ETV Bharat / bharat

ৰাছিয়াৰ সেনাবাহিনীত যুঁজাৰু ভূমিকাৰ বাবে ভাৰতীয় নাগৰিক সৰবৰাহৰ গোচৰত চাৰি অভিযুক্তক আটক চি বি আইৰ - Trafficking Case

author img

By ETV Bharat Assamese Team

Published : May 8, 2024, 10:09 PM IST

Accused Arrested in Trafficking
ভাৰতীয় নাগৰিক সৰবৰাহৰ গোচৰত চাৰি অভিযুক্তক আটক (ETV BHARAT ENGLISH DESK)

Accused Arrested in Trafficking : মানৱ সৰবৰাহৰ এটা বৃহৎ নেটৱৰ্কে বিদেশত লাভজনক চাকৰিৰ নামত ভাৰতীয় যুৱক-যুৱতীসকলক প্ৰলোভিত কৰি তাৰ পিচত ৰাছিয়াৰ সেনাবাহিনীত যুদ্ধৰ বাবে নিয়োজিত হ’বলৈ পঠিয়াইছে ৷ যাৰ ফলত তেওঁলোকৰ জীৱন ভয়াৱহ বিপদত পৰিছে। এই সন্দৰ্ভত চি বি আইয়ে চাৰিটা অভিযুক্তক গ্ৰেপ্তাৰ কৰে বুলি এক আনুষ্ঠানিক বিবৃতিত প্ৰকাশ পাইছে।

নেশ্যনেল ডেস্ক, 8 মে’ : ভাৰতীয় নাগৰিকক যুদ্ধৰ বাবে ৰাছিয়াৰ সেনাবাহিনীত যোগদান কৰিবলৈ পঠোৱা মানৱ সৰবৰাহৰ গোচৰত বিগত পষেকত চাৰিটা অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই (CBI) ৷ মঙলবাৰে সংস্থাটোৱে কেৰালাৰ ত্ৰিবান্দ্ৰমৰ বাসিন্দা নৰ্বাৰ্টৰ পুত্ৰ অৰুণ আৰু জেছুদাছৰ পুত্ৰ য়েছুদাছ জুনিয়ৰ@ প্ৰিয়ান নামৰ দুটা অভিযুক্তক গ্ৰেপ্তাৰ কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

চি বি আইৰ প্ৰেছ বিবৃতি অনুসৰি আই পি চিৰ 370, 420 আৰু 120-বি ধাৰাত 06.03.2024 তাৰিখৰ এফ আই আৰ নং আৰ চি 05(এছ)/2024/চি বি আই/এছ চি-1/নতুন দিল্লী গ্ৰেপ্তাৰ কেৰ অভিযুক্ত কেইটাক ৷ চলিত বৰ্ষৰ 24 এপ্ৰিলত এই গোচৰত আন দুজন অভিযুক্ত ক্ৰমে কন্যাকুমাৰীৰ নিজিল জোবি বেনছাম আৰু মুম্বাইৰ এণ্টনি মাইকেল এলাংগোভানক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷

6 মাৰ্চত চি বি আইয়ে বিদেশত লাভজনক চাকৰি আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিৰে দেশজুৰি চলি থকা এটা বৃহৎ মানৱ সৰবৰাহৰ নেটৱৰ্ক উৎখাত কৰিছিল ৷ এই সৰবৰাহকাৰী সমূহে সংগঠিত নেটৱৰ্ক হিচাপে কাম কৰি আহিছে আৰু ইউটিউব আদিৰ দৰে ছ’চিয়েল মিডিয়া চেনেলৰ জৰিয়তে আৰু লগতে তেওঁলোকৰ স্থানীয় যোগাযোগ/এজেণ্টৰ জৰিয়তেও ৰাছিয়াত উচ্চ দৰমহা পোৱা চাকৰিৰ বাবে ভাৰতীয় নাগৰিকক প্ৰলোভিত কৰি আহিছে ৷

ইয়াৰ পিচত সৰবৰাহ কৰা ভাৰতীয় নাগৰিকসকলক যুদ্ধৰ বাবে প্ৰশিক্ষণ দিয়া হৈছিল আৰু তেওঁলোকৰ ইচ্ছাৰ বিৰুদ্ধে ৰাছিয়া - ইউক্ৰেইন যুদ্ধক্ষেত্ৰৰ সন্মুখৰ ঘাটিত নিয়োগ কৰা হৈছিল, যাৰ ফলত তেওঁলোকৰ জীৱন ভয়াৱহ বিপদত পৰিছিল ৷

এইটো নিশ্চিত কৰা হৈছে যে কিছুমান ভুক্তভোগী যুদ্ধ ক্ষেত্ৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ৷ উন্নত নিযুক্তি আৰু উচ্চ বেতনৰ চাকৰিৰ প্ৰৰোচনাত ৰাছিয়ালৈ ভাৰতীয় নাগৰিকৰ সৰবৰাহত জড়িত ব্যক্তিগত ভিছা পৰামৰ্শদাতা প্ৰতিষ্ঠান আৰু এজেণ্টসকলৰ বিৰুদ্ধে মানৱ সৰবৰাহৰ এটা গোচৰ ৰুজু কৰা হৈছিল ৷ এই এজেণ্টবোৰৰ মানৱ সৰবৰাহ নেটৱৰ্ক সমগ্ৰ দেশৰ আৰু তাৰ বাহিৰৰ কেইবাখনো ৰাজ্যত বিয়পি আছে ৷

চি বি আইৰ প্ৰেছ বিবৃতি অনুসৰি অভিযুক্ত নিজিল জ’বি বেনছামে ৰাছিয়াত ঠিকা ভিত্তিত অনুবাদক হিচাপে কাম কৰি আছিল আৰু ৰাছিয়াত ভাৰতীয় নাগৰিকক ৰাছিয়াৰ সেনাবাহিনীত নিযুক্তি দিয়াৰ সুবিধাৰ বাবে দেশখনত চলি থকা নেটৱৰ্কৰ অন্যতম গুৰুত্বপূৰ্ণ সদস্য আছিল ৷ অভিযুক্ত মাইকেল এন্থনীয়ে ডুবাইত থকা তেওঁৰ সহ অভিযুক্ত ফৈছাল বাবা আৰু ৰাছিয়াত থকা আনসকলক চেন্নাইত ভিছা প্ৰচেছিং কৰা আৰু ভুক্তভোগীসকলক ৰাছিয়ালৈ যোৱাৰ বিমানৰ টিকট বুকিং কৰাত সহায় কৰিছিল ৷ অভিযুক্ত অৰুণ আৰু য়েছুদাছ জুনিয়ৰ আছিল ৰাছিয়ান সেনাবাহিনীৰ বাবে কেৰালা আৰু তামিলনাডুৰ অন্তৰ্গত ভাৰতীয় নাগৰিকৰ মূল নিযুক্তি প্ৰদানকাৰী ৷

মানৱ সৰবৰাহকাৰীৰ এই আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্কৰ অংশস্বৰূপ অন্যান্য অভিযুক্ত ব্যক্তিৰ বিৰুদ্ধেও তদন্ত অব্যাহত আছে বুলি চি বি আইয়ে জানিবলৈ দিছে ৷

লগতে পঢ়ক : ক্ৰুৰ সমূহীয়া ছিক লিভত বাতিল হ’ল এয়াৰ ইণ্ডিয়াৰ 86 খন বিমান - Air India Express Flights

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.