ETV Bharat / bharat

ৰাম মন্দিৰত ভক্তৰ অভাৱনীয় ভিৰ, সমস্যাত স্থানীয় আৰক্ষী

author img

By PTI

Published : Jan 23, 2024, 3:40 PM IST

Ram Mandir Pran Pratishtha: ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিচতে মঙলবাৰে ৰাম মন্দিৰত ভক্তৰ যথেষ্ট ভিৰ । অযোধ্যালৈ যোৱা বাহনসমূহৰ পথ সলনি কৰা হৈছে । ভক্তসকলক মঙলবাৰে ৰাম মন্দিৰ দৰ্শন নকৰিবলৈ আৰক্ষীৰ অনুৰোধ ।

Devotees throng Ram temple
ৰাম মন্দিৰত ভক্তৰ অভাৱনীয় ভিৰ, সমস্যাত স্থানীয় আৰক্ষী

নেশ্যনেল ডেস্ক,২৩ জানুৱাৰী : অযোধ্যাৰ ৰাম মন্দিৰত ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে অগণন ভক্তৰ ভিৰ দেখা গৈছে । দেশ-বিদেশৰ ভক্তসকলে ইতিমধ্যে অযোধ্যালৈ ৰাওনা হৈছে । মঙলবাৰে পুৱতি নিশাৰ পৰাই ৰাম মন্দিৰত ভক্তৰ অভাৱনীয় ভিৰ দেখা গৈছে । পুৱাৰে পৰা মন্দিৰৰ দুৱাৰত ভক্তৰ লানি নিছিগা ভিৰ দেখা গৈছে । যাৰ বাবে স্থানীয় আৰক্ষী সমস্যাত পৰিছে । এনে পৰিস্থিতিত লক্ষ্ণৌৰ বাৰাবাঁকী আৰক্ষীয়ে লোকসকলক মঙলবাৰে অযোধ্যা ভ্ৰমণ নকৰিবলৈ আহ্বান জনাইছে ।

উল্লেখ্য যে ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিচতে মঙলবাৰে ৰাম মন্দিৰৰ দুৱাৰ সাধাৰণ ৰাইজৰ বাবে মুকলি কৰা হয় । লগে লগে উত্তৰ প্ৰদেশকে ধৰি বিভিন্ন ৰাজ্যৰ পৰা হাজাৰ হাজাৰ ভক্ত অযোধ্যালৈ আহিছে । এনে পৰিস্থিতিত লক্ষ্ণৌৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত থকা বাৰাবাঁকীৰ পৰা অযোধ্যাৰ ফালে যান-বাহন চলাচল পৰিৱৰ্তন কৰা হৈছে আৰু খোজকাঢ়ি যাত্ৰা কৰা ভক্তসকলকো আৰক্ষীয়ে বাধা দিয়াৰ চেষ্টা কৰিছে ।

বাৰাবাঁকী আৰক্ষীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টৰ জৰিয়ে ভক্তসকলক মঙলবাৰে ৰাম মন্দিৰ দৰ্শন পৰিহাৰ কৰিবলৈ অনুৰোধ জনাইছে । ৰাম মন্দিৰত ভক্তৰ যথেষ্ট ভিৰৰ প্ৰতি লক্ষ্য ৰাখি বাৰাবাঁকী আৰক্ষীয়ে এই ঘোষণা কৰিছে । ইফালে অযোধ্যাৰ ফালে যোৱা সকলো যান-বাহনৰ দিশৰো পৰিৱৰ্তন কৰা হৈছে ।

উল্লেখ্য যে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সম্পন্ন হয় । দেশৰ বিভিন্ন ক্ষেত্ৰত বিশিষ্ট লোকসকলে এই অনুষ্ঠানত উপস্থিত থাকে । ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰতি লক্ষ্য ৰাখি অযোধ্যাত নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰা হৈছে ।

লগতে পঢ়ক :২২ ফেব্ৰুৱাৰীত ৰাম মন্দিৰ দৰ্শন কৰিব ৰাজ্যৰ মন্ত্ৰী পৰিষদে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.