KPCC ৰ সভাপতি ডি কে শিৱকুমাৰৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ নিৰ্দেশ আদালতৰ
Karnataka politics : বিজেপি নেতাৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত পোষ্ট কৰা ডি কে শিৱকুমাৰৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিবলৈ আদালতৰ নিৰ্দেশ ৷ লগতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ছ’চিয়েল মিডিয়া মুৰব্বী বি আৰ নাইডুৰ বিৰুদ্ধেও এফ আই আৰ দাখিল কৰিবলৈ আদালতে আৰক্ষীক নিৰ্দেশ দিয়ে । আদালতে তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে আৰু শুনানি 30 মাৰ্চৰ দিনা নিৰ্ধাৰণ কৰা হৈছে ।

Published : February 7, 2024 at 10:04 AM IST
নেশ্যনেল ডেস্ক, 7 ফেব্ৰুৱাৰী: সামাজিক মাধ্যমত বিজেপিৰ ৰাজ্যিক সভাপতি বি ৱাই বিজয়েন্দ্ৰ আৰু অন্যান্য বিজেপি নেতাৰ বিৰুদ্ধে ভুৱা তথ্য প্ৰকাশ কৰাৰ অভিযোগত কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিবলৈ হাই গ্ৰাউণ্ড ষ্টেচন আৰক্ষীক নিৰ্দেশ দিয়ে 42 নং অতিৰিক্ত মুখ্য মহানগৰ দণ্ডাধীশে ।
আদালতত, বিজেপিৰ আইনী কোষৰ আহ্বায়ক যোগেন্দ্ৰ হোদাঘাট্টাই দাখিল কৰা ব্যক্তিগত এজাহাৰৰ শুনানি গ্ৰহণ কৰা হয় । ডি কে শিৱকুমাৰ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ ছ’চিয়েল মিডিয়া মুৰব্বী বি আৰ নাইডুৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰিবলৈ আদালতে আৰক্ষীক নিৰ্দেশ দিয়ে । আদালতে তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে আৰু শুনানি 30 মাৰ্চ নিৰ্ধাৰণ কৰা হৈছে ।
2024 চনৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত হুবলী আৰক্ষীয়ে 60 বছৰীয়া হিন্দু কৰ্মী শ্ৰীকান্ত পূজাৰীক 31 বছৰীয়া পুৰণি গোচৰৰ সৈতে জড়িত হোৱাৰ অভিযাগত গ্ৰেপ্তাৰ কৰিছে । এই ঘটনাক গৰিহণা দি ৰাজ্যিক বিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদত বিজেপিৰ ৰাজ্যিক সভাপতি বিজয়েন্দ্ৰ য়েডিয়ুৰাপ্পা, প্ৰাক্তন মন্ত্ৰী সুনীল কুমাৰ, কে এছ এশ্বৰপ্পা, সাংসদ প্ৰতাপ সিমহা, চি টি ৰবিকে ধৰি বহু নেতাই 'মই এজন সেৱক, মোক গ্ৰেপ্তাৰ কৰক ' শীৰ্ষক বুলি প্লেকাৰ্ড লৈছিল ৷
এই ফটোসমূহ কংগ্ৰেছে নিজৰ অফিচিয়েল ছ’চিয়েল মিডিয়া একাউণ্টত ব্যৱহাৰ কৰিছে ৷ ইয়াৰে এখনত বি.ৱাই বিজয়েন্দ্ৰই হাতত লোৱা এখন প্লেকাৰ্ডত উল্লেখ আছে, “আৰ টি জি এছৰ জৰিয়তে 40 হাজাৰ কোটি টকাৰ উৎকোচ লৈছো, মোক গ্ৰেপ্তাৰ কৰক ৷ কংগ্ৰেছে নাগৰিকৰ বিভিন্ন শ্ৰেণীৰ মাজত ঘৃণা প্ৰসাৰিত কৰিছে । কংগ্ৰেছৰ অভিযোগ ভিত্তিহীন ৷"
- " class="align-text-top noRightClick twitterSection" data="">
এই পোষ্টটো বিশ্বৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোকে প্ৰত্যক্ষ কৰিছে । তেওঁলোকে এনেধৰণৰ কাম কৰি যাব আৰু পুনৰ একেধৰণৰ কামত জড়িত হ’ব । সেয়েহে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি অভিযোগ তুলি বিজেপিয়ে কয় ।
লগতে পঢ়ক : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াৰ আবেদন খাৰিজ উচ্চ ন্যায়ালয়ৰ

