আজিৰ দিনটোৰ ৰাশিফল - Daily Horoscope For 14th April

author img

By ETV Bharat Assamese Team

Published : Apr 14, 2024, 12:34 AM IST

Daily Horoscope For 14th April
আজিৰ দিনটোৰ ৰাশিফল ()

Daily Horoscope For 14th April: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

মেষ ৰাশি : আজিৰ দিনটো মধ্যমীয়া । ব্যৱসায়ৰ পৰিকল্পনা কৰিছে যদি আগবাঢ়িব পাৰে ৷ বিভ্ৰান্তই আপোনাক শুদ্ধ সিদ্ধান্তত উপনীত হোৱাত বাধা দিব পাৰে ৷ আৰাম কৰক । নিজৰ কাম কৰি যাওঁক । দুই এদিনৰ কাৰণে ভ্ৰমণলৈ যাব পাৰে । মেষ ৰাশিৰ জাতিকাসকলৰ বাবে বিশেষ সকীয়নি—খঙত নিয়ন্ত্ৰণ ৰাখক, বিদ্ৰূপাত্মক বাক্য প্ৰয়োগ নকৰিব ।

বৃষ ৰাশি : সাৱধানে চলিব ৷ আঁকোৰগোজ স্বভাৱ ত্যাগ কৰক, আনৰ দৃষ্টিভংগীকো গুৰুত্ব দিয়ক । ভাবি চিন্তি কথা ক’ব । আচৰণ নম্ৰ ৰাখক । নতুন কাম আৰম্ভ নকৰিব। চাই-চিতি চলিব ৷

মিথুন ৰাশি : দিনটো আশাবাদী । স্বাস্থ্য ভালে থাকিব, আনন্দিত হৈ থাকিব ৷ বন্ধুৰ সৈতে নতুন পৰিকল্পনা গ্ৰহণ কৰিব পাৰে । আজিৰ দিনটো পৰিয়ালৰ লোকৰ সৈতে খাদ্য গ্ৰহণ কৰক । প্ৰাণৱন্ত পোছাক পিন্ধক ৷ এয়া আপোনাৰ বাবে পৰিৱৰ্তনৰ সময় । প্ৰিয়জনৰপৰা উপহাৰ পাব পাৰে । আৰ্থিক দিশত ভাল । মনলৈ নেতিবাচক ভাৱ আহিবলৈ নিদিব । ব্যয় বৃদ্ধি হ’ব ।

কৰ্কট ৰাশি : দিনটো আপোনাৰ বাবে বৰ অনুকূল নহয় । উদ্বিগ্ন হৈ থাকিব পাৰে । কোনো গুৰুত্বপূৰ্ণ বিষয়ত দৃঢ় সিদ্ধান্ত লোৱাটো জটিল হ’ব । চিন্তা কৰি স্বাস্থ্য বেয়া নকৰিব ৷ মানসিক শান্তিক বিঘ্নিত হ’বলৈ নিদিব । প্ৰিয়জনৰ ওপৰত খং উঠিব পাৰে । বিবাদতো লিপ্ত হোৱাৰ সম্ভাৱনা আছে । সহকৰ্মী বা আন লোকৰ সৈতে তীব্ৰ বাক্যবান ব্যৱহাৰ নকৰিব ৷ হঠকাৰিতা এৰাই চলক আৰু অপ্ৰত্যাশিত ঘটনাৰপৰা সাৱধান হওক ।

সিংহ ৰাশি : আপোনাৰ গ্ৰহ শুভ নহয় । সিদ্ধান্তহীনতা প্ৰবল হ’ব । চিন্তাত হ’ব পাৰে । নতুনকৈ কোনো কাম আৰম্ভ নকৰিব । সিদ্ধান্ত গ্ৰহণ কৰোঁতে ভাবি লওক । কোনো পৰিকল্পনা থাকিলে যাবলৈ অমান্তি নহ’ব ৷ ধন আৰু ব্যৱসায়িক ক্ষেত্ৰত এই সময় শুভ ৷

কন্যা ৰাশি : দিনটো সৌভাগ্যশালী ৷ ভাল সুযোগৰ সম্ভাৱনা আছে ৷ বহু দিনৰ কাম সম্পন্ন হ’ব ৷ বৃত্তিধাৰী, কাৰিকৰৰ কাৰণে পৰ্যাপ্ত সুযোগ আহিব । ব্যৱসায়ক ইতিবাচক গতি দিব পৰা অংশীদাৰিত্ব, স্বীকৃতি, পদোন্নতিৰ যোগ আছে । শ্ৰদ্ধা-সন্মান বৃদ্ধি পাব। স্বাস্থ্য ভালে থাকিব । পাৰিবাৰিক, দাম্পত্য সম্পৰ্কত শুভ । যি কোনো আমোলাতান্ত্ৰিক কাম অতি সহজতে সম্পন্ন হ’ব । চৰকাৰী বিনিয়োগ প্ৰকল্পত বিনিয়োগ কৰক ৷

তুলা ৰাশি : সৃজনশীল, সাহিত্যিক আৰু বৌদ্ধিক কামকাজৰ বাবে আজিৰ দিনটো অনুকূল । গভীৰ বৌদ্ধিক আলোচনাই আপোনাক উদ্যমী কৰি তুলিব । ঈৰ্ষান্বিত আৰু প্ৰতাৰক প্ৰতিদ্বন্দ্বীৰপৰা সাৱধানে থাকক । তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকক ৷ স্বাস্থ্যক লৈ সজাগ থাকক। বন্ধুসকলৰ সৈতে তীৰ্থযাত্ৰাৰ উদ্যোগ ল’ব পাৰে ৷ বিদেশৰ পৰা সুখবৰ আহিব ৷

বৃশ্চিক ৰাশি : প্ৰলোভনৰ পৰা সাৱধান হওক ৷ ফেচবুক বন্ধুৰ সৈতে ফোন নম্বৰ আদান-প্ৰদান কৰাৰ সময়ত সাৱধান হওঁক ৷ নতুন কোনো আঁচনিত বিনিয়োগ কৰাৰ সময়ত সতৰ্ক থাকক। বিশ্বাস কৰোতে সাৱধান হওক । অনৈতিক কামৰ পৰা আঁতৰত থাকক ৷ ধন ব্যয়ত নিয়ন্ত্ৰণ কৰক। ক্ৰোধ নিয়ন্ত্ৰণ কৰক ৷ যোগ, ধ্যান বা প্ৰাৰ্থনা কৰক । নতুন কোনো কামৰ উদ্যোগ নল’ব ।

ধনু ৰাশি : দিনটো আপোনাৰ বাবে শুভ । গোটেই দিনটো উৎসাহ-উদ্দীপনাৰে পাৰ হ’ব ৷ বন্ধু সৈতে ফুৰিবলৈ যাওক ৷ অংশীদাৰী ব্যৱসায়ত লাভান্বিত হ’ব ৷

মকৰ ৰাশি : মকৰ ৰাশিৰ জাতক-জাতিকাসকলে কষ্টৰ ফল পাব । আপুনি যদি ব্যৱসায় সম্প্ৰসাৰণৰ কথা ভাবি আছে, আজি শুভ দিন ৷ ঋণ প্ৰদান বা ঋণ পৰিশোধৰ বাবে দিনটো অনুকূল । ঘৰত সকলো ফালৰপৰা শুভ। দৈনন্দিন খৰচ বাঢ়িব, কিন্তু আয় বৃদ্ধি হ’ব । সহকৰ্মীৰপৰা সহযোগিতা পাব ৷ বৈদেশিক বাণিজ্যত উন্নতি ৷

কুম্ভ ৰাশি: নতুনকৈ কোনো কাম আৰম্ভ নকৰিব । কোনো কথা কোৱাৰ আগতে সতৰ্ক হওক । সংযমী হওক ৷ সন্তান সম্বন্ধীয় বিষয়ত আপুনি উদ্বিগ্ন হৈ থাকিব ৷ কোনো ধৰণৰ ভ্ৰমণ নকৰিব । হঠাতে ব্যয় বৃদ্ধি হ’ব পাৰে ৷ যিকোনো সৃজনশীল আৰু সাহিত্যিক কামৰ বাবে আজিৰ দিনটো ভাল । বৌদ্ধিক আলোচনাত অংশগ্ৰহণ কৰক ৷

মীন ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে অনুকূল নহ’বও পাৰে । পৰিয়ালৰ লোকৰ সৈতে বিবাদত লিপ্ত হ’ব পাৰে । একো কৰিবলৈ ইচ্ছা নাযাব । স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক, মন অস্থিৰ হৈ থাকিব । আপুনি যদি অনিদ্ৰাত ভুগিছে তেন্তে বিশ্ৰাম, শৰীৰচৰ্চা বা ধ্যান কৰক ৷ মহিলাৰপৰা সাৱধান ৷ সামাজিক বা আৰ্থিক দিশত আপোনাৰ ক্ষতি হ’ব পাৰে । বিত্তীয় আৰু অস্থাবৰ সম্পত্তি সম্বন্ধীয় বৈধ কাগজ-পত্ৰৰ প্ৰতি চকু ৰাখক।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.