ETV Bharat / bharat

3 মহীয়া সন্তান লৈ উধাও দম্পতী, ভাৰতীয় দণ্ডবিধিৰ অধীনত গোচৰ ৰুজু

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 2:23 PM IST

Crime for Girl child: উত্তৰ প্ৰদেশৰ চাহাৰনপুৰৰ মাণ্ডী অঞ্চলত চাঞ্চল্যকৰ ঘটনা ৷ কন্যা সন্তানৰ মোহত তিনিমহীয়া শিশুক অপহৰণ কৰিলে এটা দম্পতীয়ে ৷ ভাৰতীয় দণ্ডবিধিৰ 363 A ৰ অধীনত গোচৰ ৰুজু ৷ আৰক্ষীয়ে নিৰাপদে উদ্ধাৰ কৰে শিশুটিক ৷

Crime for Girl child
Crime for Girl child

নেশ্যনেল ডেস্ক, 30 জানুৱাৰী: কন্যা সন্তানৰ হেঁপাহত এটা দম্পতীয়ে আকোঁৱালি ল’লে অপৰাধৰ পথ । সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এহাল দম্পতীক, যিয়ে শিশুটিৰ মাতৃৰ চকুত জলকীয়াৰ গুড়ি নিক্ষেপ কৰি তিনিমহীয়া শিশু এটাক অপহৰণ কৰে । যোৱা 28 জানুৱাৰীত উত্তৰ প্ৰদেশৰ চাহাৰনপুৰৰ মাণ্ডী অঞ্চলৰ সমীপত ঘটনাটো সংঘটিত কৰা বুলি অভিযোগৰ আঙুলি উঠিছিল মুস্কান আহমেদ আৰু বক্কাৰ আহমেদৰ বিৰুদ্ধে ৷ কন্যা সন্তানৰ মোহত তিনিমহীয়া শিশুটিৰ মাতৃ মেহকক আক্ৰমণ কৰি শিশুটিক লৈ পলায়ন কৰিছিল দম্পতীটোৱে ।

আৰক্ষীয়ে অপহৰণকাৰীক আটক কৰি চিচিটিভিৰ ফুটেজ প্ৰত্যক্ষ কৰাৰ পিছত ভাৰতীয় দণ্ডবিধিৰ 363 A ৰ অধীনত গোচৰ ৰুজু কৰে । এই এজাহাৰ দাখিল কৰিছে মেহকৰ স্বামী মুত্তলিবে ।

সূত্ৰ অনুসৰি, 62 ফুটা ৰোডৰ বাসিন্দা আছিল অভিযুক্ত দম্পতী ৷ এগৰাকী ছোৱালী সন্তানক তুলি ল’বলৈ আৰ্থিকভাৱে টনকিয়াল পৰিয়ালটোৱে গৰ্ভধাৰণৰ খৰচ বহন কৰিব পৰা নাছিল, সেয়েহে তেওঁলোকে এটা পৰিকল্পনা ৰচিলে আৰু মেহকৰ কেঁচুৱাটোক অপহৰণ কৰাৰ সিদ্ধান্ত লয় ৷

উল্লেখ্য যে, প্ৰায় দুমাহ আগতে মুস্কান আৰু বক্কাৰে মেহকক লগ পাইছিল আৰু কিছু সময়ৰ ভিতৰতে পৰিয়াল দুটাৰ মাজত আত্মীয়তা গঢ় লৈ উঠিছিল ৷ ঘটনা সংঘটিত হোৱাৰ দিনা বক্কাৰ আৰু মুস্কানে মেহকক তেওঁলোকৰ ঘৰলৈ লগ কৰিবলৈ আহিছিল । মেহক ঘৰৰ কামত নিয়োজিত হৈ থকাৰ সময়তে মুস্কানে মেহকৰ চকুত জলকীয়াৰ গুড়ি ছটিয়াই শিশুটি লৈ পলাই কৰে ।

শিশুটিৰ পিতৃ মুত্তলিবে অভিযোগ পঞ্জীয়ন কৰাৰ পিছত আৰক্ষী অধীক্ষক, ডেহাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বিপিন টাডাৰে অপহৰণকাৰীক ধৰিবলৈ এটা দল গঠন কৰে । টাডাই তেওঁৰ দলটোক শিশুটিক নিৰাপদে উদ্ধাৰ কৰিবলৈ নিৰ্দেশ দিয়ে । ফুটেজ আৰু জেৰাৰ ভিত্তিত অভিযুক্ত দম্পতীক গ্ৰেপ্তাৰ কৰি শিশুটিক পিতৃ-মাতৃৰ হাতত গতাই দিয়ে ।

লগতে পঢ়ক: বিজেপি নেতা ৰঞ্জিত শ্ৰীনিবাসনৰ হত্যাকাণ্ড; ১৫ দোষীক মৃত্যুদণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.