গ্ৰহৰ অৱস্থান তাকেই কয় ৷ ঘৰৰপৰা ভাল খবৰ পাব পাৰে ৷

তুলা ৰাশি: আপোনাৰ বাবে প্ৰভূত আনন্দ অপেক্ষা কৰি আছে ৷ বৌদ্ধিক কাৰ্যই আপোনাক আনন্দ আৰু সন্তুষ্টি প্ৰদান কৰিব ৷ গ্ৰহৰ অৱস্থানে কয়, আজি আপুনি সৃজনশীলতা আৰু মৌলিক প্ৰতিভাৰ ক্ষেত্ৰত পৰম উৎসাহ লাভ কৰিব ৷ আপোনাৰ সুখ-সমৃদ্ধি বৃদ্ধি কৰিব সন্তানে ৷ আজি গোটেই দিন আপুনি প্ৰাণৱন্ত আৰু তজবজীয়া অনুভৱ কৰিব ৷ অদিক চিন্তা বা দুশ্চিন্তা নকৰিব ৷ আজিৰ দিনটোক কেৱল উপভোগ কৰক ৷

বৃশ্চিক ৰাশি: আজি দিনটো ধীৰ-স্থিৰ আৰু শান্ত হৈ থাকক ৷ উদ্বেগ আপোনাৰ মন বেয়া কৰি ৰাখিব পাৰে ৷ বন্ধু আৰু আত্মীয়সকলৰপৰা উষ্ম আচৰণ নাপাব তেওঁলোকে আপোনাৰ কথাত বেয়া পাব পাৰে ৷ স্বাস্থ্যক লৈ চিন্তা বাঢ়িব ৷ আৰ্থিক ক্ষতি আৰু সুনাম নষ্ট হোৱাৰ আশংকা আছে ৷ আজি নাৰী আৰু পানী দেখিলেই আপোনাৰ খং উঠিব ৷ নিজৰ বদনাম হ’বলৈ নিদিব ৷ নথিপত্ৰ চহী কৰাৰ আগতে দুনাই ভাবক ৷

ধনু ৰাশি: পৰাবিদ্যা, আধ্যাত্মিকতা সম্বন্ধীয় কাৰ্যত আপোনাৰ দিনটো পাৰ হৈ যাব, এইবোৰৰপৰা বহুত আনন্দ লাভ কৰিব আপুনি ৷ ভাইভনীসকল আপোনাৰ প্ৰতি উষ্ম আচৰণ কৰিব আপোনাৰ আন্তৰিক হৈ উঠিব ৷ নতুন কাম আৰু উদ্যোগ হাতত লোৱাৰ বাবে আজিৰ দিনটো বৰ ভাল ৷ বন্ধু আৰু সতীৰ্থসকলৰ সৈতে অনানুষ্ঠানিক মিলামিচা কৰি আনন্দ উপভোগ কৰাৰ যোগ আছে ৷ গ্ৰহৰ অৱস্থানে কয়, আজি আপুনি বিজয়ী হ’ব আৰু আপোনাৰ প্ৰতিযোগীসকলে পৰাস্ত হ’ব ৷ সুখকৰ ভ্ৰমণৰ সম্ভাৱনা আছে ৷ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধিৰ ইংগিত আছে ৷

মকৰ ৰাশি: শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিলে অপ্ৰত্যাশিত লাভ পাব পাৰে ৷ পৰিয়ালত কোনোবাৰ বেমাৰ হোৱাৰ কাৰণে উদ্বেগ বাঢ়িব আপোনাৰ ৷ ঘৰোৱা পৰিৱেশ বৰ ভাল নাথাকিব ৷ সন্তানে পঢ়াশুনাত প্ৰয়োজনৰ তুলনাত অধিক পৰিশ্ৰম কৰিব লাগিব ৷ স্বাস্থ্য একে থাকিব ৷ চকুত সংক্ৰমণ হ’ব পাৰে ৷ আপোনাৰ সুস্থ মনোভাৱৰ ফলত আপুনি সকলো ধৰণৰ নেতিবাচক মনোভাৱ দূৰ কৰিব পাৰিব ৷ আগ্ৰাসী পদক্ষেপ ল’লে বা বিপদৰ আশংকা থকা কাম হাতত ল’লে বৰ ভাল ফল পাব ৷

কুম্ভ ৰাশি: আজি গোটেই দিন আপুনি প্ৰাণৱন্ত আৰু উলহ মালহেৰে পূৰ্ণ হৈ থাকিব ৷ গ্ৰহৰ অৱস্থানে আপোনাৰ বাবে লাভ আৰু উপকাৰৰ ইংগিত দি আছে ৷ পৰিয়ালৰ লোকৰ সৈতে আনন্দদায়ক ভ্ৰমণত যাব পাৰে ৷ স্পষ্ট মনোভাৱ আৰু আধ্যাত্মিকতাই আপোনাৰ মন ফুৰ্তিত ৰাখিব ৷ বন্ধু আৰু আত্মীয়ৰপৰা উপহাৰ পাব ৷ সকলো ধৰণৰ নেতিবাচক চিন্তা মনৰপৰা দূৰত ৰাখক ৷ আজিৰ দিনটো দাম্পত্য সুখ কঢ়িয়াই আনিব ৷

মীন ৰাশি: আজি আপুনি কোনো কাম মনোযোগ দি থাকিব নোৱাৰিব ৷ মন বিমৰ্ষ হৈ থাকিব আৰু কোনো বস্তুৰ প্ৰতি আগ্ৰহ নাথাকিব ৷ ধৰ্মীয় বিষয়ত অত্যধিক ব্যয়ৰ সম্ভাৱনা আছে ৷ বিনিয়োগ কৰাৰ সময়ত ভালকৈ ভাবি চিন্তি ল’ব ৷ পৰিয়ালৰ লোকৰ সৈতে অলপ সংঘাত হ’ব পাৰে, যাৰ ফলত সংক্ষিপ্ত বিচ্ছেদো হ’ব পাৰে ৷ সৰু-সুৰা লাভৰ পিছে পিছে দৌৰি থাকিলে ডাঙৰ কোনো ক্ষতি হৈ যাব পাৰে ৷ আইনী বিষয়ক সাৱধানে চলাই লৈ যাব লাগিব ৷ প্ৰাৰ্থনা আৰু ধ্যান কৰিলে দিনটো ভালে যাব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.