ETV Bharat / bharat

Daily Horoscope For 23rd February: কেনে যাব আপোনাৰ আজিৰ দিনটো ?

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 5:33 AM IST

Daily Horoscope For 23rd February 2024
কেনে যাব আপোনাৰ আজিৰ দিনটো ?

Daily Horoscope For 23rd February: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

মেষ ৰাশি: অধিক কামৰ বোজা লোৱাৰ পৰা বিৰত থাকক ৷ এলাহভাৱে কামবোৰ বিৰক্তিদায়ক কৰি তুলিব ৷ খং ত্যাগ কৰক অন্যথা কৰ্মক্ষেত্ৰত পৰিস্থিতি বেয়া হ’ব পাৰে ৷ ধৰ্মীয় স্থান ভ্ৰমণ কৰক ৷

বৃষ ৰাশি: যোগ আৰু ধ্যানে আপোনাৰ মনত শান্তি ঘূৰাই আনিব ৷ শৰীৰত বিষ, অস্থিৰ মানসিক স্থিতি, নতুন আৰম্ভণি আদি চিন্তাই কৰ্মস্থলীত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ খোৱা আৰু শৰীৰৰ যত্ন লওক ৷ ভ্ৰমণ বাতিল কৰক ৷

মিথুন ৰাশি: গণেশৰ কৃপাত আজিৰ দিনটো আপোনাৰ সকৰাত্মকভাৱে পাৰ হ’ব ৷ ঘৰুৱা পৰিবেশ সুন্দৰ হ’ব ৷ আপুনি ভাল পোৱা কামৰ মাজত আপোনাৰ দিন পাৰ হ’ব আৰু সামাজিক প্ৰতিষ্ঠা লাভ কৰিব ৷ চিনেমা , ৰাতিৰ আহাৰ আদিয়ে আপোনাৰ আনন্দ আৰু অধিক বঢ়াই তুলিব ৷

কৰ্কট ৰাশি: চৰকাৰী চাকৰিয়াল আৰু নতুনকৈ কামত সোমোৱাসকল বিশেষভাবে কাৰ্যালয়ৰ পৰিবেশৰ দ্বাৰা প্ৰভাৱিত হ’ব ৷ সন্তান আৰু প্ৰিয়জনৰ লগত সুন্দৰ সময় পাৰ হ’ব, খৰচৰ মাত্ৰা বৃদ্ধি হ’ব, কিন্তু আপুনি সেইখিনি ভাল কামত খৰচ কৰিবলৈ পাই সন্তুষ্ট লাভ কৰিব ৷

সিংহ ৰাশি: গণেশৰ মতে, এটা সম্পূৰ্ণ সুখেৰে ভৰা দিন ৷ আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে থাকিব যাৰ ফলত কামত আৰু আগবাঢ়িব পাৰিব ৷ আপোনাৰ কামে বচক সুখী কৰিব আৰু তেওঁৰ পৰা ভাল বাৰ্তা লাভ কৰিব পাৰে ৷ এই সৌভাগ্য আপোনাৰ পৰিয়ালৰ লগতো ভাগ কৰক ৷

কন্যা ৰাশি: আইন সংক্ৰান্তীয় কাগজত চহী কৰাৰ আগতে চাই লওক ৷ দিনটো বৰ সফল দেখা নাযায় আৰু তাৰ ফলত আপুনি মানসিক অসুবিধা অনুভৱ কৰিব ৷ পৰিয়ালৰ লগত বিশেষ কথাত ভুল বুজাবুজি হ’ব পাৰে ৷ কামৰ বোজাৰ পৰা সাৱধান ৷

তুলা ৰাশি: নতুন আৰম্ভণি, নতুন সম্বন্ধ আৰু সুন্দৰ ভ্ৰমণে আপোনাৰ ভাতৃ ভগ্নীৰ লগত সম্পৰ্ক ভাল আৰু সন্তুষপূৰ্ণ কৰাত সহায় কৰিব ৷ নতুন ব্যৱসায় আৰম্ভণিৰ বাবে উত্তম সময়, বিদেশৰ পৰা ভাল খবৰ পাব পাৰে ৷ আপোনাৰ জমা টকা ভাল সুতত লাভ কৰিব ৷ শত্ৰুৰ লগত বিজয়ে আপোনাৰ মুখত হাঁহি বিৰিঙাব ৷

বৃশ্চিক ৰাশি: আজি এটা মধ্যম দিন ৷ টকা-পইচাৰ ক্ষেত্ৰত আপোনাৰ কুশলতা বৃদ্ধি হ’ব আৰু ধৰ্মীয় ক্ষেত্ৰত টকা খৰচ হ’ব ৷ সকলোৰে ব্যৱহাৰৰ সলনিৰ ওপৰত চকু দিয়ক, কাৰণ তেওঁলোকে আপোনাৰ বিপক্ষে ষড়যন্ত্ৰ কৰিব পাৰে ৷ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভাল সময় নহয় ৷

ধনু ৰাশি: গ্ৰহৰ দশা আজি অলপ ভাল ৷ লক্ষ্মী দেৱীৰ কৃপা আপোনাৰ ওপৰত পৰি থাকিব ৷ সামাজিক কামত লাভ হ’ব ৷ সুখত থাকক আৰু পৰিয়ালৰ সদস্যসকলৰ লগত সময় কটাওক ৷ ভাল শৰীৰ আৰু মনে পৰিয়ালৰ লগত পৰ্যটন ক্ষেত্ৰ ভ্ৰমণে উৎসাহিত কৰিব ৷

মকৰ ৰাশি: খঙৰ ওপৰত কাবু ৰাখক ৷ দিনটোৰ বেছিভাগ সময় টকাৰ লোকচানৰ বাবে যন্ত্ৰণাৰ মাজত কটাব লাগিব ৷ প্ৰিয়জনৰ লগত কাজিয়া হ’ব আৰু আইনী কাৰ্যই আপোনাক মানসিকভাৱে অপকাৰ সাধন কৰিব ৷ শান্ত থাকিবলৈ চেষ্টা কৰক ৷ ধ্যান কৰক ৷

কুম্ভ ৰাশি: গ্ৰহৰ দশা ভাল, আপুনি কৰা কামৰ বাবে উপহাৰ আশা কৰিব পাৰে ৷ পৰিয়াল আৰু সন্তানৰ লগত সময় কটাব পাৰিব, নতুন কাম আৰম্ভ কৰাৰ উত্তম সময় ৷ আপোনাৰ দক্ষতা বৃদ্ধি হ’ব আৰু সামাজিকভাৱে সন্মান লাভ কৰিব ৷ ভ্ৰমণৰ সুন্দৰ যোগ আছে ৷

মীন ৰাশি: কাৰ্মক্ষেত্ৰত আৰু পাৰিবাৰিক জীৱনত এটা ভাগ্যশালী দিন বুলিব পাৰি ৷ লক্ষ্মীৰ কৃপা লাভ কৰিব ৷ ব্যৱসায়ত উন্নতি সাধন হ’ব আৰু ধাৰে দিয়া টকা ঘূৰাই পাব ৷ পিতৃৰ শুভকামনাৰ ফলত সমাজত আপোনাৰ স্থান উন্নত হ’ব ৷ শৰীৰৰ পৰা একো অসুবিধা নোপোৱাকৈ দিন পাৰ কৰিব পাৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.