ETV Bharat / bharat

ভূপেশ বাঘেলক বিহাৰত কংগ্ৰেছৰ পৰ্যবেক্ষক নিযুক্তি

Bharat Jodo Nyay Yatra : কে চি বেণুগোপালে এক প্ৰেছ বিজ্ঞপ্তিত কয়, "কংগ্ৰেছ সভাপতিয়ে ভূপেশ বাঘেলক তাৎক্ষণিকভাৱে বিহাৰত ভাৰত জোড়ো ন্যায় যাত্ৰা আৰু অন্যান্য দলীয় কাৰ্যকলাপৰ সমন্বয় ৰখাৰ বাবে জ্যেষ্ঠ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ।"

ভূপেশ বাঘেলক বিহাৰত কংগ্ৰেছৰ পৰ্যবেক্ষক নিযুক্তি
ভূপেশ বাঘেলক বিহাৰত কংগ্ৰেছৰ পৰ্যবেক্ষক নিযুক্তি
author img

By ANI

Published : January 27, 2024 at 2:52 PM IST

2 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, ২৭ জানুৱাৰী : ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলক কংগ্ৰেছৰ জ্যেষ্ঠ পৰ্যবেক্ষক হিচাপে নিযুক্তি । কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই বিহাৰত ভাৰত জোড়ো ন্যায় যাত্ৰা আৰু অন্যান্য দলীয় কাৰ্যকলাপৰ সমন্বয়ৰ বাবে তেওঁক জ্যেষ্ঠ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে ।

দলৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে, "মাননীয় কংগ্ৰেছ সভাপতিয়ে ভূপেশ বাঘেলক তাৎক্ষণিকভাৱে বিহাৰত ভাৰত জোড়ো ন্যায় যাত্ৰা আৰু অন্যান্য দলীয় কাৰ্যকলাপৰ সমন্বয় ৰখাৰ বাবে জ্যেষ্ঠ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে ।"

উল্লেখ্য যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটত (এন ডি এ) পুনৰ যোগদান কৰিব পাৰে বুলি ওলোৱা খবৰৰ মাজতে এই নিৰ্দেশটো আহিছে ।

ইফালে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি সম্ৰাট চৌধুৰী, বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোদী আৰু কেন্দ্ৰীয় মন্ত্ৰী নিত্যানন্দ ৰায় পাটনাত দলৰ মূল সমিতিৰ বৈঠকত উপস্থিত হয় । ইয়াৰ পূৰ্বে বিহাৰৰ ৰাজ্যিক সভাপতিক হিন্দুস্তানী আৱাম মৰ্চাৰ (এইচএএম) নেতা জিতন ৰাম মাঝিৰ বাসগৃহত দেখা গৈছিল ।

আনহাতে, দিনটোৰ আৰম্ভণিতে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিনোদ তাৱড়ে কয় যে সপ্তাহান্তত পাটনাত বিহাৰ বিজেপিৰ নেতাসকলৰ এখন বৈঠক অনুষ্ঠিত হ'ব ।

"আগন্তুক লোকসভা নিৰ্বাচনৰ বিষয়ে আলোচনা কৰিবলৈ বিহাৰ বিজেপি নেতাসকলৰ এখন বৈঠক অনুষ্ঠিত হ'ব । বিহাৰ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠক ২৭ আৰু ২৮ জানুৱাৰীত পাটনাত আহ্বান কৰা হৈছে ।" শনিবাৰে এএনআইৰ সৈতে বাৰ্তালাপত তাৱড়ে কয় ।

তেওঁ কয়, "বিহাৰ ৰাজ্যিক বিজেপি সমিতি, ৰাজ্যিক বিজেপিৰ বিধায়ক আৰু সাংসদসকলে আজি লোকসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰিবলৈ এখন বৈঠক অনুষ্ঠিত কৰিব ।" উল্লেখ্য যে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পুনৰ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটত (এন ডি এ) অংশগ্ৰহণ কৰিব পাৰে বুলি চৰ্চা চলি থকাৰ মাজতে এই বৈঠকখন অনুষ্ঠিত হৈছে ।

লগতে পঢ়ক :বিহাৰত নীৰৱে পৰিস্থিতি নিৰীক্ষণ কংগ্ৰেছৰ: সময়তহে দিব উত্তৰ !