আজিৰ দিনটোৰ ৰাশিফল - Daily Horoscope for 17th April

author img

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 12:05 AM IST

Daily Horoscope for 17th April

Daily Horoscope for 17th April : কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

মেষ ৰাশি : দুখ আৰু ক্ষোভেৰে পাৰ হ’ব ৷ কথাত নিয়ন্ত্ৰণ ৰাখক । মাতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষ মনোযোগ দিয়ক । সম্পত্তি সম্বন্ধীয় বিবাদত নোসোমাব। গাড়ী সাৱধানে চলাব । নদী-পুখুৰী আদিৰপৰা দূৰত থাকক । পঢ়ুৱৈ আৰু পণ্ডিত ব্যক্তিসকলৰ বাবে শুভ ৷

বৃষ ৰাশি: সুস্থ-সবল আৰু উৎসাহ-উদ্দীপনাৰে দিনটো পৰিপূৰ্ণ হৈ থাকিব । আজি আপুনি আৱেগিকভাৱে অনুপ্ৰাণিত হৈ থাকিব । কল্পনাবিলাসী আৰু সৃজনশীল হৈ থাকিব । আজি আপুনি পৰিয়ালৰ প্ৰতি আকৃষ্ট হ’ব আৰু পৰিয়ালৰ লোকৰ সৈতে থাকি আনন্দ পাব । সুখাদ্য ভোজনৰ যোগ আছে ।

মিথুন ৰাশি : সময়ত কোনো কাম শেষ কৰিব নোৱাৰিব ৷ পৰিকল্পনা অনুসৰি অৱশেষত কাম সম্পন্ন কৰিব পাৰিব । আৰ্থিক বিষয়ত ব্যৰ্থতা আহিব পাৰে ৷ কৰ্মক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ অন্যান্য দিনৰ দৰেই । বন্ধু আৰু শুভাকাংক্ষীসকলৰ সৈতে থাকি আপোনাৰ ভাল লাগিব ।

কৰ্কট ৰাশি : আনন্দ, হাঁহি-ফুৰ্তি, উলহ মালহেৰে দিনটো পাৰ হ’ব । ভ্ৰমণৰ যোগ আছে । সুখাদ্য আৰু মিঠাই খাব পাৰিব ৷ আজি আপুনি অত্যধিক আৱেগিক আৰু সংবেদনশীল হৈ থাকিব । আৰ্থিক লাভ হ’ব ৷

সিংহ ৰাশি : আজি মানসিকভাৱে অস্থিৰ আৰু অধৈৰ্য হৈ থাকিব । নাৰীৰ সৈতে কথা পতাৰ সময়ত কৌশল অৱলম্বন কৰি চলিব । কাৰো হৈ কোনো কথা নক’ব অথবা কাকো কথা নিদিব । তৰ্ক বিবাদৰপৰা দূৰত থাকক । আইনী বিষয়বোৰ অত্যধিক সাৱধানতাৰে চম্ভালি লওক । সংবেদনশীল আৰু পক্ষপাতহীন আচৰণ কৰক। ব্যয় নিয়ন্ত্ৰণৰ বাহিৰত যাব পাৰে ৷

কন্যা ৰাশি : আজিৰ দিনটো সুখ-শান্তি আৰু পৰিতৃপ্তিৰে পৰিপূৰ্ণ হৈ থাকিব । সকলো ক্ষেত্ৰৰপৰা লাভবান হ’ব । সন্তানৰপৰা সুসংবাদ পোৱাৰ আশা আছে।

তুলা ৰাশি : দিনটো অত্যধিক শুভ। ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত অনুকূল। পদোন্নতিৰ প্ৰবল সুযোগ আছে । ঘৰত সুখ আৰু শান্তি বৰ্তি থাকিব । মাতৃৰপৰা কোনো লাভ আৰু উপকাৰ পাব পাৰে ।

বৃশ্চিক ৰাশি : কৰ্মক্ষেত্ৰত সতৰ্ক আৰু সাৱধান হৈ থাকিব । হতাশ আৰু বিষণ্ণ হৈ পৰিব পাৰে । আপুনি এলেহুৱা আৰু উদ্যমহীনতা অনুভৱ কৰিব পাৰে । গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে আজিৰ দিনটো ভাল নহয় । অপৰিকল্পিত ব্যয়ৰ হ’ব পাৰে । ভ্ৰমণৰ যোগ আছে ৷

ধনু ৰাশি : নতুন প্ৰকল্প অথবা কাম হাতত লোৱাৰ বাবে দিনটো ভাল নহয় ৷ কথাবতৰা আৰু আচৰণত সাৱধান হওক । অত্যধিক সংবেদনশীলতা আপোনাৰ বাবে ক্ষতিকৰ হ’ব পাৰে । স্বাস্থ্যৰ প্ৰতি চকু দিয়ক । ব্যয় হোৱাৰ সম্ভাৱনা আছে । অবৈধ সম্পৰ্ক আৰু অনৈতিক কামত লিপ্ত নহ’ব । প্ৰাৰ্থনা আৰু ধ্যান কৰিলে ভাল ৷

মকৰ ৰাশি : দিনটো শুভ । ব্যৱসায় সম্প্ৰসাৰণ কৰক । আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হ’ব । সৰুসুৰা ভ্ৰমণৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি ।

কুম্ভ ৰাশি: কৰ্মক্ষেত্ৰত আপুনি অসাধাৰণ কাম কৰি দেখুৱাব আৰু তাৰ বাবে প্ৰচুৰ প্ৰশংসা পাব ৷ ব্যৱসায়ৰ অংশীদাৰসকলে আৰু লগতে সহকৰ্মীসকলেও আপোনাক সাহাৰ্য আৰু উপকাৰ কৰিব । পৰিয়ালৰ সৈতে সময় কটাওক । পুৱাৰপৰা সন্ধিয়ালৈকে আপুনি প্ৰাণৱন্ত হৈ থাকিব ৷

মীন ৰাশি: আজি আপুনি সৃজনশীল হৈ থকাৰ সম্ভাৱনা আছে । দিনটো পঢ়ুৱৈ আৰু পণ্ডিতসকলৰ কাৰণে শুভ । চিন্তাশীল আৰু আৱেগিক হৈ থাকিব পাৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.