ETV Bharat / bharat

মিজোৰামৰ লেংপুই বিমানবন্দৰত দুৰ্ঘটনাগ্ৰস্ত বাৰ্মিজ সেনাৰ বিমান; আহত ৬

author img

By ANI

Published : Jan 23, 2024, 12:46 PM IST

Updated : Jan 23, 2024, 3:32 PM IST

লেংপুই বিমানবন্দৰত দুৰ্ঘটনাগ্ৰস্ত বাৰ্মিজ সেনাৰ বিমান
লেংপুই বিমানবন্দৰত দুৰ্ঘটনাগ্ৰস্ত বাৰ্মিজ সেনাৰ বিমান

Burmese army plane crash : বিমানখনত ১৮ জন লোক আছিল । ইয়াৰে ভিতৰত ৬ জন আঘাতপ্ৰাপ্ত হয় । আন ৮ জন লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয় । আঘাতপ্ৰাপ্ত লোকসকল লেংপুই চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।

নিউজ ডেস্ক, ২৩ জানুৱাৰী : বছৰৰ প্ৰথম মাহটোতে মিজোৰামত বিমান দুৰ্ঘটনা । মঙলবাৰে পুৱা মিজোৰামৰ লেংপুই বিমানবন্দৰত দুৰ্ঘটনাত পতিত হয় বাৰ্মিজ সেনাৰ এখন বিমান । মিজোৰামৰ ডিজিপিৰ পৰা পোৱা তথ্য অনুসৰি, বিমানখন আকাৰত সৰু আছিল । পাইলটজনৰ সৈতে বিমানখনত 14 জন লোক আছিল ।

জানিব পৰা মতে, ১৪ জন যাত্ৰীৰ ভিতৰত ছয়জন আঘাতপ্ৰাপ্ত হয় । আনহাতে, আন আঠজন যাত্ৰীক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয় বুলি ডিজিপি সূত্ৰত প্ৰকাশ । আঘাতপ্ৰাপ্ত ব্যক্তিসকলক ততাতৈয়াকৈ লেংপুই চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় । বৰ্তমান তেওঁলোক তাত চিকিৎসাধীন হৈ আছে । প্ৰাপ্ত তথ্য অনুসৰি, অৱতৰণ কৰাৰ সময়ত ম্যানমাৰ সেনাৰ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় ।

উল্লেখ্য যে ম্যানমাৰ সেনাই প্ৰকাশ কৰা অনুসৰি, জাতিগত বিদ্ৰোহী গোট 'আৰাকান আৰ্মী'ৰ সৈতে হোৱা গুলীয়াগুলীৰ পিছত বিগত সপ্তাহত ভাৰতত প্ৰৱেশ কৰা ম্যানমাৰৰ সৈনিকসকলক ঘূৰাই নিবলৈ বিমানখন মিজোৰামত উপস্থিত হৈছিল ।

শেহতীয়া তথ্য অনুসৰি, আহত ছয়জন লোকৰ ভিতৰত তিনিজনৰ অৱস্থা গুৰুতৰ । জানিব পৰা মতে, বিমানখনে অৱতৰণ কৰাৰ সময়ত বিমানবন্দৰৰ টেবুলটপ ৰানৱেৰ ওপৰেৰে উফৰি যায় আৰু দুৰ্ঘটনাত পতিত হয় । এই দুৰ্ঘটনাটো ইমানেই শক্তিশালী আছিল যে বিমানখন দুটা ভাগত বিভক্ত হৈ পৰে । বাৰ্মিজ সেনাৰ সূত্ৰত এই কথা প্ৰকাশ ।

উল্লেখ্য যে বিগত সপ্তাহত মুঠ ২৭৬ জন ম্যানমাৰৰ সেনাই মিজোৰামত প্ৰৱেশ কৰে । আনহাতে, তেওঁলোকৰ ভিতৰত ১৮৪ জনক সোমবাৰে দেশলৈ ঘূৰাই পঠোৱা বুলি বিষয়াসকলে কয় । বাকী ৯২ জন সেনাক মঙলবাৰে প্ৰত্যাৱৰ্তন কৰাৰ কথা আছিল বুলি তেওঁলোকে প্ৰকাশ কৰে । বিমানখনে এই সৈনিকসকলক ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ চিটৱেলৈ লৈ যোৱাৰ কথা আছিল ।

লগতে পঢ়ক :নিৰুদ্দেশৰ 7 বছৰৰ পিচত বংগোপ সাগৰৰ তলিত উদ্ধাৰ এখন অভিশপ্ত বিমানৰ অৱশিষ্ট

Last Updated :Jan 23, 2024, 3:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.