ETV Bharat / bharat

Daily horoscope for 22nd January : কেনে যাব আপোনাৰ আজিৰ দিনটো

author img

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 9:07 AM IST

Updated : Jan 23, 2024, 11:59 AM IST

Daily horoscope for 22nd January : কেনে যাব আপোনাৰ আজিৰ দিনটো

Daily horoscope for 22nd January
দিনটোৰ ৰাশিফল

মেষৰাশি : আজি আপুনি নিয়মীয়া কামকাজৰ পৰা অলপ আঁতৰি আধ্যাত্মিকতাৰ দিশলৈ আকৃষ্ট হ’ব পাৰে । কথা কোৱাৰ সময়ত সতৰ্ক থাকক, কিয়নো মনত আঘাত দিব পৰা কথা আৰু কটুবাক্যই সু-সম্পৰ্ক নষ্ট কৰি দিব পাৰে । দিনটোৰ শেষভাগত আপুনি নতুন প্ৰকল্পৰ কাম আৰম্ভ কৰিবলৈ সক্ষম হ’ব, যাৰ ফলত আপুনি উত্তেজিত আৰু উদ্বিগ্ন হৈ থাকিব । কোনো সমস্যাত পৰিলে আপুনি সহকৰ্মীসকলক ভৰসা কৰিব পাৰে, তেওঁলোকে আপোনাক সহায় কৰিব । নিজৰ স্বাস্থ্যৰ প্ৰতি যত্নশীল হওক । সন্তানৰ ভৱিষ্যতক লৈ অত্যধিক চিন্তা নকৰিব । ইতিবাচক মনোভাৱ বৰ্তাই ৰাখক ৷

বৃষৰাশি : আজি আপোনাৰ দিনটোৰ আৰম্ভণি হ’ব হাঁহিমুখেৰে । নতুন মানুহৰ সৈতে সাক্ষাৎ হ’ব পাৰে আপোনাৰ ৷ আপুনি তজবজীয়া হৈ থাকিব আজি । অৱশ্যে দিনটোৰ পিছৰ ভাগত আপোনাৰ নক্ষত্ৰবোৰ সামান্য দুৰ্বল থাকিব যেন লাগিছে । কথা কোৱাৰ সময়ত সাৱধানে ক’ব, কিয়নো উত্তপ্ত বিবাদৰ যোগ আছে । শত্ৰুসকলৰ পৰা সাৱধান, কিয়নো তেওঁলোকৰ চকু আপোনাৰ ওপৰত আছে । আজি ধৰ্মীয় বিষয় আৰু ক্ৰিয়াকলাপৰ প্ৰতি আপোনাৰ আসক্তি আহিব পাৰে ।

মিথুনৰাশি : এটা সপ্ৰতিভ দিন ! আজিৰ দিনটো আপুনি খেল ধেমালি নতুবা মনোৰঞ্জন কাৰ্যকলাপেৰে আৰম্ভ কৰক । জগিং বা ব্যায়াম কৰক, যাতে আপুনি শাৰীৰিক আৰু মানসিকভাৱে তজবজীয়া অনুভৱ কৰিব পাৰে । কৰ্মক্ষেত্ৰৰ পৰিৱেশ ধীৰ-স্থিৰ আৰু অনুকূল থাকিব । দিনটো ছুটী কটোৱাৰ বাবে উপযুক্ত । বন্ধুসকলৰ সৈতে ফুৰিবলৈ যাব পাৰে । আজিৰ এই অনুকূল সময়ৰ যিমান পাৰে সদ্ব্যৱহাৰ কৰক ৷

কৰ্কটৰাশি : দিনটোৰ প্ৰথমাৰ্ধ আপোনাৰ বাবে সামান্য জটিল হ’ব যেন লাগিছে । অৱশ্যে প্ৰতিকূলতাৰ মাজতো আপুনি কঠোৰ পৰিশ্ৰম আৰু প্ৰয়াসৰ দ্বাৰা সুফল লাভ কৰিব । পঢ়ুৱৈসকলে বিদ্যায়তনিক ক্ষেত্ৰত সফলতা উপভোগ কৰিব । স্বাস্থ্য হয়তো ভালে নাথাকিবও পাৰে । পেটৰ বেমাৰে দোখা দিব পাৰে । অৱশ্যে দ্বিতীয়াৰ্ধত পৰিস্থিতিৰ সামান্য উন্নতি হ’ব যেন লাগিছে ৷ কৰ্মক্ষেত্ৰত আজি আপুনি খুব সম্ভৱ আগৰ পৰি থকা কামবোৰ শেষ কৰি পেলাব । আপুনি নিজৰ সহকৰ্মী আৰু প্ৰতিযোগীসকলৰ কাৰণে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব যে তাৰ ফলত তেওঁলোকৰো লাভ হ’ব আৰু আপোনাৰো লাভ হ’ব ।

সিংহৰাশি : আজি সাৱধানতা অৱলম্বন কৰক । আজি আপোনাৰ বহুত চাপ আৰু দুশ্চিন্তা থাকিব, যাৰ ফলত গোটেই দিনটো আপুনি অস্থিৰ হৈ থাকিব । আপোনাৰ পৰিয়ালৰ লোকৰ সৈতে কোনো বিবাদ বা সংঘাত হ’লে মনে মনে থকাই ভাল । নিজৰ সহকৰ্মীসকলৰ সৈতে কোনো ধৰণৰ আলাপ-আলোচনা কৰাৰ পৰা বিৰত থাকক । আপোনাৰ আৰ্থিক ক্ষতি হ’ব পাৰে । অতিৰিক্ত ধন উপাৰ্জনৰ উপায় উলিওৱাৰ বাবে সময়টো ভাল । সন্তানসকলক লৈ চিন্তা । ধ্যান কৰক । তেতিয়া আপোনাৰ অস্থিৰ মনটোৱে কিছু সকাহ পাব ।

কন্যাৰাশি : কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ ভাগ্য সু-প্ৰসন্ন । এয়া হ’ল আনন্দ-স্ফূৰ্তি কৰাৰ সময় । আপোনাৰ পৰিয়াল আৰু বন্ধুসকলৰ বাবে আপুনি উপকৃত হ’ব । অৱশ্যে মধ্যাহ্নৰ পিচত আপুনি অসুবিধাত পৰিব পাৰে । দুশ্চিন্তাই আপোনাক আগুৰি ধৰিব । এই দুশ্চিন্তাৰ অন্যতম এটা কাৰণ হ’ব আপোনাৰ মাতৃৰ স্বাস্থ্যৰ অৱনতি ঘটা । নৈ-পুখুৰী আদিৰ পৰা সাৱধানে থাকিব, কিয়নো এইবোৰে আপোনাৰ কাৰণে বিপদ মাতিব পাৰে ৷

তুলাৰাশি : ইতিবাচক হৈ থাকি নেতিবাচক মনোভাৱ এৰাই চলক । এই সময়ছোৱাত পৰিপক্বতা দেখুৱালে আপুনি উপকৃত হ’ব । ঘৰত কোনো ধৰণৰ কাজিয়াৰ সৃষ্টি হ’বলৈ নিদিব । পিছবেলালৈ মন একেবাৰে ফৰকাল হ’ব । পৰিৱেশ গোমা হৈ নাথাকে । আপোনাৰ চাৰিও ফালে সুখ বিৰাজ কৰিব । নতুন প্ৰকল্প আৰম্ভ কৰাৰ প্ৰতি আপোনাৰ আগ্ৰহ জন্মিব পাৰে ৷ ভ্ৰমণৰ যোগ আছে ।

বৃশ্চিকৰাশি : আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া । আজি আপুনি সুখী আৰু পৰিতৃপ্ত হৈ থাকিব । পৰিয়ালৰ সৈতে সুন্দৰকৈ দিনটো আৰম্ভ হ’ব । সু-সংবাদ পাবলৈ সাজু হৈ থাকক । দিনটোৰ শেষৰ ফালে পৰিয়ালৰ লোকৰ সৈতে সুস্থ আলোচনা তিক্ততাৰ ফালে গুচি যোৱাৰ সম্ভাৱনা আছে সেয়ে সাৱধানে থাকিব । অনাৱশ্যক ব্যয় এৰাই চলিবলৈ টকা-পইচা সাৱধানে খৰছ কৰিব । পঢ়ুৱৈসকল পঢ়া-শুনাৰ ক্ষেত্ৰত কিছু সমস্যাত পৰিব পাৰে, অৱশ্যে এয়া কিছু সময়ৰ বাবেহে ।

ধনুৰাশি : আজি আপুনি দুৰ্ঘটনাৰ সৈতে সন্মুখীন হ’ব পাৰে । সাৱধানে থাকক । আজি যদি আপোনাৰ চিকিৎসা বা চাৰ্জাৰী কৰাবলগীয়া আছে সেয়া পিছুৱাই দিয়ক, কিয়নো আপোনাৰ গ্ৰহ আজি অনুকূলত নাই । আপোনাৰ আত্মীয়-স্বজনো প্ৰতিকূল পৰিস্থিতিত পৰিব পাৰে । মনোৰঞ্জন ক্ৰিয়াকলাপত ব্যয় কৰাৰ যোগ । আপোনাৰ অস্থিৰতা দ্বিতীয়াৰ্ধত সলনি হ’ব, যাৰ ফলত আপুনি তজবজীয়া আৰু পুনৰুজ্জীৱিত অনুভৱ কৰিব ৷

মকৰৰাশি : ব্যৱসায়ী আৰু পেছাদাৰীসকলৰ বাবে দিনটো প্ৰতিশ্ৰুতিপূৰ্ণ । আপোনাৰ পত্নী আৰু সন্তানে আপোনাৰ বাবে প্ৰফুল্লতা কঢ়িয়াই আনিব ৷ সুস্থ আৰু সুখী পাৰিবাৰিক জীৱনে আনন্দিত কৰি ৰাখিব । অৱশ্যে সন্ধিয়ালৈ আপোনাৰ বিৰক্তি আৰু চাপ বাঢ়িব পাৰে । বিতৰ্কৰ সৃষ্টি হ’ব পৰা বা বিবাদত লিপ্ত হ’ব পৰা পৰিস্থিতি এৰাই চলক । আপুনি নিজৰ সন্মানক বিপন্ন কৰি তুলিব পাৰে । ভাবি চিন্তি খৰছ কৰক ।

কুম্ভৰাশি : আজিৰ দিনটো আপোনাৰ বাবে লাভদায়ক হ’ব । ব্যৱসায়ী আৰু পেছাদাৰীসকলৰ কাৰণে দিনটো লাভদায়ক কিয়নো আৰ্থিক লাভ হোৱাৰ উপৰিও পদোন্নতিৰো যোগ আছে । ব্যৱসায়ীকলৰ হাতলৈ ধন অহাৰ যোগ । বহুদিন পিচত বন্ধুসকলক লগ কৰি আপুনি উৎসাহিত হৈ থাকিব । বন্ধুবৰ্গৰ সৈতে ৰোমাঞ্চকৰ ভ্ৰমণলৈ যাওক আৰু ভালকৈ ছুটী কটাওক । ঘৰত আজি শান্তি বৰ্তি থাকিব । সন্তানৰ উন্নতিয়ে আপোনাক গোটেই দিনটো আনন্দিত কৰি ৰাখিব ।

মীনৰাশি : আজি আপুনি হয়তো ভাগৰুৱা অনুভৱ কৰিব । বহুদিনৰ পিচত আপোনাৰ পৰিয়ালৰ সম্বন্ধীয় ভাই-ভনীসকল লগ পাব পাৰে ৷ তেওঁলোকক লগ পাই আপুনি নথৈ আনন্দিত হ’ব । সাহিত্য আৰু লেখামেলাৰ এটা নতুন চখ আপোনাৰ মাজত উপজিব । আপুনি নতুন কোনো পৰিকল্পনাৰ কামত হাত দিব পাৰে আৰু কোনো বাধা বিঘিনি নোহোৱাকৈয়ে সেয়া সম্পূৰ্ণ হোৱা দেখিবলৈ পাব । আপোনাৰ আৰ্থিক লাভ হোৱাৰ যোগ ৷

Last Updated : Jan 23, 2024, 11:59 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.