ETV Bharat / bharat

এছ জয়শংকৰৰ আমন্ত্ৰণ মৰ্মে দিল্লীত উপস্থিত বাংলাদেশৰ হাছান মাহমুদ

author img

By ANI

Published : Feb 7, 2024, 7:54 AM IST

Bangladesh FM Mahmud India visit : বাংলাদেশত নতুন চৰকাৰ গঠনৰ পাচত প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণৰ বাবে দিল্লীত উপস্থিত হয় বৈদেশিক মন্ত্ৰী হাছান মাহমুদ । বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ আমন্ত্ৰণ মৰ্মে হাছান মাহমুদ আহিছে ভাৰতলৈ ।

Bangladesh FM Mahmud India visit
বুধবাৰে নতুন দিল্লীত উপস্থিত হয় বাংলাদেশৰ বৈদেশিক মন্ত্ৰী হাছান মাহমুদ

নেশ্যনেল ডেস্ক, ৭ ফেব্ৰুৱাৰী : বুধবাৰে নতুন দিল্লীত উপস্থিত হয় বাংলাদেশৰ বৈদেশিক মন্ত্ৰী হাছান মাহমুদ । বাংলাদেশৰ বৈদেশিক মন্ত্ৰীগৰাকীক ভাৰত ভ্ৰমণৰ প্ৰথমটো আনুষ্ঠানিক ভ্ৰমণত আদৰণি জনোৱা হয় । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ চৰকাৰী মুখপাত্ৰ ৰণধীৰ জয়ছৱালে X যোগে সদৰী কৰিছে এই তথ্য ।

এই ভ্ৰমণে ভাৰত আৰু বাংলাদেশৰ মাজত শক্তিশালী অংশীদাৰিত্বক আৰু অধিক গতি প্ৰদান কৰিব বুলি তেওঁ উল্লেখ কৰে । লগতে তেওঁ কয়, ‘‘বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ আমন্ত্ৰণত মাহমুদে ভাৰত ভ্ৰমণ কৰিছে’’ ৷

ঐতিহাসিক বিজয়ৰ পিচত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই নতুন চৰকাৰৰ শপত গ্ৰহণ কৰাৰ পিচত মাহমুদৰ এয়া প্ৰথমটো বিদেশ ভ্ৰমণ । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়, ‘‘মাহমুদৰ ভাৰত ভ্ৰমণৰ ফলত দুয়োখন দেশে তেওঁলোকৰ দ্বিপাক্ষিক সম্পৰ্কৰ ওপৰত অধিক গুৰুত্ব আৰু অগ্ৰাধিকাৰ দিয়া প্ৰতিফলিত হৈছে’’ ।

Bangladesh Foreign Minister Hasan Mahmud arrives in Delhi

৭-৯ ফেব্ৰুৱাৰীৰ দেশ ভ্ৰমণৰ সময়ত বাংলাদেশৰ মন্ত্ৰী হাছান মাহমুদে জয়শংকৰক সাক্ষাৎ কৰি এক আলোচনাত মিলিত হ’ব ৷ য’ত তেওঁলোকে দ্বিপাক্ষিক সম্পৰ্কৰ বিস্তৃত পৰিসৰৰ অগ্ৰগতি পৰ্যালোচনা কৰিব আৰু ভৱিষ্যতে যোগাযোগৰ বাবে এক কাৰ্যসূচী ৰচনা কৰিব । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উমৈহতীয়া স্বাৰ্থৰ উপ-আঞ্চলিক, আঞ্চলিক আৰু বহুপক্ষীয় বিষয়সমূহৰ ওপৰতো মত বিনিময় কৰিব বুলি জানিব পৰা গৈছে ।

চলিত বৰ্ষৰ জানুৱাৰী মাহৰ আৰম্ভণিতে যুগাণ্ডাৰ কাম্পালাত অনুষ্ঠিত হোৱা গোটনিৰপেক্ষ আন্দোলনৰ(ANAM) সন্মিলনৰ আঁৰত জয়শংকৰে বাংলাদেশৰ সমকক্ষ মাহমুদক সাক্ষাৎ কৰিছিল । মাহমুদে কয় যে ভাৰত-বাংলাদেশৰ সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে জয়শংকৰৰ সৈতে তেওঁৰ গুৰুত্বপূৰ্ণ আলোচনা হৈছিল ।

উল্লেক্য যে, দক্ষিণ-পূব বাংলাদেশৰ চট্টগ্ৰামৰ পৰা অহা হাছান মাহমুদে ২০০৯-২০১৪ চনলৈকে শ্বেখ হাচিনাৰ দ্বিতীয়টো কাৰ্যকালত উপ-বিদেশ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । যোৱা ৭ জানুৱাৰীত অনুষ্ঠিত হোৱা নিৰ্বাচনত হাছিনাৰ দল আৱামী লীগে ২২৩খন আসন লাভ কৰি চৰকাৰ গঠন কৰে ।

ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনোৱাৰ পিচতে আৱামি লীগ চৰকাৰে ৩৬ জনীয়া মন্ত্ৰীসভাৰ নাম প্ৰস্তাৱ কৰে । বাংলাদেশ জাতীয়তাবাদী পাৰ্টী (বিএনপি), জামাত-ই-ইছলামী আৰু সমমনা দলসমূহে নিৰ্বাচন বৰ্জন কৰি সমগ্ৰ দেশতে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাৰ সময়তে এই নিৰ্বাচন অনুষ্ঠিত হয় ।

লগতে পঢ়ক : এনচিপিৰ অজিত পাৱাৰ গোটহে মূল: সিদ্ধান্ত দিলে নিৰ্বাচন আয়োগে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.