ETV Bharat / bharat

নাও ডুবি চাৰি কিশোৰসহ 5 জনৰ মৃত্যু: বৰ্তমানেও সন্ধানহীন 1 - boat capsized

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 4:30 PM IST

Boat Capsizes : পুণেৰ উজানী বান্ধত মঙলবাৰে সন্ধিয়া নাও ডুবি সন্ধানহীন প্ৰায় ছয়জন লোক । কথমপি প্ৰাণৰক্ষা এজনৰ ৷ উদ্ধাৰকাৰী দলে ওৰে নিশা অভিযান চলাই চাৰি কিশোৰসহ 5 জনৰ মৃতদেহ উদ্ধাৰ কৰিছে ৷ আনহাতে ষষ্ঠজন লোকৰ সন্ধানত অব্যাহত আছে উদ্ধাৰ অভিযান ৷

Boat Capsizes
নাও ডুবি চাৰি কিশোৰসহ 5 জনৰ মৃত্যু (ETV BHARAT)

নেশ্যনেল ডেস্ক, 22 মে’: মহাৰাষ্ট্ৰৰ পুণেৰ উজানী বান্ধত মঙলবাৰে সন্ধিয়া এখন যাত্ৰীবাহী নাও ডুব যোৱাৰ ফলত প্ৰায় ছয়জন লোক সন্ধানহীন হয় । এই দুৰ্ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাছতেই ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ অভিযান আৰম্ভ কৰে আৰু ধাৰাবাহিকভাৱে উদ্ধাৰ অভিযান অব্যাহত ৰাখি বুধবাৰে চাৰি কিশোৰসহ পাঁচজন লোকৰ মৃতদেহ উদ্ধাৰ কৰে । ইয়াৰে তিনিগৰাকী যুৱতী আৰু দুজন যুৱক ৷ আনহাতে ষষ্ঠজন লোকৰ বিচাৰি উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে ৷

এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত আৰক্ষীৰ উপ-পৰিদৰ্শক ৰাহুল ডংগ্ৰে নাওখনত আছিল আৰু তেওঁ কোনোমতে সাঁতুৰি পাৰত উপস্থিত হোৱাত প্ৰাণৰক্ষা পৰে ৷ তেওঁ লগে লগে স্থানীয় লোক আৰু প্ৰশাসনক এই বিষয়ে অৱগত কৰে ৷ ইয়াৰ পাছতেই সন্ধানহীন লোকসকলক বিচাৰি ওৰে নিশা উদ্ধাৰ অভিযান চলোৱা হয় আৰু আজি ইয়াৰে 5জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷

লগতে পঢ়ক: নাও ডুবি শিশুসহ সন্ধানহীন 6 : উদ্ধাৰ অভিযান অব্যাহত - PUNE BOAT CAPSIZE

সোলাপুৰ আৰু পুণে জিলাৰ স্থানীয় প্ৰশাসনৰ লোকে উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ লগতে নাওখনত থকা যাত্ৰীসকলক চিনাক্ত প্ৰক্ৰিয়া আৰম্ভ কৰে ৷ প্ৰচণ্ড ধুমুহা-বতাহৰ বাবে নাওখন ডুব যোৱা বুলি জানিব পৰা হৈছে ৷

দুৰ্ঘটনাগ্ৰস্ত নাওখন সোলাপুৰ জিলাৰ কৰমালা তালুকৰ কুগাঁৱৰ পৰা ইন্দাপুৰ তালুকৰ কালাশী গাঁৱলৈ গৈছিল ৷ নাওখনত থকা সাতজন যাত্ৰী কুগাঁও আৰু ঝাৰৰে (বৰ্তমান কৰমালা) ৰ বাসিন্দা আছিল । কুগাঁও(কৰমালা) আৰু কালাশী (ইন্দাপুৰ)ৰ মাজত নাৱেৰে দৈনিক বহু যাত্ৰীয়ে যাতায়াত কৰে । সাধাৰণতে এই নাওখনে দিনটোত যাত্ৰী লৈ ১০-১৫ বাৰ যাতায়াত কৰে ।

লগতে পঢ়ক: তামিলনাডুৰ কনিয়াকুমাৰীৰ লেমুৰ বিচত ৫ মেডিকেল ছাত্রৰ পানীত উটি মৃত্যু হয়

লগতে পঢ়ক: গুজৰাটঃ সাঁতুৰি থকা অৱস্থাত বৰ তালাৱত ডুব যোৱা ৪ টা শিশু, ৰক্ষা ১ জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.