ETV Bharat / bharat

Daily Horoscope For 18th March: আজিৰ দিনটোৰ ৰাশিফল

author img

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 6:00 AM IST

Daily Horoscope For 18th March 2024
আজিৰ দিনটোৰ ৰাশিফল

Daily Horoscope For 18th March: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

মেষ ৰাশি: আপোনাৰ আজিৰ দিনটো শুভ আৰু ঘটনাবহুল ৷ কিন্তু মানসিক অস্থিৰতাৰ বাবে আপুনি গুৰুত্বপূৰ্ণ বিষয়সমূহক লৈ মনস্থিৰ কৰিব নোৱাৰিব, আত্মবিশ্বাস আৰু দৃঢ়তাৰে সৈতে কোনো সিদ্ধান্ত ল’ব নোৱাৰিব ৷ সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক ৷ অফিচৰ কামত ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে ৷ বৌদ্ধিক আলোচনাত অংশগ্ৰহণ কৰিব পাৰে ৷

বৃষ ৰাশি: আজি গোটেই দিন আপোনাক ধীৰ-স্থিৰ আৰু শান্ত হৈ থাকিব লাগিব ৷ বিভ্ৰান্তি আৰু সিদ্ধান্তহীনতাৰ ফলত আপোনাৰ হাতলৈ অহা সুযোগ হেৰুওৱাব পাৰে ৷ সকলোৰে সৈতে বুজাবুজিৰে পাৰস্পৰিক সদ্ভাৱ বৰ্তাই ৰাখি চলক ৷ ভ্ৰমণ পিছুৱাই দিব পাৰে ৷ আজিৰ দিনটো বিশেষকৈ লেখক, শিল্পী আৰু পৰামৰ্শদাতাসকলৰ বাবে শুভ ৷ নতুন কোনো কাম বা প্ৰকল্প হাতত নল’ব ৷

মিথুন ৰাশি: আজি আপোনাৰ বাবে আৰ্থিক লাভ অপেক্ষা কৰি আছে ৷ আজি আপুনি সুস্বাদু ভোজন কৰিব, নিজৰ পচন্দৰ পোছাক পিন্ধিব আৰু বন্ধু তথা আত্মীয়-স্বজনৰ সৈতে আনন্দ-ফুৰ্তি কৰি সময় কটাব ৷ স্বাস্থ্য উত্তম ৷ অনাৱশ্যক ব্যয়ৰ সম্ভাৱনা আছে গতিকে সাৱধানে থাকক ৷ আত্মবিশ্বাসী আৰু উদ্দেশ্য লৈ চলক ৷

কৰ্কট ৰাশি: আজি আপুনি বিভ্ৰান্ত হৈ থাকিব আৰু মনত আপোনাৰ খেলি-মেলি লাগি থাকিব ৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক ৷ আপোনাৰ পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ উদ্দেশ্যৰ সংঘাত হ’ব পাৰে ৷ অধিক ব্যয়ৰ সম্ভাৱনা আছে ৷ সাংসাৰিক প্ৰয়োজনত আপুনি অধিক খৰচ কৰিবলগীয়া হ’ব পাৰে ৷ মুখত লেকাম টানি ৰাখক আৰু ভুল বুজাবুজি দূৰ কৰক ৷ আপোনাৰ স্বাস্থ্যই আমনি কৰিব পাৰে ৷ সংবেদনশীলতাৰে কাম কৰক, নিজৰ নাম আৰু ধন নষ্ট হ’বলৈ নিদিব ৷

সিংহ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে লাভৰ যোগ আছে ৷ বন্ধুসকলে বিশেষকৈ মহিলাসকলে আপোনাৰ কথা চিন্তা কৰিব আৰু আপোনাৰ প্ৰতি আন্তৰিকতা প্ৰকাশ কৰিব ৷ সুন্দৰ কোনো ঠাইত ফুৰিবলৈ যাব পাৰে ৷ আপুনি মনস্থিৰ কৰিব নোৱাৰা হ’লে সুযোগ আপোনাৰ হাতৰ পৰা গুচি যাব পাৰে ৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক ৷ ব্যৱসায়ীসকলে অপ্ৰত্যাশিত লাভৰ আশা কৰিব পাৰে ৷

কন্যা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে অনুকূল ৷ আজি কোনো প্ৰকল্প বা উদ্যোগ হাতত ল’লে সফলতাৰে সম্পন্ন কৰিব পাৰিব ৷ বৃত্তিধাৰী আৰু চাকৰিয়ালসকলৰ পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ যোগ আছে ৷ ব্যৱসায়ীসকলৰ প্ৰচুৰ লাভ হ’ব ৷ পিতৃৰ ফালৰ পৰা লাভ পাব ৷ পৰিয়ালত সুখ আৰু শান্তি বৰ্তি থাকিব ৷

তুলা ৰাশি: আজিৰ দিনটো ব্যৱসায়ীসকলৰ কাৰণে লাভদায়ক ৷ বৃত্তিধাৰী আৰু চাকৰিয়ালসকলে আজি হয়তো দেখিব যে আপোনালোকৰ সহকৰ্মীসকলে আপোনালোকৰ প্ৰতি আন্তৰিকতা আৰু সহযোগিতাৰ ভাৱ পোষণ কৰি আছে ৷ দীঘলীয়া এটা ছুটী কটাবলৈ যাব পাৰে, বিশেষকৈ তীৰ্থযাত্ৰাত যাব পাৰে ৷ আজি আপুনি গভীৰভাৱে সাহিত্যিক আৰু বৌদ্ধিক ক্ৰিয়াকলাপত মগ্ন হৈ থাকিব ৷ বিদেশত বসবাসকাৰী বন্ধু বা প্ৰিয়জনৰ পৰা ভাল বতৰা পাই আপুনি প্ৰফুল্লিত হ’ব ৷ তথাপি কিবা যেন এটা অভাৱে আপোনাক দুখ দি থাকিব ৷

বৃশ্চিক ৰাশি: সুৰক্ষিত আৰু নিৰাপদ হৈ থাকিবলৈ আজি আপুনি সতৰ্ক হৈ থাকিব লাগিব আৰু ভাবি চিন্তি চলিব লাগিব ৷ পৰিস্থিতি আপোনাৰ অনুকূল ৷ সেয়ে নতুন প্ৰকল্প আৰু কাৰ্যসূচী পিছুৱাই দিয়ক ৷ নিজৰ খঙক নিয়ন্ত্ৰণত ৰাখক ৷ কূটাঘাতমূলক আৰু অবৈধ কাম কৰাৰ চিন্তা মূৰৰ পৰা উলিয়াই দিয়ক ৷ অধিক ব্যয়ৰ ফলত আৰ্থিক সমস্যা দেখা দিব পাৰে ৷

ধনু ৰাশি: আজি আপোনাৰ দিনটো উৎসাহপূৰ্ণ, আনন্দপূৰ্ণ আৰু সুখপূৰ্ণ হৈ থাকিব ৷ আপুনি আজি মনোৰঞ্জন আৰু আমোদ লাভ কৰিব ৷ অৰ্থাৎ আজি আপুনি কোনো পাৰ্টিত যাব পাৰে, আপোনাৰ বাগদানৰ দৰে শুভ অনুষ্ঠানৰ আয়োজন হ’ব পাৰে, পিকনিকত যাব পাৰে, মনোৰম ভ্ৰমণত যাব বা শ্বপিং কৰিবলৈ যাব পাৰে ৷ আপুনি আনন্দত মতলীয়া হৈ ৰ’ব ৷ আপুনি অইন সংস্কৃতিৰ সৈতে জড়িত লোকক সাক্ষাৎ কৰিব পাৰে, এই সাক্ষাতে আপোনাক আনন্দ দিব ৷ আপুনি নিজৰ সংগীৰ সৈতে এক শিহৰণকাৰী সম্পৰ্ক উপভোগ কৰিব ৷ সকলো প্ৰকাৰৰ সৃজনশীল আৰু সাহিত্য কৰ্মৰ বাবে দিনটো বৰ ভাল ৷ আপুনি প্ৰশংসা পাব পাৰে ৷ অংশীদাৰিত্বৰ বাবে সময়টো ভাল ৷

মকৰ ৰাশি: আজি কোনো ব্যৱসায়ৰ সম্প্ৰসাৰণ কৰিলে অত্যধিক লাভদায়ক প্ৰমাণিত হ’ব ৷ সকলো কাম পৰিকল্পনা অনুসৰি হৈ থাকিব ৷ আৰ্থিক লেনদেন আপোনাৰ অনুকূলত থাকিব পাৰে ৷ ব্যৱসায়ত কোনো বাধা নোহোৱাকৈ আগবাঢ়ি যাব ৷ অংশীদাৰ আৰু সহকৰ্মী সকলৰ পৰা আন্তৰিকতা পাব আৰু তেওঁলোকৰ পৰা কিবা সাহায্য বিচাৰিলে পাব ৷ স্বাস্থ্য উত্তম ৷ ঘৰত সুখ-শান্তি বৰ্তাই থাকিব ৷

কুম্ভ ৰাশি: আজি আপোনাৰ চিন্তা আৰু কথা-বতৰাত কিছু পৰিৱৰ্তন দেখা যাব পাৰে ৷ আপুনি আজি বৌদ্ধিক আলোচনাত অংশগ্ৰহণ কৰিব পাৰে ৷ সাহিত্যিক আৰু সাংস্কৃতিক ক্ৰিয়াকলাপত স্ফুৰণ দেখা দিব পাৰে ৷ পূৰ্ব পৰিকল্পনাহীন ব্যয়ৰ যোগ আছে ৷ আজি আপোনাৰ হজমৰ সমস্যা দেখা দিব পাৰে ৷

মীন ৰাশি: আজি আপুনি উৎসাহ-উদ্দীপনাৰ অভাৱ অনুভৱ কৰিব পাৰে ৷ পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ কাজিয়া বিবাদ হ’ব পাৰে, আপুনি তৰ্ক-বিতৰ্ক এৰাই চলাটোহে ভাল ৷ আপুনি শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল অনুভৱ কৰিব ৷ অপ্ৰত্যাশিত ঘটনাই আপোনাক আমনি দি থাকিব, আপোনাৰ মনক অস্থিৰ কৰি ৰাখিব ৷ কৰ্মক্ষেত্ৰত আপোনাৰ সমস্যা আৰু অধিক বৃদ্ধি পাব ৷ নাম আৰু যশ নষ্ট হ’ব পাৰে ৷ সাৱধানে ব্যৱসায় কৰক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.