ETV Bharat / bharat

কৃষক আন্দোলনৰ দৰেই UCC ৰ বিৰোধিতা জনোৱাৰ আহ্বান ইছলাম ধৰ্মগুৰুৰ

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 8:57 AM IST

UCC in uttarakhand: ইউনিফৰ্ম চিভিল কোডৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ আহ্বান ইছলাম ধৰ্মগুৰু সাজিদ ৰছিদীৰ ৷ উত্তৰাখণ্ড চৰকাৰে দেশজুৰি বলবৎ কৰাৰ পূৰ্বে ইউনিফৰ্ম চিভিল কোডক পৰীক্ষামূলক গোচৰ হিচাপে ৰূপায়ণৰ পথ প্ৰশস্ত কৰিবলৈ লোৱাৰ পিচতে এই আব্বান ধৰ্মগুৰুগৰাকীৰ ৷

ucc in uttarakhand
কৃষকৰ আন্দোলনৰ দৰেই UGC ৰ বিৰোধিতা জনোৱাৰ আহ্বান ইছলাম ধৰ্মগুৰুৰ

নেশ্যনেল ডেস্ক, 5 ফেব্ৰুৱাৰী: ইছলাম ধৰ্মগুৰু সাজিদ ৰছিদীয়ে উত্তৰাখণ্ড চৰকাৰে দেশজুৰি বলবৎ কৰাৰ পূৰ্বে ইউনিফৰ্ম চিভিল কোডক পৰীক্ষামূলক গোচৰ হিচাপে ৰূপায়ণৰ পথ প্ৰশস্ত কৰিবলৈ লোৱা পদক্ষেপৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহ্বান জনায় ।

তেওঁ কয়, ‘ইউচিচিয়ে কেৱল মুছলমানকে নহয়, ভাৰতৰ প্ৰতিটো ধৰ্মকে প্ৰভাৱিত কৰিব । যিহেতু প্ৰতিটো ধৰ্ম বেলেগ বেলেগ, গতিকে কোনেও ক’ব নোৱাৰে যে তেওঁলোক একত্ৰিত হ’ব পাৰে । মই বিশ্বাস কৰোঁ যে কেইবছৰমান আগতে কৃষকৰ প্ৰতিবাদৰ দৰেই মুছলমানসকলেও একত্ৰিত হৈ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিব ।”

দেওবাৰে ইউনিফৰ্ম চিভিল কোডৰ প্ৰতিবেদনত অনুমোদন জনাইছে উত্তৰাখণ্ড কেবিনেটে । অহা 6 ফেব্ৰুৱাৰীত উত্তৰাখণ্ড বিধানসভাত বিধেয়কখন দাখিল কৰাৰ সম্ভাৱনা আছে । মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ অধ্যক্ষতাত ডেৰাডুনৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত হোৱা বৈঠকত কেবিনেটে ইউচিচিৰ খচৰা গৃহীত কৰে । চাৰিটা খণ্ডত 740 পৃষ্ঠা জুৰি থকা ইউচিচিৰ চূড়ান্ত খচৰাখন শুকুৰবাৰে মুখ্যমন্ত্ৰীক দাখিল কৰা হয়।

এয়া কাৰ্যকৰী হ’লে উত্তৰাখণ্ড দেশৰ প্ৰথমখন ইউচিচি কাৰ্যকৰী কৰা ৰাজ্য হিচাপে পৰিগণিত হ’ব । ইউ চি চি সন্দৰ্ভত আইন প্ৰণয়ন কৰিলে ৰাজ্যবাসীক বিজেপিয়ে দিয়া এক বৃহৎ প্ৰতিশ্ৰুতি পূৰণ হ’ব । বিজেপিৰ ৰাজ্যিক প্ৰভাৰী দুষ্যন্ত গৌতমে কয়, "উত্তৰাখণ্ডত ইউচিচি প্ৰণয়নৰ পিছত আন ৰাজ্যতো একেধৰণৰ বিধেয়ক বিধানসভাৰ মজিয়ালৈ অনাৰ সম্ভাৱনা আছে । পৰ্তুগীজ শাসনৰ দিনৰ পৰাই গোৱাত ইউচিচি কাৰ্যকৰী হৈ আহিছে ।"

ৰাজ্যখনত 2022 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত উত্তৰাখণ্ডৰ ৰাইজক প্ৰতিশ্ৰুতি দিয়া হৈছিল UCC বলবৎৰ । উত্তৰাখণ্ডে 2022 চনৰ 27 মে’ত ন্যায়াধীশ ৰঞ্জনা দেশাইৰ অধীনত ইউনিফৰ্ম চিভিল কোড সন্দৰ্বত এখন পেনেল গঠন কৰিছিল । সমিতিখনত আছে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰমোদ কোহলী, উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্য সচিব শত্ৰুঘন সিং, ড’ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপিকা সুৰেখা ডাংৱাল আৰু সমাজ কৰ্মী মনু গৌৰ ।

লগতে পঢ়ক: শীঘ্ৰে উত্তৰাখণ্ডত কাৰ্যকৰী হ'ব অভিন্ন নাগৰিক সংহিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.