আজিৰ দিনটোৰ ৰাশিফল - DAILY HOROSCOPE FOR 16TH APRIL

author img

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 12:10 AM IST

DAILY  HOROSCOPE FOR 16TH APRIL

Daily Horoscope For 16th April: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

মেষ ৰাশি : দিনটো সহজভাৱে লওক । অত্যধিক সংবেদনশীল আৰু অত্যধিক আৱেগিক হৈ থাকিব পাৰিব ৷ মাতৃৰ স্বাস্থ্যক লৈ চিন্তা হ’ব । পঢ়ুৱৈ আৰু পণ্ডিতসকলৰ বাবে দিনটো অশুভ ৷ সম্পত্তি সম্বন্ধীয় কোনো পৰিকল্পনা হাতত নল’ব ৷ বান্ধৱী আৰু নদী-পুখুৰীৰপৰা দূৰত থাকক । হতাশা আৰু বিষণ্ণতাপূৰ্ণ হৈ থাকিব ৷

বৃষ ৰাশি : সমস্যা আৰু দুশ্চিন্তাক দূৰ হ’ব ৷ অত্যধিক সংবেদনশীল আৰু অধিক আৱেগিক হৈ থাকিব । সৃজনশীলতা তুংগত থাকিব ৷ আপুনি আজি কোনো প্ৰৱন্ধ, ৰচনা বা কোনো গল্প লিখিব পাৰে । জুতি লগা আৰু ৰুচিকৰ খাদ্য ভোজন কৰিব। পৰিয়ালৰ লোকাৰ সৈতে সময় কটাওক । সুখকৰ ভ্ৰমণৰ যোগ আছে । আৰ্থিক দিশতো মনোযোগ দিয়ক।

মিথুন ৰাশি : ভাল বেয়াৰ মিশ্ৰিত দিন ৷ দিনটো পৰিকল্পনা অনুসৰি পাৰ হৈ যাব । আৰ্থিক পৰিকল্পনা আৰু কাৰ্যসূচী ৰৈ যাব পাৰে ৷ বন্ধু আৰু শুভাকাংক্ষীসকলৰ সৈতে সময় কটাওক ৷ ব্যৱসায়ী আৰু চাকৰিয়ালসকলৰ বাবে শুভ । ঘৰত সময় কটাওক ৷

কৰ্কট ৰাশি : দিনটো হাঁহি-ফুৰ্তিৰে কটাব, আনন্দ আৰু সুযোগ-লাভ কৰাৰ সম্ভাৱনা আছে । দিনটো আপুনি প্ৰাণৱন্ত আৰু উদ্দীপ্ত হৈ থাকিব । পৰিয়াল, বন্ধু আৰু শুভাকাংক্ষীসকলৰ সৈতে সময় পাৰ কৰিব । উপহাৰ পোৱাৰ যোগ আছে । বনভোজৰ সম্ভাৱনা আছে । সুসংবাদ পাব পাৰে । দাম্পত্য জীৱন সুখী হ’ব ৷

সিংহ ৰাশি : আজি আপুনি অত্যধিক সংবেদনশীল হৈ থাকিব। স্বস্থ্যৰ অসুবিধা কৰিব পাৰে । মানসিক চাপ আৰু উদ্বেগে আপোনাক অসুস্থ কৰি তুলিব পাৰে । আনৰ হৈ ওকালতি নকৰিব । মামলা-মোকৰ্দমাৰ ক্ষেত্ৰত সতৰ্ক থাকক। বৈদেশিক যোগাোগৰ সম্ভাৱনা আছে । দিনটো উচ্ছৃংখলভাৱে কটাই নিদিব। মহিলাৰপৰা দূৰত থাকক। অধিক ব্যয় এৰাই চলক । মনত কোনো বেয়া ভাৱ নাৰাখিব ৷ ভুল বুজাবুজিৰ চিকাৰ নহ’ব।

কন্যা ৰাশি : আজি আপুনি লাভবান হ’ব । সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি পাব । ব্যৱসায় বৃদ্ধিৰ সম্ভাৱনা আছে । সন্তানৰ পৰা ভাল খবৰ পাব । দাম্পত্য সুখ লাভ কৰিব। অফিচৰ কামত বাহিৰত যাবলগীয়া হ’ব পাৰে । পৰিয়ালৰ সৈতে সময় কটাওক ৷

তুলা ৰাশি : দিনটো শুভ। ঘৰত আৰু কৰ্মক্ষেত্ৰতো আপুনি প্ৰাণৱন্ত অনুভৱ কৰিব । পদোন্নতিৰ সম্ভাৱনা আছে। সাংসাৰিক দিশত শুভ। উৰ্ধতনসকলৰপৰা প্ৰশংসা আৰু সহযোগিতাৰ পৰা সহায় লাভ কৰিব । নতুন কাম হাতত ল’লে সফল হ’ব । মাতৃৰপৰা উপহাৰ পাব পাৰে ৷ পৰম দাম্পত্য সুখ লাভ কৰিব।

বৃশ্চিক ৰাশি : গোটেই দিনটো আপুনি এলেহুৱা আৰু অস্থিৰ অনুভৱ কৰিব । ব্যৱসায় বা কৰ্মক্ষেত্ৰত উদ্বিগ্ন আৰু দুশ্চিন্তাগ্ৰস্ত হ’ব পাৰে । সন্তানৰ আচৰণ ভাল নাথাকিব ৷ শত্ৰু আৰু প্ৰতিপক্ষৰ বাবে দিনটো ভাল নহয় । অধিক ব্যয়ৰ হ’ব । গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল’ব ।

ধনু ৰাশি : অভাৱনীয় সমস্যা আৰু ঘটনাৰ আশংকা আছে । অত্যধিক সংবেদনশীলতাৰ ফলত মানসিক হতাশাৰ সৃষ্টি হ’ব পাৰে । বিনম্ৰ আৰু শিষ্টাচাৰী হওক । অনৈতিক আৰু বেআইনী কামকাজৰপৰা দূৰত থাকক । পূৰ্ব পৰিকল্পনাহীন ব্যয়ৰ বাবে সাজু থাকক । স্বাস্থ্যৰ যত্ন লওক।

মকৰ ৰাশি : আপুনি বিভিন্ন ধৰণৰ পণ্যৰ ফ্ৰেঞ্চাইজী আৰু ডীলাৰশ্বিপ পাব পাৰে । ব্যৱসায়ত উন্নতি । কমিছন, লেনদেন, ঋণৰ সূত আৰু বিনিয়োগৰ যোগেদি আপোনাৰ আৰ্থিক দিশ টনকিয়াল হ’ব । অকস্মাৎ সৌভাগ্য লাভ হ’ব পাৰে । নতুন কাম হাতত ল’লে সফলতা বাঢ়িব। আপোনাৰ মন বিভ্ৰান্ত আৰু অস্থিৰ হৈ থাকিব। স্বাস্থ্য কুশলে থাকিব । বাহন ক্ৰয় কৰিব পাৰে। সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি পাব । নতুন পোছাক ক্ৰয় কৰাৰ প্ৰবল সম্ভাৱনা আছে । ভ্ৰমণলৈ যাব পাৰে।

কুম্ভ ৰাশি : আজি আপোনাৰ সকলো প্ৰয়াস সফল হ’ব । আপুনি নিজৰ শৈলী আৰু কৰ্মক্ষমতাৰ বাবে সকলৰ চকুত পৰিব আৰু প্ৰশংসা লাভ কৰিব । পৰিয়ালৰ সৈতে সময় কটাওক ৷ আজি আপুনি উদ্যমী হৈ থাকিব । সহকৰ্মী আরু সতীৰ্থসকলৰপৰা সহাঁৰি লাভ কৰিব ৷ কামৰ কাৰণে ব্যয় হোৱাৰ প্ৰবল সম্ভাৱনা আছে ।

মীন ৰাশি : চিন্তাত নিমগ্ন থাকি আনন্দ পাব । আজি আপুনি সঠিকভাৱে মনৰ ভাৱক সাহিত্যৰ ৰূপ দিব পাৰিব, নিজৰ মনৰ কথাও প্ৰকাশ কৰিব পাৰিব । পঢ়ুৱৈ আৰু পণ্ডিতসকলে অধ্যয়নত উন্নতি কৰিব । প্ৰেমত শুভ । নদী-পুখুৰী আদিৰপৰা দূৰত থাকক। ধীৰ-স্থিৰ আৰু আত্মবিশ্বাসী হৈ থাকক । বাস্তৱতাৰ পৰা সংস্পৰ্শচ্যূত নহ’ব । নিজৰ ভাৰসাম্য বৰ্তাই ৰাখক।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.